ETV Bharat / bharat

প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ ! বাতৰি পৰিৱেশনৰ সময়তেই অজ্ঞান হৈ ঢলি পৰিল পৰিৱেশক - News Anchor faints during live

Faints on live TV : প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহত দহিছে দেশৰ ভিন্ন প্ৰান্ত ৷ প্ৰতিকূল পৰিৱেশৰ বাবেই বাতৰি পৰিৱেশনৰ সময়তেই অজ্ঞান হৈ পৰিল ৰাষ্ট্ৰীয় সম্প্ৰচাৰক দূৰদৰ্শনৰ এগৰাকী ঘোষক ৷ ঘোষকগৰাকী বাংলা দূৰদৰ্শনৰ লোপামুদ্ৰা সিনহা ৷

Doordarshan Bangla news anchor faints during live show while giving updates on heatwaves
প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ! বাতৰি পৰিৱেশনৰ সময়তেই অজ্ঞান হৈ পৰিল ঘোষক
author img

By ETV Bharat Assamese Team

Published : April 22, 2024 at 9:20 AM IST

2 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, 22 এপ্ৰিল: বতৰৰ বতৰা পঢ়ি থাকোতেই অজ্ঞান হৈ পৰিল ৰাষ্ট্ৰীয় সম্প্ৰচাৰক দূৰদৰ্শনৰ এগৰাকী ঘোষক ৷ ঘোষকগৰাকী হৈছে বাংলা দূৰদৰ্শনৰ লোপামুদ্ৰা সিনহা ৷ পশ্চিমবংগৰ দিনটোৰ তাপমান পঢ়ি থাকোতে হঠাতে অজ্ঞান হৈ ঢলি পৰে ঘোষকগৰাকী ৷ লগে লগে ষ্টুডিঅ’ তথা কাৰ্যালয়ত সৃষ্টি হয় হৈ চৈ পৰিস্থিতিৰ ৷

লোপামুদ্ৰা সিনহা বাংলা দূৰদৰ্শনৰ সমান্তৰালভাৱে এগৰাকী অভিনেত্ৰী আৰু ডিজিটেল ক্ৰিয়েটৰগৰাকীয়ে যোৱা বৃহস্পতিবাৰে এনেদৰে হঠাতে অজ্ঞান হৈ পৰে বুলি জানিব পৰা গৈছে ৷ বৰ্তমান সুস্থ হৈ উঠা লোপামুদ্ৰা সিনহাই সকলোকে সতেজ হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে এনে প্ৰতিকূল বতৰৰ বিৰুদ্ধে যুঁজিবলৈ সকলোকে অনুৰোধ জনায় ।

ঘোষকগৰাকীয়ে বতৰৰ বাতৰি পৰিৱেশন কৰি থাকোঁতে হঠাতে টেলিপ্ৰমটাৰটোৰ আখৰবোৰ পঢ়িবলৈ অসুবিধা পাইছিল বুলি পৰৱৰ্তী সময়ত জনায় । লগতে সিনহাই হঠাতে ৰক্তচাপ হ্ৰাস পোৱাৰ বাবে অসুস্থ হৈ পৰা বুলি জানিবলৈ দিয়ে । অজ্ঞান হোৱাৰ পূৰ্বে দিনটোৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন উষ্ণতা পঢ়ি থকা সময়ত সিনহাৰ কণ্ঠ ম্লান পৰি অহা পৰিলক্ষিত হৈছিল ।

শীত-তাপ নিয়ন্ত্ৰিত ষ্টুডিঅ’টোও অত্যন্ত গৰম হৈ পৰিছিল বুলি উল্লেখ কৰাৰ লগতে সিনহাই ফেচবুক পোষ্টযোগে কয়, “মই কেতিয়াও পানীৰ বটল এটাও লগত নাৰাখো । মোৰ 21 বছৰীয়া কেৰিয়াৰত বাতৰি সম্প্ৰচাৰৰ সময়ত পানীৰ চুমুক দিয়াৰ প্ৰয়োজনীয়তা মই কেতিয়াও অনুভৱ কৰা নাই । কিন্তু, বাতৰিটোৰ সম্প্ৰচাৰ শেষ হ’বলৈ 15 মিনিট বাকী থকাৰ সময়ত মই মুখ শুকান শুকান অনুভৱ কৰিলো । যেতিয়া টিভিত মোৰ মুখখনৰ বিপৰীতে ভিজুৱেল দেখোৱা হৈছিল, তেতিয়া মই ফ্ল’ৰ মেনেজাৰৰ ফালে আঙুলিয়াই পানীৰ বটল এটা বিচাৰিছিলো ।"

  • " class="align-text-top noRightClick twitterSection" data="">

দেওবাৰে দিয়া এটা পোষ্টত সিনহাই নিজৰ অৱস্থা ভাল বুলি দাবী কৰাৰ লগতে ৰক্তদান শিবিৰতো অংশ লোৱা বুলি জনায় । উল্লেখ কৰা প্ৰয়োজন যে, প্ৰচণ্ড গ্ৰীষ্মদাহনত ভুগিছে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিমবংগ ৷ গ্ৰীষ্ম প্ৰৱাহৰ ফলস্বৰূপে বিভিন্ন শ্ৰেণীৰ নাগৰিক নানান সমস্যা, প্ৰত্যাহ্বানৰ মুখামুখি হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: কেইবাখনো ৰাজ্যত হীটৱেভ এলাৰ্ট জাৰি: সুস্থ থাকিবলৈ মানি চলক এইসমূহ টিপছ - Summer Precautions