ETV Bharat / bharat

Daily Horoscope For 5th March: কেনে যাব আপোনাৰ আজিৰ দিনটো ?

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 6:01 AM IST

Daily Horoscope For 5th March 2024
কেনে যাব আপোনাৰ আজিৰ দিনটো ?

Daily Horoscope For 5th March: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি: আজিৰ দিনটো মিশ্ৰ ফলদায়ক ৷ আজি আপোনাৰ শৰীৰ ভালে নাথাকিব আৰু আপুনি উদ্বেগত থাকিব ৷ অস্থিৰতা, ক্লান্তি, এলেহুৱা ভাৱ আপোনাক আমনি কৰি থাকিব ৷ তীৰ্থযাত্ৰাৰ যোগ আছে ৷ কোনো কাম কৰাৰ সময়ত আপুনি অনিশ্চয়তাত ভুগিব পাৰে ৷

বৃষ ৰাশি: আজি আপুনি সতৰ্কতাক মূলমন্ত্ৰ কৰি লওঁক ৷ নতুন কোনো কাম হাতত লোৱাৰ পৰা বিৰত থাকক ৷ আপুনি আজি এশ শতাংশ সুস্থ নাথাকিবও পাৰে ৷ স্বাস্থ্যকৰ খাদ্য খাওঁক ৷ ভ্ৰমণ ফলদায়ক হ’ব ৷ সম্ভৱ হ’লে আধ্যাত্মিকতাৰ কাৰণে যিমান পাৰে সময় দিয়াৰ চেষ্টা কৰক ৷

মিথুন ৰাশি: দিনটো শুভ ৷ আজি আপোনাৰ বিভিন্ন ধৰণৰ মানুহৰ সৈতে সাক্ষাৎ হ’ব ৷ আপোনাৰ শাৰীৰিক সুস্থতা, সামাজিক সন্মান আৰু খ্যাতি বহু দূৰলৈ বিয়পি যাব ৷ সংগীৰ সময় কটাব ৷ আজি গোটেই দিনটো ঈশ্বৰৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব ৷

কৰ্কট ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব ৷ পৰিয়ালৰ সৈতে ভাল সময় কটোৱাৰ সম্ভাৱনা আছে ৷ চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটো ফলদায়ক ৷ বন্ধু-বান্ধৱীসকলৰ সৈতে হোৱা সাক্ষাৎকাৰে আপোনাৰ আনন্দ দিব ৷

সিংহ ৰাশি: আজি আপোনাৰ দিনটো আনন্দত পাৰ হ’ব ৷ প্ৰিয়জনৰ সৈতে সাক্ষাতৰ ফলত আপুনি উপকৃত হ’ব আৰু আনন্দ লাভ কৰিব ৷ সন্তানৰ উন্নতিৰ খবৰ পাব পাৰে ৷ বন্ধুৰ সৈতে সাক্ষাৎ হ’ব আৰু দানধৰ্মৰ কামত যুক্ত হ’ব পাৰে ৷

কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ কাৰণে বিশেষ ভাল নহয় ৷ মানসিক আৰু শাৰীৰিকভাৱে আপুনি বাধ্যবাধকতাৰ মাজত থাকিব ৷ প্ৰিয়জনৰ সৈতে কাজিয়া হ’ব পাৰে ৷ মাতৃৰ শৰীৰক লৈ আপুনি চিন্তাত পৰিব পাৰে ৷ সম্পত্তিৰ কাগজ-পত্ৰ সুৰক্ষিত ঠাইত ৰাখিব ৷ ব্যয়ৰ সম্ভাৱনা আছে ৷

তুলা ৰাশি: আপোনাৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ ৷ ভাতৃৰ সৈতে আপোনাৰ সম্পৰ্ক ভালে থাকিব ৷ তীৰ্থযাত্ৰা হ’ব পাৰে ৷ আৰ্থিক লাভৰো যোগ আছে ৷ বিদেশৰ পৰা সু-সংবাদ পাব পাৰে ৷ সামাজিক অনুষ্ঠানত যোগ দিবলৈ আপুনি বেলেগ কোনো ঠাইত যাব পাৰে ৷ নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো ভাল ৷ শাৰীৰিক আৰু মানসিক অৱস্থা আপোনাক আমনি দি থাকিব ৷ স্ত্ৰী ভাগ্য আপোনাৰ পক্ষত থাকিব ৷

বৃশ্চিক ৰাশি: আজি গোটেই দিন আপুনি আপোনাৰ খৰচৰ ওপৰত নিয়ন্ত্ৰণ কৰিব লাগিব ৷ অনাৱশ্যক ব্যয় নিয়ন্ত্ৰণ কৰিব লাগিব ৷ আপোনাৰ পৰিয়ালৰ মাজত কাজিয়া-বিবাদৰ সৃষ্টি কৰিব পৰা পৰিস্থিতিৰ পৰা দূৰত থাকক ৷ আপোনাৰ পৰিয়ালৰ লোকৰ মাজত ভুল ধাৰণাবোৰ ভাঙি দিয়ক ৷ নেতিবাচক চিন্তা এৰাই চলক আৰু অনৈতিক কাৰ্যকলাপৰ পৰা দূৰত থাকিব ৷

ধনু ৰাশি: আজি আপোনাৰ তীৰ্থযাত্ৰা হ’ব পাৰে ৷ আজি আপুনি নিজৰ পৰিকল্পনা অনুসৰি নিজৰ কাম সম্পন্ন কৰিব পাৰিব ৷ ঘৰত শুভ অনুষ্ঠান হ’ব পাৰে ৷ আজি আপুনি প্ৰিয়জনক লগ পাব পাৰে, ইয়াৰ বাবে আপুনি আজি গোটেই দিন আনন্দ-ফুৰ্তিত থাকিব ৷ সমাজত আপোনাৰ সুনাম বৃদ্ধি পাব পাৰে ৷

মকৰ ৰাশি: আজি আপুনি দিনটো ধৰ্মীয় আৰু আধ্যাত্মিক ক্ৰিয়াকলাপত ব্যস্ত হৈ থকাই নহয় এইবোৰৰ বাবে আপোনাৰ ব্যয়ো বৃদ্ধি হ’ব পাৰে ৷ ব্যৱসায়িক বিষয়বোৰত প্ৰতিকূলতাৰ সম্ভাৱনা আছে ৷ আপোনাৰ প্ৰিয়জনৰ সুনাম নষ্ট হোৱাৰ সম্ভাৱনা আছে ৷ আজি দুৰ্ঘটনা হ’ব পাৰে, চাৰ্জাৰী কৰিবলগীয়া হ’ব পাৰে ৷ পৰিশ্ৰম কৰি কাম কৰাৰ পিচতো সুফল নোপোৱাৰ বাবে হতাশ হৈ থাকিব ৷

কুম্ভ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে দিনটো অনুকূল ৷ ব্যৱসায়ীসকলে লাভবান হ’ব পাৰে ৷ আজি আপোনাৰ মন আনন্দ-উৎসাহেৰে ভৰি থাকিব কাৰণ আজি আপুনি কোনো বন্ধুক সাক্ষাৎ কৰিব পাৰে ৷ আজি আপোনাৰ গ্ৰহ অনুকূল অৱস্থানত আছে আজি আপুনি কোনো নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰিব পাৰে ৷ বিবাহপ্ৰাৰ্থীসকলে নিজৰ আদৰ্শ সংগী বা সংগিনী পাব ৷

মীন ৰাশি: ব্যৱসায়িক ক্ষেত্ৰত উপযুক্ত দিন ৷ আপুনি যদি ক’ৰবাত চাকৰি কৰে তেন্তে আপোনাৰ কামত সকলো প্ৰভাৱিত হ’ব ৷ পদ্দোন্নতি হ’ব পাৰে ৷ ঘৰৰ পৰা সৰু ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে যদি পিতৃৰ পৰা উপকৃত হ’ব ৷ ঘৰৱা পৰিবেশে আনন্দ দিব ৷ আপুনি অতি কষ্টকৰ সামাজিক কামত সফলতা অৰ্জন কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.