ETV Bharat / bharat

বাজেট অধিবেশনৰ পূৰ্বে মঙলবাৰে সৰ্বদলীয় বৈঠক আহ্বান চৰকাৰৰ

author img

By PTI

Published : Jan 29, 2024, 2:13 PM IST

Budget session 2024 : সংসদৰ প্ৰতিখন অধিবেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠক আহ্বান জনোৱাটো এক পৰম্পৰা । তাত বিভিন্ন দলৰ নেতাসকলে সংসদত উত্থাপন কৰিব বিচৰা বিষয়বোৰৰ ওপৰত আলোকপাত কৰে আৰু চৰকাৰে অধিবেশনৰ কাৰ্যসূচীৰ ওপৰত এক আভাস প্ৰদান কৰে ।

মঙলবাৰে সৰ্বদলীয় বৈঠক আহ্বান চৰকাৰৰ
মঙলবাৰে সৰ্বদলীয় বৈঠক আহ্বান চৰকাৰৰ

নিউজ ডেস্ক, ২৯ জানুৱাৰী : বুধবাৰৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেট অধিবেশন । এই বাজেট অধিবেশনৰ পূৰ্বে মঙলবাৰে সংসদৰ মজিয়াত বিভিন্ন দলৰ নেতাসকলৰ এক বৈঠক আহ্বান কৰিছে চৰকাৰে ।

উল্লেখ্য যে সংসদৰ প্ৰতিখন অধিবেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠক আহ্বান জনোৱাটো এক পৰম্পৰাগত প্ৰথা । কিয়নো বিভিন্ন দলৰ নেতাসকলে তেওঁলোকে সংসদত উত্থাপন কৰিব বিচৰা বিষয়বোৰৰ ওপৰত এই বৈঠকত আলোকপাত কৰে । আনহাতে, চৰকাৰে তেওঁলোকক অধিবেশনৰ কাৰ্যসূচীৰ ওপৰত এক আভাস প্ৰদান কৰে আৰু তেওঁলোকৰ পৰা সহযোগিতা বিচাৰে ।

উল্লেখ্য যে কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বিতীটো কাৰ্যকালৰ এইখন হৈছে অন্তিম বাজেট অধিবেশন । অহা ৩১ জানুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ চলিব এই অধিবেশন । আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিত এই অধিবেশন চমু অধিবেশন হ'ব । বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভা নিৰ্বাচনৰ পূৰ্বে অহা ১ ফেব্ৰুৱাৰীত অন্তৰ্ৱৰ্তীকালীন বাজেট উত্থাপন কৰিব । লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আগন্তুক বিত্তীয় বৰ্ষৰ বাবে এই বাজেট অন্তৰ্ৱৰ্তীকালীন বাজেট হ'ব আৰু নতুন চৰকাৰে সম্পূৰ্ণ বাজেট উপস্থাপন কৰিব ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আৰম্ভ হ'ব এই বাজেট অধিবেশন ।

উল্লেখ্য যে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত পূৰ্ণাংগ বাজেট উত্থাপন নকৰিলেও লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই বাজেটত বিত্ত মন্ত্ৰী নিৰ্মলা সীমাৰমণে ভোটাৰক আকৃষ্ট কৰিবলৈ চেষ্টা কৰাৰ পূৰ্বানুমান কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে । যদিও পোনপটীয়াকৈ কোনো আঁচনি ইয়াত ঘোষণাৰ কোনো পৰম্পৰা নাই, তথাপিও বাজেটে সৰ্বসাধাৰণক সকাহ দিয়াৰ বাবে চেষ্টা চলাব বুলিও অনুমান কৰা হৈছে ।

লগতে পঢ়ক :দিল্লীত সপ্তম সংখ্যক ’পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.