আজিৰ দিনটোৰ ৰাশিফল - Daily Horoscope For 29th March

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 12:15 AM IST

Daily Horoscope For 29th March 2024

Daily Horoscope For 29th March: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি: সকলো দিশতে সফলতা দেখা যায় , ব্যক্তিগত বা ব্যৱসায়িক সকলো ক্ষেত্ৰতে ৷ আপোনাৰ ব্যৱসায়ত প্ৰচুৰ লাভ হ’ব ৷ আপুনি সুন্দৰভাৱে ধনৰ সকলো দিশ চম্ভালি লব পাৰিব ৷ এই সকলোবোৰ কাৰণে আপোনাক আনন্দিত কৰি তুলিব ৷ আবেলিটো পৰিয়াল আৰু বন্ধুৰ লগত বনভোজ বা আন ঠাইত ফুৰিবলৈ যাওক ৷ ধৰ্মীয় কামত কিছুসময় কটাওক ৷ দিনটো সুন্দৰভাৱে পাৰ হ’ব ৷

বৃষ ৰাশি: আপোনাৰ মিঠা কথা বাৰ্তাই আনক আকৰ্ষণ কৰিব আৰু মানসিক স্থিতি উন্নত কৰিব ৷ আপুনি মানুহৰ সহায়ক হ’ব ৷ আজি দিনটো তৰ্ক প্ৰতিযোগিতা আৰু আলোচনাত বহাৰ বাবে উত্তম সময় ৷ যদিও আপুনি বিচৰা ধৰণৰ ফল লাভত আপুনি ব্যৰ্থ হয় তেতিয়াও চিন্তাৰ কোনো কাৰণ নাই, ধৈয্য নেহেৰুৱাব ৷ সকলো বিষয় লাহে লাহে উন্নত হ’ব ৷ বাহিৰত খোৱা বন্ধ কৰক, হজম শক্তি হ্ৰাস হৈছে ৷ সাহিত্যৰ ক্ষেত্ৰত আপোনাৰ হেপাঁহ বৃদ্ধি হ’ব ৷

মিথুন ৰাশি: আপুনি আজি সকলো ক্ষেত্ৰত খোকোজাৰে পাৰ হ’ব লাগিব, দুটাৰ মাজত এটা বিচাৰ কৰাটো কঠিন হৈ পৰিব ৷ এই বিচাৰত বেছি সোমাই নপৰাটোৱেই উত্তম ৷ মাতৃৰ সংগত সুখ অনুভৱ কৰিব ৷ ধৰ্মীয় বা জ্ঞান বৰ্ধক আলোচনাত যাতে একো তৰ্ক বিতৰ্ক নহয় তাৰ প্ৰতি চকু ৰাখক ৷ পৰিয়ালৰ ডাঙৰ সকলৰ লগত উপৰিপুৰুষৰ সম্পতিৰ ক্ষেত্ৰত হোৱা আলোচনাত ভাগ নোলোৱাই ভাল ৷ নহ’লে আপুনি মানসিকভাৱে আঘাট পাব পাৰে ৷ ব্যৱসায়িক ভ্ৰমণৰ যোগ আছে কিন্তু পাৰে যদি বাতিল কৰক ৷

কৰ্কট ৰাশি: আজি আপুনি পৰিয়ালৰ সৈতে সময় কটাব পাৰে ৷ ব্যৱসায় বঢ়োৱাৰ কথা আলোচনা কৰিব পাৰে ৷ আপোনাৰ কথাই আনক আকৰ্ষণ কৰিব গতিকে বন্ধু আৰু প্ৰিয়জনৰ লগত ব্যক্তিগত সম্পৰ্ক ভাল কৰক ৷ সুন্দৰ ঠাইলৈ ভ্ৰমণত যাব পাৰে ৷ আজি আপুনি কৰা সকলো কামতে কৃতকাৰ্যতা লাভ কৰিব ৷ সামাজিক সন্মান বৃদ্ধি কৰাতো এই সময় উত্তম আৰু আপুনি ধনৰ ফালৰ পৰাও সবল হৈ উঠিব ৷

সিংহ ৰাশি: গণেশৰ কৃপাত আজিৰ দিনটো মিশ্ৰ ফলদায়ক ৷ ফল লাভত পলম হ’ব পাৰে বা কম হ’ব পাৰে ৷ দুখ নকৰিব ৷ আপোনাৰ দ্বাৰা বিচাৰ কৰোঁতেও ভুল হ’ব পাৰে ,গতিকে সেই চিন্তা বাদ দি পৰিয়ালৰ লগত সময় কটোৱাত গুৰুত্ব দিয়ক আৰু সুখী হওক ৷ এনেও হ’ব পাৰে যে আপুনি লোৱা সিদ্ধান্তই আচলতে সঠিক৷ দূৰ সম্পৰ্কীয় লোক আপোনাৰ বাবে সাহস হ’ব পাৰে ৷ টকা ঘটিবলৈ অধিক কাম কৰা বন্ধ কৰক ৷

কন্যা ৰাশি: এটা শান্তিৰ দিন ৷ পৰিয়াল আৰু বন্ধুৰ লগত সময় কটাব পাৰিব ৷ প্ৰিয়জনৰ লগত হৃদয়ৰ কথা পাতিব পাৰিব আৰু লোভনীয় খাদ্য আৰু আনন্দই আপোনালৈ বাট চায় আছে ৷ শৰীৰ উন্নত থাকিব আৰু আপুনি মানসিকভাৱে অদ্ভুত শান্তি লাভ কৰিব ৷ লক্ষ্মী দেৱীৰ কৃপা বৰষি থাকিব ৷ ধনৰ আগমন ঘটিব ৷ আজিৰ ভ্ৰমণ সুন্দৰ হ’ব ৷ সুন্দৰ সময় উপভোগ কৰক আৰু আনকো আনন্দ লাভত সহায় কৰক ৷

তুলা ৰাশি: আপোনাৰ খঙক দমন কৰক ৷ আজি কিছুমান আইনী কামৰ বাবে আপুনি ন্যায়ালয়ত যাবলগা হ’ব পাৰে ৷ সাৱধানে থাকক, আপোনাক লৈ কোনোবাই বেয়া মন্তব্য দিব পাৰে তাৰ প্ৰত্যুত্তৰ সেই উচিত স্থানত দিয়ক ৷ আপোনাৰ কিছুমান কামৰ বাবে আপুনি অনুসুচনাত ভুগিব পাৰে ৷ প্ৰিয়জনৰ লগত তৰ্ক আৰু চিন্তাৰ বাবে শৰীৰ বেয়া হ’ব পাৰে ৷ খৰচ বৃদ্ধি হ’ব ৷ চকুৰ চিকিৎচকৰ ওচৰলৈ যাবলগা হ’ব পাৰে ৷ ধৰ্মীয় কাম-কাজ বা প্ৰাৰ্থনাই মনক স্থিৰ কৰি তুলিব ৷

বৃশ্চিক ৰাশি: শুভ ভাগ্য , বাস্তৱিক আৰাম আৰু আনন্দ আপোনাৰ বাবে বাট চাই আছে ৷ আজি আপুনি বহুতো শিহৰনকাৰী ঘটনাৰ সন্মুখীন হ’ব ৷ ভাল সময় উপভোগ কৰক , আপোনালোকৰ কিছুৱে মধুযামিনি উপভোগ কৰিবলৈ যাব পাৰিব ৷ বিবাহৰ বাবে উত্তম সময় ৷ আপোনাৰ সপোনৰ সংগীৰ লগত মিলন হ’ব ৷ ব্যৱসায় আৰু চাকৰি কৰা সকলৰ ভাল সময় ৷ বন্ধু আৰু প্ৰিয়জনৰ লগত ৰোমান্তিক ভ্ৰমণত যাব পাৰে ৷

ধনু ৰাশি: আজি নিজকে আত্মবিশ্বাসী আৰু সুখী অনুভৱ কৰিব আৰু আপোনাৰ দিন ভালদৰে পাৰ হ’ব৷ পিতৃৰ ফালৰ পৰা ধনৰ উপহাৰ পাব পাৰে ৷ বচৰ পৰা ভাল ব্যবহাৰ লাভ কৰিব ৷ ব্যৱসায় সংক্ৰান্তিয় আলোচনা সফল হ’ব আৰু আপুনি আৰম্ভ কৰিবলৈ বিচৰা ব্যৱসায়ৰ বাবে উচিত ধন লাভ কৰিব ৷ আপুনি আনৰ বাবে বহুত সদয় হৈ পৰিব ৷ সকলো কাম সুন্দৰভাৱে সফল হ’ব আৰু আনন্দৰ বাবে যথেষ্ঠ সময় লাভ কৰিব ৷ সোনকালে ঘৰ সোমাওক আপোনাৰ পত্নীয়ে আপোনালৈ আগ্ৰহেৰে বাট চাব ৷ সমাজিক জীৱনত আপুনি সফলতা লাভ কৰিব আৰু আপোনাৰ আত্মবিশ্চাশ বাঢ়িব ৷

মকৰ ৰাশি: কষ্ট কৰা সকলৰ বাবে সুন্দৰ দিন ৷ এই সময় সকলো জ্ঞানী লোকৰ বাবে সফল সময় ৷ এই সময়ত কৰা সকলো কাৰ্য সফল হ’ব ৷ লিখক আৰু কলাৰ লগত জড়িত থকাসকল সফল হ’ব ৷ আপুনি কলাৰ বিষয়ত কোনো কৰ্মশালাত অংশগ্ৰহণ কৰিব পাৰে ৷ সাৰ্বজনীন বা সামাজিক কাম কৰাসকলে ভাল ফল লাভ নকৰিব ৷ সাৱধান থাকক , যদিহে আপুনি ভাগৰুৱা অনুভৱ কৰিছে অলপ দিন কামৰ পৰা অব্যাহতি লওক ৷ অথবা অলপ শান্ত থাকক ৷ মানসিক অৱস্থা বেয়াৰ ফালে যাব পাৰে ৷ ভয় খোৱাৰ কাৰণ নাই৷ এইয়া সাময়িকহে ৷

কুম্ভ ৰাশি: অতি বেচিটো বৰ ভাল নহয় ৷আজি আপুনি মানসিক ভাবে ভাগি পৰাৰ সম্ভাবনা আছে যিহেতো আপুনি বেচি চিন্তা কৰিব ! শান্ত হওক ! সকলো সমস্যাৰে সমাধান আছে ৷ নহলে আপোনাৰ খং ,উদ্দীগ্নতা আৰু বিপৰীতমূখী চিন্তাধাৰাই আপোনাক আৰু আমনি কৰিব ৷ আৰু শেষত আপুনি কিছুমান নকৰিব লগীয়া কাম কৰিব পাৰে ৷ গতিকে প্ৰতিবাদি বিচাৰধাৰাত গুৰুত্ব দিয়ক আৰু বেয়া বিচাৰধাৰাক দলিয়াই পেলাওক ৷ এইকেইদিনতে পৰিয়ালত বিবাহৰ আয়োজন কৰা হ’ব পাৰে, কিন্তু আপুনি আপোনাৰ মানসিক অশান্তিৰ বাবে ভালদৰে আনন্দ কৰিব নোৱাৰিব ৷ মনক শান্ত ৰাখিবলে যোগ আৰু ধ্যান কৰিব পাৰে ৷

মীন ৰাশি: আপোনাৰ সপোনবোৰ সফল হোৱাৰ দিশত ৷ সেয়েহে আপুনি যদিহে কবি ,সাহিত্যিক, মূৰ্তিকাৰ বা চিত্ৰশিল্পী হয় তেন্তে নিজৰ নিজৰ যুজত নামি পৰক ৷ ব্যৱসায়ী সকলৰ নতুন কাম আৰম্ভ কৰাৰ সু-সময়,আৰু বিদেশৰ লগত ব্যৱসায় কৰিব বিচাৰিছে যদি আগবাঢ়ক! ভাল কামৰ ভাল পুৰস্কাৰ পোৱাৰ সময় ৷ কামৰ পৰা অব্যাহতি লৈ অলপ কলাসুলভ কামত মন দিয়ক ৷ বনভোজৰ আয়োজনৰ বাবে উচিত সময়, বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ ব্যবস্থা কৰিব পাৰে ৷ প্ৰেয়সীৰ লগত চিনেমা চাবলৈ যাব পাৰে ৷ এইবোৰ কামে ইজন সিজনৰ ওচৰ চাপি আহিব ৷ আপোনাৰ সামাজিক অৱস্থাৰো উন্নতিৰ যোগ আছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.