ETV Bharat / bharat

Daily Horoscope For 4th March: কেনে যাব আপোনাৰ আজিৰ দিনটো ?

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 6:06 AM IST

Daily Horoscope For 4th March 2024
কেনে যাব আপোনাৰ আজিৰ দিনটো ?

Daily Horoscope For 4th March: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি: আজি আপুনি নিজৰ খঙৰ ওপৰত কাবু ৰাখক অন্যথা আপুনি মানসিক অশান্তিত ভুগিব পাৰে ৷ আপুনি কষ্ট কৰিলেও আপোনাৰ কষ্টৰ ফল লাভত ব্যৰ্থ হ’ব ৷ সন্তানৰ বাবে চিন্তাত থাকিব লাগিব ৷ চৰকাৰী কাম কাজত সফলতা লাভ কৰিব ৷ মাজে মাজে পেটৰ বিষত ভুগিব পাৰে ৷

বৃষ ৰাশি: গণেশৰ কৃপাত আপুনি যিদৰে সম্পূৰ্ণ সততাৰে আৰু দক্ষতাৰে কাম কৰিছে, আপুনি সফলতাৰ মুখ দেখিবই ৷ পিতৃৰ ফালৰ পৰা সহায়ৰ হাত পাব ৷ ছাত্ৰ-ছাত্ৰী সকলে সফলতাৰ বাবে কষ্ট কৰক ৷ চৰকাৰী কামত সফলতা লাভ কৰিব ৷ সন্তানৰ বাবে টকা জমা কৰিব পাৰিব ৷ প্ৰিয় আহাৰ গ্ৰহণ কৰক ৷

মিথুন ৰাশি: গণেশৰ কৃপাত নতুন কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ চৰকাৰী কামত সফল হ’ব আৰু পুৰস্কৃত হ’ব ৷ প্ৰতিবেশী আৰু বন্ধুৰ লগত মতবিৰোধ হ’ব পাৰে ৷ মতধাৰা সলনি হ’ব ৷ টকা-পইচাৰ ক্ষেত্ৰত সাৱধান হওক ৷

কৰ্কট ৰাশি: বেয়া চিন্তা বাদ দি নতুন চিন্তাৰে দিন আৰম্ভ কৰক ৷ আজি আপুনি মানসিক আৰু শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব আৰু মনোযোগেৰে কাম কৰাত ব্যৰ্থ হ’ব ৷ চকু ৰাখক যাতে পৰিয়াল আৰু আন সম্বন্ধীয়ৰ লগত মতবিৰোধ নহয় ৷ ছাত্ৰ-ছাত্ৰীসকলে ভাল ফল দেখুৱাব নোৱাৰিব ৷ বেয়া চিন্তাবোৰ মনৰ পৰা আঁতৰাই পেলাওক ৷

সিংহ ৰাশি: আজি আপোনাৰ আত্মবিশ্বাস সম্পূৰ্ণভাৱে বৃদ্ধি হ’ব ৷ যিকোনো কামৰ বাবে অতি সহজে সিদ্ধান্ত গ্ৰহণ কৰক ৷ আপুনি পিতৃ বা ডাঙৰৰ পৰা সহায় লাভ কৰিব ৷ সামাজিক ময্যদা বৃদ্ধি হ’ব ৷

কন্যা ৰাশি: চাব যাতে কাৰো লগত অযথা কথাত কাজিয়াৰ সূত্ৰপাত নহয় ৷ মানসিক অশান্তিয়ে শাৰীৰিক অসুস্থতা বৃদ্ধি কৰিব ৷ সৰু কথাতে বন্ধুৰ লগত মতবিৰোধ হ’ব পাৰে ৷ ধৰ্মীয় কামত ধন খৰচ হ’ব পাৰে ৷ শৰীৰৰ যত্ন লওক ৷ হুলস্তুল আৰু কাজিয়াৰ পৰা নিজকে আঁতৰাই ৰাখক ৷

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সুখ আৰু লাভদায়ক। সকলো ক্ষেত্ৰৰপৰা সুযোগ-সুবিধা পাব আৰু লাভবান হ’ব । যাৰ ফলত আপোনাৰ মন ভালে থাকিব । লক্ষ্যণীয়ভাৱে আয়বৃদ্ধিৰ যোগ আছে । বন্ধুসকলৰ মনোৰঞ্জনৰ বাবে ব্যয় কৰিলে তাৰ প্ৰচুৰ লাভ পাব। ক’ৰবাত ফুৰিবলৈ গ’লে বা বনভোজনত গ’লে আজিৰ দিনটো অধিক স্মৰণীয় আৰু আনন্দদায়ক হৈ থাকিব । আপুনি যদি এতিয়া অবিবাহিত তেতিয়া হ’লে বিবাহৰ যোগ আছে ।

বৃশ্চিক ৰাশি: গণেশৰ কৃপাত আজি আপোনাৰ ভাগ্য ভালে থাকিব ৷ কৰ্মক্ষেত্ৰৰ পৰিবেশ সুন্দৰ হ’ব ৷ আপোনাৰ কামত বচ আনন্দিত আৰু সন্তুষ্ট হ’ব ৷ আজি হাতত লোৱা সকলো কাম নিৰ্বিঘ্নে সমাপ্ত হ’ব ৷ আমদানি বৃদ্ধি হ’ব আৰু পদোন্নতি হব পাৰে ৷ সন্তানৰ কৃতিত্বই আপোনাক আনন্দিত কৰিব ৷

ধনু ৰাশি: শৰীৰ আজি বৰ ভালে নাযাব ৷ মানসিক উদ্দীগ্নতা শৰীৰিক অসুস্থতাৰ কাৰণ হ’ব পাৰে ৷ ব্যৱসায়ত খেলিমেলিৰ সৃষ্টি হ’ব ৷ আপোনাৰ ব্যৱহাৰ সলনি কৰক ৷ সাৱধানে সকলো কামত মনোনিবেশ কৰক ৷

মকৰ ৰাশি: যোগাভ্যাস কৰক আৰু অলাগতিয়াল চিন্তাৰ পৰা আঁতৰি থাকক ৷ শৰীৰ বৰ ভালে নাযাব ৷ আপুনি কি খোৱা-বোৱা কৰিছে তাৰ প্ৰতি চকু ৰাখক ৷ খঙক আৰু বেয়া চিন্তাৰ পৰা নিজক মুক্ত ৰাখক ৷ কৰ্মক্ষেত্ৰৰ পৰিবেশ আপুনাৰ অনুকুল নহব ৷ এটা কথাত মন দিব যাতে আপোনাৰ অভিভাৱকৰ লগত যাতে কোনো বিৰোধিতা নহয় ৷

কুম্ভ ৰাশি: আপোনাৰ পাৰিবাৰিক জীৱন আজি অতি ৰোমাঞ্চিত হৈ উঠিব ৷ আজি সকলো কাম আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৰিব পাৰিব ৷ ভ্ৰমণৰ যোগ আছে ৷ ইজনে সিজনক কপোৰ বা আন উপহাৰ প্ৰদান কৰিব পাৰে ৷ পাৰিবাৰিক জীৱন সুখৰ হ’ব ৷

মীন ৰাশি: পুৱাৰ সময়খিনি পেচাদাৰ বা ব্যৱসায়ীসকলৰ বাবে লাভজনক নহ’বও পাৰে ৷ কৰ্মস্থলীত আপোনাৰ জ্যেষ্ঠ বা প্ৰতিদ্বন্দীৰ লগত উত্তপ্ত তৰ্ক বা বিবাদত লিপ্ত হোৱাৰ পৰা বিৰত থাকক ৷ কামৰ বাবে দীঘলীয়া ভ্ৰমণত যাবলগীয়া হ’ব পাৰে ৷ তথাপিও, অলপ বাধাৰ পিছত, কৰ্মস্থলীৰ পৰিবেশ উন্নত হ’ব; আপোনাৰ অসম্পূৰ্ণ কামসমূহ সম্পূৰ্ণ হ’ব ৷ ব্যক্তিগতভাৱে, আপোনাৰ সন্তানৰ প্ৰগতি আৰু অৰ্জনসমূহে আপোনাক সুখী আৰু সন্তুষ্ট কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.