ETV Bharat / bharat

১৫ ৰাজ্যৰ ৰাজ্যসভাৰ নিৰ্বাচন; ২৭ ফেব্ৰুৱাৰীত ৫৬ খন আসনৰ নিৰ্বাচন

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 4:39 PM IST

15 States RS Elections 2024 : ভাৰতৰ নিৰ্বাচন আয়োগে সোমবাৰে ৰাজ্যসভাৰ ৫৬ খন আসনৰ বাবে নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে । ভোটদান আৰু গণনা ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ।

২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন
২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন

নিউজ ডেস্ক, ২৯ জানুৱাৰী : ভাৰতৰ নিৰ্বাচন আয়োগে সোমবাৰে ১৫ খন ৰাজ্যৰ ৫৬ খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে । এই নিৰ্বাচন ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব আৰু ভোটগণনাও একেদিনাই অনুষ্ঠিত হ'ব ।

নিৰ্বাচন আয়োগৰ জাননী অনুসৰি, ইয়াৰ বাবে মনোনয়ন দাখিল পৰ্ব ৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব । "১৫ খন ৰাজ্যৰ ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ১৫ ফেব্ৰুৱাৰী । আনহাতে, মনোনয়ন পত্ৰৰ পৰীক্ষা পিছদিনা অৰ্থাৎ ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ।" নিৰ্বাচন আয়োগে জাননীখনত কয় ।

আনহাতে, নিৰ্বাচন আয়োগে মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ২০ ফেব্ৰুৱাৰী নিৰ্ধাৰণ কৰিছে । "অহা ২৭ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈ দেশৰ উচ্চ সদনৰ ৫৬ খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু একেদিনাই সন্ধিয়া ৫ বজাত ভোটগণনা অনুষ্ঠিত হ'ব ।" নিৰ্বাচন আয়োগৰ জাননীত লগতে কোৱা হৈছে ।

উল্লেখ্য যে নিৰ্বাচনী পেনেলৰ পত্ৰ অনুসৰি, উত্তৰ প্ৰদেশত অহা 2 এপ্ৰিলত সৰ্বাধিক সংখ্যক ১০ গৰাকী ৰাজ্যসভাৰ সাংসদে অৱসৰ গ্ৰহণ কৰিব । ইয়াৰ পিছত আছে মহাৰাষ্ট্ৰ আৰু বিহাৰৰ ছয়গৰাকী সাংসদ, মধ্যপ্ৰদেশ আৰু পশ্চিমবংগৰ পৰা পাঁচগৰাকী, কৰ্ণাটক আৰু গুজৰাটৰ পৰা চাৰিগৰাকীকৈ সাংসদ, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ তিনিগৰাকীকৈ আৰু হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু ছত্তীশগড়ৰ পৰা এগৰাকীকৈ সাংসদে অৱসৰ গ্ৰহণ কৰিব ।

ইফালে ওড়িশা আৰু ৰাজস্থানৰ পৰা 3 এপ্ৰিলত তিনিগৰাকী ৰাজ্যসভাৰ সাংসদে অৱসৰ গ্ৰহণ কৰিব । ৰাজ্যসভা হৈছে দেশৰ সংসদৰ উচ্চ সদন ।

লগতে পঢ়ক :বাজেট অধিবেশনৰ পূৰ্বে মঙলবাৰে সৰ্বদলীয় বৈঠক আহ্বান চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.