ETV Bharat / bharat

তৃণমূল নেতা শ্বাহজাহান শ্বেখক জেৰা চলোৱাৰ অনুমতি পালে ইডিয়ে - Sheikh Shahjahans land grab case

author img

By ANI

Published : Mar 31, 2024, 10:24 AM IST

ED takes custody of Sheikh Shahjahan in land grab case
তৃণমূল নেতা শ্বাহজাহান শ্বেখক জেৰা চলোৱাৰ অনুমতি পালে ইডিয়ে

Sheikh Shahjahan: তৃণমূল নেতা শ্বাহজাহান শ্বেখক জেৰা কৰিব ইডিয়ে ৷ শ্বাহজাহানৰ বিৰুদ্ধে বিত্তীয় দুৰ্নীতিৰ কেইবাটাও অভিযোগ উত্থাপন হৈছে ৷

নেশ্যনেল ডেস্ক, 31 মাৰ্চ: ইডিয়ে সন্দেশখালীৰ অভিযুক্ত এতিয়া নিলম্বিত টিএমচিৰ নেতা শ্বাহজাহান শ্বেখক ভূমি দখল গোচৰৰ সন্দৰ্ভত জেৰা কৰে । ইডিৰ সূত্ৰই জানিবলৈ দিয়া মতে শ্বাহজাহানে পশ্চিমবংগৰ সন্দেশখালী অঞ্চলৰ কেইবাখনো মাটি বলপূৰ্বকভাৱে দখল কৰাৰ অভিযোগ উত্থাপন হৈছে ।

ইডিয়ে মিছামাছ আমদানি আৰু ৰপ্তানি ব্যৱসায়তো বহুতো অবৈধ বিত্তীয় লেনদেনৰ তথ্য লাভ কৰে বুলি জনায় । ইডিয়ে তেওঁৰ বিৰুদ্ধে দুটা এনফ’ৰ্চমেণ্ট কেছ ইনফৰ্মেশ্যন ৰিপ’ৰ্ট (ইচিআইআৰ) দাখিল কৰে । এটা ই আৰ আই চি ৰেচন (পি ডি এছ) দুৰ্নীতিৰ সন্দৰ্ভত আছিল, যাৰ উৎস বংগৰ প্ৰাক্তন খাদ্য মন্ত্ৰী জ্যোতিপ্ৰিয়ৰ্য মল্লিকে লিখা এখন পত্ৰত পোৱা গৈছিল ।

আনটো ৰপ্তানি-আমদানি ব্যৱসায়ৰ অবৈধ লেনদেনৰ সন্দৰ্ভত দাখিল কৰা হৈছিল । এই ইচিআইআৰত বলপূৰ্বকভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ আছে । ইডিৰ সূত্ৰ অনুসৰি শনিবাৰে শ্বাহজাহানক ভূমি দখলৰ অভিযোগৰ সৈতে জড়িত দ্বিতীয় ইআৰচিত জেৰা কৰা হয় ।

ইয়াৰ পূৰ্বে সন্দেশখালী বলবৎকাৰী সঞ্চালকালয়ৰ (ইডি) আক্ৰমণৰ গোচৰত নিলম্বিত টিএমচি নেতা শ্বাহজাহান শ্বেখক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল । ইয়াৰ পূৰ্বে কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত কলকতা আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে শ্বাহজাহান শ্বেখৰ জিম্মা চিবিআইক অৰ্পণ কৰে ।

ৰাজ্যখনৰ আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰিছিল বুলি আদালতে কয় । প্ৰায় দুমাহ ধৰি বন্দীত্বৰ পৰা হাত সাৰি থকাৰ অভিযোগত নিলম্বিত টিএমচিৰ নেতাজনক 29 ফেব্ৰুৱাৰীত পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । উত্তৰ ২৪ পৰগনা জিলাৰ সন্দেশখালীৰ মহিলাসকলে শ্বাহজাহান আৰু তেওঁৰ সহায়কসকলৰ বিৰুদ্ধে গুৰুতৰ অত্যাচাৰৰ অভিযোগ উত্থাপন কৰি আহিছে ।

একাধিক মহিলাই শ্বাহজাহান আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে ভূমি দখল আৰু যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক: শ্বাহজাহান শ্বেখক ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.