ETV Bharat / bharat

অৰবিন্দ কেজৰিৱালৰ ঘৰত দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ দল

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 10:14 PM IST

Delhi Crime Branch
AAP MLAs horse trading Case

AAP MLAs horse trading Case: সন্ধিয়া হঠাতে মুখ্যমন্ত্ৰী কেজৰিৱালৰ বাসগৃহত উপস্থিত হয় দিল্লী আৰক্ষী । অৱশ্যে কেজৰিৱালক লগ কৰিব নোৱাৰিলে তেওঁলোকে । এই গোচৰটো আপৰ বিধায়ক কিনা বেচাৰ অভিযোগৰ সৈতে জড়িত ।

নিউজ ডেস্ক, 2 ফেব্ৰুৱাৰী: দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ এটা দল শুকুৰবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত উপস্থিত হয় । অৱশ্যে দলটোৱে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব নোৱাৰিলে । এচিপি অৰোৰাৰ নেতৃত্বত ক্ৰাইম ব্ৰাঞ্চৰ পৰা আহিছিল দলটো ৷ বাহিৰত ১০ মিনিট বহি তেওঁলোক গুচি যায়, কাৰণ অৰবিন্দ কেজৰিৱাল সেই সময়ত বিবাহ অনুষ্ঠানত উপস্থিত থাকিবলৈ গৈছিল । মন্ত্ৰী আতিশীৰ ঘৰলৈও এটা দল গৈছিল বুলি তথ্য পোৱা গৈছে যদিও তেওঁকো ঘৰত পোৱা নগ’ল ।

আপ বিধায়কক ক্ৰয় কৰিবলৈ চেষ্টা কৰাৰ অভিযোগৰ সৈতে বিষয়টো জড়িত বুলি কোৱা হৈছে । যোৱা ২৭ জানুৱাৰীত মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে দিল্লীৰ আপ চৰকাৰ উফৰাই দিবলৈ বিজেপিয়ে চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল । ইয়াৰ পিছত পুৱাৰে পৰা গধূলিলৈকে সাধাৰণ নেতাসকলে দলৰ কাৰ্যালয়ত উপস্থিত হৈ সংবাদমেল পাতি বিজেপিক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে ।

বিজেপিৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰিছিল আৰক্ষী আয়ুক্তক: কেজৰিৱালৰ অভিযোগৰ পিছত ৩০ জানুৱাৰীত দিল্লীৰ আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰিবলৈ আহিছিল বিজেপিৰ প্ৰতিনিধি দলৰ সৈতে দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱ । তাৰ পিছত আপ বিধায়কৰ ঘোঁৰা ব্যৱসায়ৰ অভিযোগৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছিল ।

২৫-২৫ কোটি টকা আগবঢ়োৱাৰ অভিযোগ: যোৱা সপ্তাহত মুখ্যমন্ত্ৰী কেজৰিৱাল আৰু আম আদমী পাৰ্টিৰ বহু নেতাই দাবী কৰিছিল যে বিজেপিয়ে ধন আৰু নিৰ্বাচনী টিকট দি দলীয় বিধায়কক কিনিবলৈ চেষ্টা কৰিছে । কেজৰিৱালে অভিযোগ কৰিছিল যে আপৰ সাতজন বিধায়কৰ সৈতে যোগাযোগ কৰা হৈছিল আৰু তেওঁলোকৰ প্ৰত্যেককে দলত্যাগ কৰাৰ বাবে ২৫ কোটি টকাৰ প্ৰস্তাৱ দিয়া হৈছিল ।

একে সময়তে আম আদমী পাৰ্টিৰ বিধায়কক বিজেপিয়ে ২৫-২৫ কোটি টকা আগবঢ়াইছে বুলি সংবাদমেলৰ জৰিয়তে আপ নেত্ৰী আতিশীয়ে অভিযোগ কৰিছিল । ‘‘৭ জন বিধায়কক কিনিবলৈ চেষ্টা কৰা হ’ল । সঠিক সময় আহিলে আমি প্ৰমাণ হিচাপে এটা অডিঅ' ক্লিপ মুকলি কৰিম ।’’ তেওঁ কয় ৷

লগতে পঢ়ক: চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত বিজেপিৰ বিজয়ৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.