ETV Bharat / bharat

অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সচিবৰ বাসগৃহসহ ১২ স্থানত ইডিৰ অভিযান

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 1:10 PM IST

Money laundering case: ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সচিব আৰু আম আদমি পাৰ্টীৰ সৈতে জড়িত নেতাসকলৰ বিৰুদ্ধে ইয়াৰ অবৈধ ধন সৰবৰাহৰ তদন্তৰ অংশ হিচাপে অভিযান চলাইছে ।

Money laundering case
অবৈধ ধন সৰবৰাহৰ তদন্ত

নেশ্য়নেল ডেস্ক , ৬ ফেব্ৰুৱাৰী: দিল্লীত সুৰা কেলেংকাৰী সন্দৰ্ভত সোধা-পোছাৰ বাবে প্ৰৱৰ্তন সঞ্চালকালয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চমন জাৰি কৰিছে । কিন্তু এতিয়ালৈকে তেওঁ এই অনুসন্ধানত সহযোগ কৰা নাই । মঙলবাৰে ইডিয়ে দিল্লী এনচিআৰৰ ১২টাৰো অধিক স্থানত এই অবৈধ ধন সৰবৰাহৰ গোচৰ সন্দৰ্ভত তালাচী আৰম্ভ কৰিছে । ইয়াৰ ভিতৰত আছে আম আদমি পাৰ্টীৰ এজন সাংসদ আৰু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সচিবৰ বাসগৃহত ।

আম আদমি পাৰ্টীৰ নেতা আৰু দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশীয়ে ইডিৰ অভিযান সন্দৰ্ভত কয় যে এই অভিযান কেৱল ভয় খুৱাবলৈহে কৰা হৈছে । আম আদমি পাৰ্টীয়ে এদিন পূৰ্বেই উল্লেখ কৰিছিল যে মঙলবাৰে পুৱা ১০ বজাত তেওঁলোকে ইডিৰ বিৰুদ্ধে এক বিস্ফোৰক তথ্য় প্ৰকাশ কৰিব । ইডি এই সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ইডিৰ বিষয়াসকলে এই সংবাদমেলখন কি বিষয়ত অনুষ্ঠিত হ'ব সেই বিষয়ে জানিব বিচাৰে । কিন্তু তেওঁলোকে কোনো তথ্য পোৱা নাছিল । সেয়েহে আজি কেৱল এই বিষয়টো সলনি কৰিবলৈ আম আদমি পাৰ্টীৰ নেতাসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা বুলি ক্ষোভেৰে কয় আম আদমি পাৰ্টীৰ নেতা আতিশীয়ে ।

ইডি দলটোৱে পুৱা ধন আত্মসাতৰ গোচৰত নৱ নিৰ্বাচিত আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সদস্য এন ডি গুপ্তাৰ চৰকাৰী বাসভৱনত উপস্থিত হয় । ইডি দলটোৱে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সচিব বিভৱ কুমাৰৰ ঘৰতো চলাইছে অভিযান । ইপিনে, দিল্লী জল বোৰ্ডৰ প্ৰাক্তন সদস্য শলভ কুমাৰৰ বিৰুদ্ধেও ইডিৰ অভিযান মঙলবাৰে পুৱাই আৰম্ভ হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, এই অভিযানৰ দিল্লী এনচিআৰৰ ১২ টা স্থানত একেলগে আৰম্ভ হৈছে । ইডিয়ে সুৰা কেলেংকাৰীৰ পৰা দিল্লী জল বোৰ্ড কেলেংকাৰীলৈকে গোচৰটোৰ তদন্ত কৰি আছে ।

এন ডি গুপ্তা ইয়াৰ আৰম্ভণিৰ পৰাই আম আদমি পাৰ্টীৰ সৈতে জড়িত আছিল আৰু তেওঁ এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট । আম আদমি পাৰ্টীৰ পুঁজি আদিৰ কাম তেওঁলোকৰ তত্বাৱধানত কৰা হয় । মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সচিব বিভৱ কুমাৰকো সুৰা কেলেংকাৰীৰ সন্দৰ্ভত ইডিয়ে সোধা-পোছা কৰিছে । ইয়াৰ পূৰ্বে যোৱা বছৰ ফেব্ৰুৱাৰীত ইডিয়ে বিভৱক সোধা-পোছাৰ বাবে জাননী প্ৰদান কৰিছিল আৰু তাৰ পিছত তেওঁক কাৰ্যালয়লৈ তলব কৰিছিল ।

ইডিয়ে দিল্লী জল বোৰ্ডৰ সদস্য শলভ কুমাৰৰ ঘৰত অভিযান আৰম্ভ কৰিছে । দিল্লী জল বোৰ্ড কেলেংকাৰীত, বিল পৰিশোধৰ পৰা আৰম্ভ কৰি কাৰ্যালয়ত স্বয়ংক্ৰিয় ভেণ্ডিং মেচিন স্থাপন আৰু পানীৰ মিটাৰ ক্ৰয়লৈকে গোচৰ সতৰ্কতা বিভাগ আৰু চিবিআইত পঞ্জীয়ন কৰা হৈছে । তেওঁৰ বিৰুদ্ধেও তদন্ত চলি আছে ।

লগতে পঢ়ক:মনীষ ছিছোডিয়াক আদালতৰ সকাহ, সপ্তাহত এবাৰ অসুস্থ পত্নীক লগ পোৱাৰ অনুমতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.