ETV Bharat / bharat

সম্পত্তিৰ বাবেই তিনিমহীয়া সন্তানক হত্যা পিতৃৰ

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 9:14 PM IST

Father Kills 3 Months Daughter: সম্পত্তিৰ ভাগ দিব লাগিব বুলিয়েই তিনিমহীয়া সন্তানক হত্যা কৰিলে পিতৃয়ে ৷ দ্বিতীয়া পত্নীৰ পৰা বিচৰা নাছিল সন্তান ৷ সুযোগ বুজি হত্যা কৰিলে নিজ সন্তানক ৷

Father Kills Daughter
তিনিমহীয়া সন্তানক হত্যা পিতৃৰ

মুজাফৰনগৰ, 26 জানুৱাৰী: উত্তৰ প্ৰদেশত সংঘটিত হ’ল এক লোকহৰ্ষক ঘটনা ৷ নিজ পিতৃয়ে হত্যা কৰিলে এটি তিনিমহীয়া সন্তানক ৷ সম্পত্তিৰ ভাগ দিব লাগিব বুলিয়েই কণমানি সন্তানটিক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে নিজ পিতৃৰ বিৰুদ্ধে ৷

শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মুজাফৰনগৰ জিলাত সংঘটিত হয় লোমহৰ্ষক, অমানৱীয় ঘটনাটো ৷ ইতিমধ্যে মৃত কণমানিটিৰ পিতৃক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ মৃত কণমানিটিৰ মাতৃয়ে অভিযোগ কৰা অনুসৰি শুকুৰবাৰে পুৱা তিনিমহীয়া কণমানি ছোৱালীজনী খেলি আছিল যদিও হঠাৎ শুই পৰে ৷ বহু সময়লৈকে কণমানিটিয়ে সাৰ নোপোৱাত মাতৃয়ে তাইক জগাই দিবলৈ চেষ্টা কৰিছিল যদিও সাৰপোৱা নাছিল তিনিমহীয়া সন্তানটিয়ে । অৱশেষত কণমানিটিৰ মাতৃয়ে ভয় খাই চিকিৎসকৰ ওচৰলৈ লৈ যায় নিদ্ৰাৰত সন্তানটিক ৷ চিকিৎসালয়ত চিকিৎসকে সন্তানটিক মৃত ঘোষণা কৰে ।

ইয়াৰ পিচতে সন্তানটিৰ মাতৃৰ অভিযোগৰ ভিত্তিত মুজাফৰনগৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অভিযুক্ত পিতৃক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীৰ সোধপোছৰ সময়ত হত্যাকাৰী পিতৃয়ে স্বীকাৰ কৰে যে তেওঁ দ্বিতীয় পত্নীৰ পৰা সন্তান বিচৰা নাছিল ৷ তদুপৰি তেওঁৰ প্ৰথমা পত্নীৰ পাঁচটা সন্তানৰ বাহিৰে আন কাকো তেওঁৰ সম্পত্তিত অংশীদাৰ হোৱাটো বিচৰা নাছিল ৷ সেয়েহে তেওঁ দ্বিতীয়া পত্নীৰ সন্তানক নৃশংসভাৱে হত্যা কৰে ।

হত্যাকাণ্ডটো মুজাফৰনগৰৰ বুধনা কোটৱালী অঞ্চলত সংঘটিত হয় । ঘটনা সন্দৰ্ভত মুজাফৰনগৰৰ আৰক্ষী অধীক্ষক সঞ্জয় কুমাৰে কয় যে মৃত কন্যা সন্তানটিৰ মাতৃ চাজিদাৰ অভিযোগৰ ভিত্তিত অভিযুক্ত গুলশ্বৰৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হয় আৰু তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে । আৰক্ষীক দিয়া স্বীকাৰোক্তিত হত্যাকাৰী পিতৃয়ে অপৰাধ স্বীকাৰ কৰিছে ।

হত্যাকাৰী পিতৃ গুলশ্বেৰে নিজ সম্পত্তিৰ অংশদাৰী বৃদ্ধি হোৱাটো বিচৰা নাছিল । সেয়েহে তেওঁ দ্বিতীয়া পত্নীৰ সন্তানটোক বেয়া পাইছিল আৰু সুযোগ পোৱাৰ লগে লগে নৃশংসভাৱে হত্যা কৰে ।

লগতে পঢ়ক: মনোজ শুক্লা হত্যাকাণ্ডত লগত জড়িত 11 জনক আজীৱন কাৰাদণ্ডৰ ৰায় আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.