ETV Bharat / bharat

নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ বিষয়ে নিউজীলেণ্ডৰ বিদেশ মন্ত্ৰীৰে আলোচনা জয়শংকৰৰ

author img

By ANI

Published : Mar 13, 2024, 8:56 AM IST

নিউজীলেণ্ডৰ বিদেশ মন্ত্ৰীৰে আলোচনা জয়শংকৰৰ
নিউজীলেণ্ডৰ বিদেশ মন্ত্ৰীৰে আলোচনা জয়শংকৰৰ

New Zealand FM Winston Peters : নিউজীলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী উইনষ্টন পিটাৰ্ছ সোমবাৰে সন্ধিয়া নতুন দিল্লীত উপস্থিত হয় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ আমন্ত্ৰণত তেওঁ ১০-১৩ মাৰ্চলৈ ভাৰতলৈ চৰকাৰী ভ্ৰমণলৈ আহিছে ।

নিউজ ডেস্ক, ১৩ মাৰ্চ : বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মঙলবাৰে নিউজীলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী উইনষ্টন পিটাৰ্ছৰ সৈতে এক বৈঠকত মিলিত হয় । এই 'গঠনমূলক' বৈঠকত কমনৱেলথ আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (ইউএনএছচি) সংস্কাৰৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰে ।

"আজি সন্ধিয়া নিউজীলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী উইনষ্টন পিটাৰ্ছৰ সৈতে উষ্ণ আৰু গঠনমূলক বৈঠক অনুষ্ঠিত হয় । আমাৰ ৰাজনৈতিক, বাণিজ্য আৰু অৰ্থনৈতিক, নিৰাপত্তা, সংযোগ, গতিশীলতা, শিক্ষা আৰু মানুহৰ সৈতে মানুহৰ সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰত সন্মত হয় ।" জয়শংকৰে এক্সত পোষ্ট কৰিছে ।

"দ্বিপাক্ষিক বৈঠকত যোগদান কৰাৰ বাবে নিউজিলেণ্ডক স্বাগতম জনাইছোঁ । কমনৱেলথ আৰু ইউএনএছচি সংস্কাৰৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰা হয় । ইণ্ডো-পেচিফিক আৰু গোলকীয় বিষয়সমূহৰ ওপৰত আমাৰ দৃষ্টিভংগী উত্থাপন হয় ।" তেওঁ লগতে কয় ।

উল্লেখ্য যে নিউজীলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী উইনষ্টন পিটাৰ্ছ সোমবাৰে সন্ধিয়া নতুন দিল্লীত উপস্থিত হয় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ আমন্ত্ৰণত তেওঁ ১০-১৩ মাৰ্চলৈ ভাৰতলৈ চৰকাৰী ভ্ৰমণলৈ আহিছে ।

২০২৩ চনৰ নৱেম্বৰত নিউজীলেণ্ডৰ নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিচত উইনষ্টন পিটাৰ্ছ তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণলৈ আহিছে । তেওঁ ইয়াৰ পূৰ্বে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰত ভ্ৰমণ কৰিছিল । উইনষ্টন পিটাৰ্ছ দেওবাৰে নিশা গুজৰাটৰ আহমেদাবাদত উপস্থিত হয় । সোমবাৰে তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ সৈতে সাক্ষাৎ কৰে ।

ভাৰত আৰু নিউজীলেণ্ডৰ মাজত গণতান্ত্ৰিক পৰম্পৰাৰ সাদৃশ্য আছে । আনহাতে, জনসাধাৰণৰ মাজত শক্তিশালী মূল্যবোধৰ ওপৰত ভিত্তি কৰি উষ্ণ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে । দুয়োখন দেশে বাণিজ্য আৰু অৰ্থনীতি, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, শিক্ষা আৰু গৱেষণা আৰু পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তনকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা সৃষ্টি কৰি আছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিজ্ঞপ্তিটোত এই কথা উল্লেখ কৰা হৈছে ।

উল্লেখ্য যে, ১৯৫২ চনত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক স্থাপন কৰা হৈছিল । নিউজীলেণ্ডে 2011 চনৰ অক্টোবৰ মাহত 'ভাৰতৰ বাবে দুৱাৰ মুকলি' নীতিৰে ভাৰতক এক অগ্ৰাধিকাৰপ্ৰাপ্ত দেশ হিচাপে চিনাক্ত কৰে । 2015 চনত নিউজীলেণ্ডে ইয়াৰ পুনৰাবৃত্তি কৰে ।

লগতে পঢ়ক : কেৱল চীনৰে নহয়, ভাৰতৰো চুবুৰীয়াৰ সৈতে সম্পৰ্ক মধুৰ নহয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.