ETV Bharat / bharat

ছত্তীশগড়ত মাওবাদীৰ সংঘৰ্ষৰ ড্ৰোণ ভিডিঅ’, আক্ৰমণৰ পূৰ্বে সশস্ত্ৰ মাওবাদীৰ অৱস্থান

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 1:49 PM IST

Naxal encounter in Chhattisgarh: ছত্তীশগড়ত নক্সাল সংঘৰ্ষৰ ড্ৰোণ ভিডিঅ’ পোহৰলৈ আহিছে । য’ত শ শ নক্সালবাদীয়ে সংঘৰ্ষৰ বাবে প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে ।

drone-video-of-sukma-naxal-encounter-in-chhattisgarh
ড্ৰোণ ভিডিঅ‘
ছত্তীশগড়ত নক্সাল সংঘৰ্ষৰ ভিডিঅ’

নেশ্যনেল ডেস্ক, 31 জানুৱাৰী : সুকমা জিলাৰ টেকালগুড়াত আৰক্ষী আৰু নক্সালবাদী মুখামুখি সংঘৰ্ষৰ ড্ৰোণ ভিডিঅ’ পোহৰলৈ আহিছে । এই ভিডিঅ’টোত এনকাউণ্টাৰৰ পূৰ্বে হাবিত নক্সালবাদীয়ে স্থান লোৱা দেখা গৈছে । আটাইকেইজনেই বেটেলিয়ন নম্বৰ এক কোম্পানীৰ যোদ্ধা ।

নক্সালবাদী মুখামুখিৰ ড্ৰোণ ভিডিঅ’: তথ্য অনুসৰি এই আক্ৰমণত একেলগে পামেড় আৰু জাগৰগুণ্ডা কিস্তাৰাম আঞ্চলিক সমিতিৰ নক্সালবাদী জড়িত আছিল । ২০০ ৰো অধিক সংখ্যক মাওবাদীয়ে জোৱানসকলক চাৰিও ফালৰ পৰা ঘেৰি ধৰি গুলীচালনা কৰে । দুপৰীয়া ২:০০ বজাৰ পৰা নক্সালবাদীয়ে ঘেৰাও কৰি দুপৰীয়া ২:৩০ বজাত গুলীচালনা আৰম্ভ কৰি জোৱানসকলৰ কাষ চাপিবলৈ আৰম্ভ কৰে । ইয়াৰ প্ৰতিশোধ হিচাপে এজনে কোব্ৰা জোৱানে দুজন নক্সালবাদীক হত্যা কৰে । মৃত্যুৰ পূৰ্বে জোৱানজনে এই কথা তেওঁৰ বিষয়াসকলক জনাইছিল । বস্তৰ জিলাৰ আই জি সুন্দৰৰাজ পিয়েও এই ঘটনাত ৬ জনতকৈ অধিক মাওবাদী নিহত হৈছে বুলি জানিবলৈ দিছে । মৃত্যু হোৱা সকলৰ গাত গুলী লগা দেখিছিল জোৱানসকলে ।

ছত্তীশগড় নক্সালবাদী আক্ৰমণত শ্বহীদ ৩ জোৱান : এই মুখামুখি সংঘৰ্ষৰ ঘটনা ঘটে ছত্তীশগড়ৰ বিজাপুৰ-সুকমা সীমান্তৰ টেকালগুড়াত নতুন শিবিৰ নিৰ্মাণৰ সময়ত । এই এনকাউণ্টাৰত কোব্ৰা বেটেলিয়নৰ ২ জন জোৱান আৰু চি আৰ পি এফৰ ১ জন জোৱান শ্বহীদ হৈছে । লগতে আহত হৈছে ১৫ জন জোৱান । আহত জোৱানসকলক বিমানযোগে জগদলপুৰলৈ প্ৰেৰণ কৰা হৈছে । শ্বহীদ জোৱানৰ মৃতদেহ বিমানেৰে লৈ যোৱা হয় । তেওঁলোকক কৰণপুৰৰ কোব্ৰা শিবিৰত শেষ অভিবাদন জনোৱা হ’ব । তাৰ পিচত সকলোৰে মৃতদেহ তেওঁলোকৰ জন্মগাঁৱলৈ প্ৰেৰণ কৰা হ’ব ।

লগতে পঢ়ক : ছত্তীশগড় সীমান্তত নক্সালবাদীৰ আক্ৰমণ, অসমৰ জোৱান লম্বোদৰ সিংহ ছহীদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.