ETV Bharat / bharat

হিমাচল প্ৰদেশত প্ৰসাধন কাৰখানাত অগ্নিকাণ্ড; হতাহত ৩১

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 7:14 AM IST

Updated : Feb 3, 2024, 9:20 AM IST

Fire at Solan Cosmetic Factory : চোলান জিলাৰ ঔদ্যোগিক এলেকাৰ এটা প্ৰসাধন সামগ্ৰীৰ কাৰখানাত এক ডাঙৰ অগ্নিকাণ্ড সংঘটিত হয় । দুৰ্ঘটনাটোৰ সময়ত ৭০-৮০ গৰাকী শ্ৰমিকে কাৰখানাটোত কাম কৰি আছিল । ৩০ গৰাকী শ্ৰমিকক তাৰ পৰা উদ্ধাৰ কৰা হয় । তাৰে মাজৰ এজনৰ মৃত্যু হয় । আনহাতে, ৯ জন লোকৰ সন্ধান এতিয়াও চলি আছে । অগ্নিকাণ্ডৰ তথ্য লাভ কৰাৰ লগে লগে স্বাস্থ্য মন্ত্ৰী ধনীৰাম শণ্ডিল ঘটনাস্থলীত উপস্থিত হয় ।

Fire at Solan Cosmetic Factory
হিমাচল প্ৰদেশত প্ৰসাধন কাৰখানাত অগ্নিকাণ্ড

নিউজ ডেস্ক, ৩ ফেব্ৰুৱাৰী : হিমাচল প্ৰদেশৰ চোলানৰ এটা প্ৰসাধন কাৰখানাত ভয়ানক অগ্নিকাণ্ড সংঘটিত হয় । তথ্য অনুসৰি, চোলানৰ বড্ডি ঔদ্যোগিক এলেকাৰ ঝাদমাজৰীত অৱস্থিত এটা প্ৰসাধন সামগ্ৰী নিৰ্মাণ কাৰখানাত এই অগ্নিকাণ্ড সংঘটিত হয় । অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই । প্ৰাপ্ত তথ্য মতে, অগ্নিকাণ্ডটোৰ সময়ত ৭০-৮০ গৰাকী শ্ৰমিকে কাৰখানাটোত কাম কৰি আছিল । তাৰে মাজৰ আহত ৩০ গৰাকীক উদ্ধাৰ কৰা হয় । আনহাতে, এজন আহতৰ মৃত্যু হয় । ইফালে ৯ গৰাকী লোকৰ এতিয়াও সন্ধান চলি আছে ।

জানিব পৰা মতে, কাৰখানাটোত সংঘটিত অগ্নিকাণ্ডৰ জুই এতিয়াও সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই । এছডিআৰএফ, এনডিআৰএফ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলে নিশাৰে পৰা নিৰন্তৰভাৱে জুই নুমুৱাবলৈ চেষ্টা কৰি আছে । কিন্তু ৰাসায়নিক পদাৰ্থৰ বাবে জুই এতিয়াও কাৰখানাৰ ভিতৰত দেখা গৈছে । কোম্পানীটোৰ মেনেজাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে । ইফালে ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰাৰ লগে লগে স্বাস্থ্য মন্ত্ৰী ধনীৰাম শণ্ডিল ঘটনাস্থলীত উপস্থিত হয় । লগতে তেওঁ চিকিৎসালয়ত ভৰ্তি হোৱা আহতসকলৰ স্বাস্থ্যৰো বুজ লয় ।

তেওঁৰ সৈতে মুখ্য সংসদীয় সচিব ৰাম কুমাৰ চৌধুৰীও ঘটনাস্থলীত উপস্থিত হয় । ঘটনাস্থলী পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ঘটনাৰ লগত জড়িত অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

ধনীৰাম শণ্ডিলে লগতে চোলান জিলা দণ্ডাধীশ মনমোহন শৰ্মা, আৰক্ষী আৰু এন ডি আৰ এফৰ বিষয়াৰ পৰা দুৰ্ঘটনাটোৰ সম্পূৰ্ণ বিৱৰণ লয় আৰু সাহায্য আৰু উদ্ধাৰ অভিযান সন্দৰ্ভত নিৰ্দেশনা প্ৰদান কৰে । ইয়াৰ উপৰি স্বাস্থ্য মন্ত্ৰীগৰাকী ঘটনাটোত আহতসকলৰ অৱস্থাৰ বুজ ল'বলৈ চিকিৎসালয়ত উপস্থিত হয় । ইফালে মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে জিলা প্ৰশাসনক সাহায্য আৰু উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে চলাবলৈ আৰু আহতসকলক সঠিক চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ তদন্তৰো নিৰ্দেশ দিয়ে । তদন্ত প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি অপৰাধীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ প্ৰকাশ কৰে ।

তথ্য অনুসৰি, দুৰ্ঘটনাটোৰ সময়ত ৭০-৮০ গৰাকী শ্ৰমিক কাৰখানাটোত আবদ্ধ হৈ পৰে । তাৰে মাজৰ 30 গৰাকী শ্ৰমিকক উদ্ধাৰ কৰা হয় । ৰাজ্য প্ৰশাসনৰ দলবোৰ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানৰ তদাৰক কৰে । চোলান জিলা আয়ুক্ত মনমোহন শৰ্মাই নিজে গৈ ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় । ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ আপ্ৰণ চেষ্টা কৰাৰ লগতে ভিতৰত আবদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ চেষ্টা চলায় ।

আনহাতে, জিলা প্ৰশাসনে এতিয়াও দাবী কৰি আছে যে প্ৰায় 8 জন লোক ভিতৰত আবদ্ধ হৈ আছে । তেওঁলোকক বচাবলৈ উদ্ধাৰ অভিযান চলি আছে । প্ৰশাসনৰ পৰা এতিয়ালৈকে লাভ কৰা তথ্য অনুসৰি, ৩০ জন লোকক উদ্ধাৰ কৰা হৈছে । তেওঁলোকৰ এজনৰ মৃত্যু হৈছে আৰু ২৯ জন আহতক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

কাৰখানাটোত জুই নুমুৱাবলৈ অগ্নি নিৰ্বাপক বাহিনীৰ ৬০ খনতকৈও অধিক বাহন ঘটনাস্থলীত উপস্থিত হৈছে । ইফালে দুৰ্ঘটনাটো সন্দৰ্ভত এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে । চোলানৰ এডিচি অজয় যাদৱে ইয়াৰ তদন্ত কৰিব । আনহাতে, বাৰোটিৱালা আৰক্ষী থানাত কোম্পানীটোৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে অৱহেলাৰ গোচৰ ৰুজু কৰা হৈছে । চোলান আৰক্ষীয়ে জনোৱা মতে, কাৰখানাটোত কোনো ধৰণৰ নিৰাপত্তা ব্যৱস্থা নাছিল ।

লগতে পঢ়ক :ৰন্ধন গেছেই হ’ল কাল; একেলগে প্ৰাণ হেৰুৱালে 4 জনকৈ লোকে

Last Updated : Feb 3, 2024, 9:20 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.