ETV Bharat / bharat

Daily Horoscope For 26th February: কেনে যাব আপোনাৰ আজিৰ দিনটো ?

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 5:19 AM IST

Updated : Feb 26, 2024, 9:52 AM IST

Daily Horoscope For 26th February
কেনে যাব আপোনাৰ আজিৰ দিনটো

Daily Horoscope For 26th February: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি : সৃজনশীলতাৰে ভৰপূৰ এটা দিন ৷ কবিতা লিখি ভাল পোৱা, ছবি আঁকি ভাল পোৱা সকলৰ বাবে ভাল দিন । ঘৰুৱা পৰিৱেশ প্ৰফুল্লিত হৈ থাকিব; পুৰণা বন্ধুক লগ কৰি অতীত ৰোমন্থন কৰিব পাৰে; সুন্দৰ সময়খিনি উপভোগ কৰক । জ্যেষ্ঠসকলৰ লগত কাম কৰোতে সতৰ্ক হওক; তেওঁলোকক অসন্মান কৰিলে পিছলৈ ভূগিব লগা হ’ব পাৰে । আপোনাৰ বিৰোধীৰ সৈতে মতামতৰ পাৰ্থক্যৰ বাবে ডাঙৰ বিবাদ হ’ব পাৰে; এনে পৰিস্থিতি এৰাই চলক ।

বৃষ ৰাশি : দিনটো সাধাৰণভাৱেই পাৰ হ’ব ৷ বিভিন্ন চিন্তাই আপোনাক জুমুৰি ধৰিব, মাতৃৰ স্বাস্থ্যৰ প্ৰতি যত্নৱান হওক । অস্থাৱৰ সম্পত্তি সংক্ৰান্তীয় আইনী কাম-কাজ বা লেনদেনৰ পৰা বিৰত থাকক । নিৰাশাবাদী মনোভাৱ পৰিত্যাগ কৰক; আবেলিলৈ পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে । উদ্বেগমুক্ত হোৱাৰ পিচত এক আনন্দময় মানসিক আৰু শাৰীৰিক স্থিতি উপভোগ কৰিব পাৰিব । শিক্ষাৰ্থীৰ বাবে ভাল সময়ৰ আৰম্ভণি ৷ সৃষ্টিশীল কামত মনোনিবেশ কৰক । কোনো ধৰ্মীয় কামত অংশগ্ৰহণৰ যোগ ।

মিথুন ৰাশি : আপোনাৰ বাবে আজিৰ দিনটো এটা মিশ্ৰিত দিন হ’ব ৷ পুৱাৰ ভাগত পেচাগত দিশত অতি উত্তম ফল লাভ কৰিব । আপুনি আপোনাৰ প্ৰচেষ্টাত সফল হ’ব আৰু বিৰোধীয়েও পৰাজয় স্বীকাৰ কৰিব । মধ্যাহ্নলৈকে দিনটো আপোনাৰ পক্ষত থাকিব । পিছলৈ গ্ৰহসমূহ অপ্ৰত্যাশিতভাৱে প্ৰতিকূল ৰূপত পৰিৱৰ্তন হ’ব । আপোনাৰ কোনো কামে পৰিয়ালৰ কোনো লোকক অসন্তুষ্ট কৰিব পাৰে । পৰিয়ালকেন্দ্ৰিক বিবাদে ভৱিষ্যতে গম্ভীৰ ৰূপ ধাৰণ কৰিব পাৰে । সেয়ে খং নিয়ন্ত্ৰণত ৰাখক, নহ’লে পিচত আপুনি নিজেই দোষী অনুভৱ কৰিব । মাতৃৰ স্বাস্থ্যই আপোনাক চিন্তাত পেলাব পাৰে । ধৈৰ্য্য নেহেৰুৱাব ৷

কৰ্কট ৰাশি : পৰিয়ালৰ লোকসকলৰ লগত থকা সুন্দৰ সম্পৰ্কৰ বাবে আপোনাৰ আজিৰ দিনটো ভালদৰে পাৰ হৈ যাব । যিকোনো পৰিস্থিতিতে ধৈৰ্য্য ৰাখিব ৷ কিবা হৈ নুঠা কামে আপোনাক খঙাল কৰি তুলিব পাৰে ৷ আজি আপুনি কোনো এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত নহবও পাৰে । আপুনি আৱেগিক আৰু দ্বিধাগ্ৰস্ত হৈ থাকিব পাৰে । তথাপিও দিনটোৰ পিছৰ ভাগলৈ ব্যক্তিগত দিশ উন্নত হ’ব । আপোনাৰ সংবেদনশীলতাৰ বাবে কোনো বন্ধুয়ে আপোনাৰ লগত সমস্যা আলোচনা কৰিব আৰু নিজৰ অন্তৰৰ বোজা কম কৰিব ।

সিংহ ৰাশি : এই ৰাশিৰ লোকসকল জন্মগতভাৱে আত্মবিশ্বাসী হয়, কিন্তু আজি এই আত্মবিশ্বাস অধিক বৃদ্ধি পাব । আপোনাৰ সিদ্ধান্ত লোৱা ক্ষমতা আৰু নেতৃত্ব দিয়া কৌশলৰ বাবে অতি আনন্দদায়ী ফল লাভ কৰিব । সমস্যাসমূহ আপুনি অতি সুন্দৰভাৱে পৰিচালনা কৰিব আৰু চৰকাৰী বিষয় বা সাৰ্বজনিক ক্ষেত্ৰ সম্বন্ধিত কামত ভাল প্ৰদৰ্শন কৰিব । পৰিয়ালৰ লোকৰ সহযোগ থাকিব ৷ ঘৰুৱা বিভিন্ন খৰচৰ বাবে আপোনাৰ ব্যয় বৃদ্ধি পাব ৷

কন্যা ৰাশি : কন্যাৰাশিৰ লোকসকল এনেই আৱেগিক হয়, আজি অধিক আৱেগিক আৰু ভাবুক হৈ পৰিব পাৰে । যত্নৱান হওক, নহ’লে অবাঞ্ছিত ঘটনা সংঘটিত হ’ব পাৰে । আলোচনা আৰু বিবাদৰ পৰা আঁতৰত থকাই উচিত । যিহেতু আজি আপোনাৰ লগত কোনো তাৎক্ষণিক পৰিৱৰ্তন হ’ব পাৰে, আত্মবিশ্বাসী হৈ থাকক আৰু এনে পৰিস্থিতিক শান্ত হৈ পৰিচালনা কৰক । আপোনাৰ সন্মান আৰু মান্যতা বৃদ্ধি হ’ব । আপোনাৰ ক্ৰোধ আৰু সংবেদনশীলতাক নিয়ন্ত্ৰণত ৰাখক ।

তুলা ৰাশি : ৰাতিপুৱাটো অতি মধুৰ হ’ব ৷ আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ বন্ধুবৰ্গ আৰু প্ৰিয়জনৰ লগত পিকনিকৰ আয়োজন কৰিব পাৰে । এটা সুন্দৰ পৰ্য্যটনস্থলী উপভোগ কৰিবৰ বাবে এটা শুভ দিন । পেচাদাৰীসকলৰ বাবে লাভৰ দিন । মধ্যাহ্নৰ পিচত দিনটো কিছু সলনি হ’ব । আপুনি কোনো স্বাস্থ্যজনিত সমস্যাত ভূগিব পাৰে । যত্ন লওক ৷ ভুল বুজাবুজি এৰাই চলিবৰ বাবে তৰ্ক প্ৰিয় মানুহৰ পৰা আঁতৰি থাকক । আইনী কামত সতৰ্ক হওক ।

বৃশ্চিক ৰাশি : আজিৰ দিনটোত আপুনি দৃঢ় আৰু আত্মবিশ্বাসেৰে পূৰ্ণ হৈ থাকিব ৷ আপোনাৰ বাবে যিকোনো কামেই সহজ আৰু উপযোগী হ’ব । কৰ্মস্থানত বা ব্যৱসায়ত আপোনাৰ নিপুণতা, কুশলতা আৰু দক্ষতাৰ বাবে প্ৰশংসিত হ’ব । কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিব আৰু আপোনাৰ প্ৰচেষ্টা আৰু সুন্দৰ ধাৰণাক সকলোৱে প্ৰশংসা কৰিব । পদোন্নতি আৰু বেতন বৃদ্ধিৰ সম্ভাৱনা আছে । পিতৃ বা পিতৃতুল্য লোকৰ লগত কথা পাতি সন্তুষ্টি লাভ কৰিব ৷ দিনটোৰ পিছৰ ভাগত, আপুনি মানসিক দ্বিধাত পৰিব পাৰে । বন্ধুবৰ্গৰ সংগই আপোনাক শান্ত কৰিব ।

ধনু ৰাশি : আজি আপোনাৰ ধাৰ্মিক বিশ্বাসত হঠাতে বৃদ্ধি পাব, যাৰ বাবে আপুনি তীৰ্থযাত্ৰাৰ পৰিকল্পনাও কৰিব পাৰে । কিবা এটা ভাল হোৱাৰ যোগ ৷ পৰিয়ালত কোনো শুভ কাৰ্য হোৱাৰ সম্ভাৱনা । দিনটো আপোনাৰ প্ৰিয়জনৰ লগত উদ্‍যাপন কৰক ! আপোনাৰ কৰ্তৃপক্ষৰ পৰা পোৱা উৎসাহে আপোনাক আনন্দ দিব আৰু তাৰ প্ৰকাশ আপোনাৰ ব্যক্তিগত জীৱনত দেখিবলৈ পাব । সন্ধিয়া অলপ সাৱধান থাকক ৷ আপোনাৰ ক্ৰোধ নিয়ন্ত্ৰণত ৰাখক ।

মকৰ ৰাশি : আজিৰ দিনটোত আপুনি অস্বস্তিবোধ আৰু ক্ৰোধক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰা উচিত । আপোনাৰ মনৰ সঘন পৰিৱৰ্তন হ’ব ৷ মানসিকভাৱে যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকক । স্বাস্থ্যৰ ক্ষেত্ৰত যতনৰ প্ৰয়োজন ৷ শৰীৰচৰ্চাত সময় আৰু মন দিয়ক । এইদৰে আপুনি চাপ আৰু নেতিবাচক চিন্তাৰ পৰা পৰিত্ৰাণ পাব । অপ্ৰত্যাশিত ব্যয় হ’ব পাৰে ।

কুম্ভ ৰাশি : আজি যিকোনো কথা-সমস্যাই নেতিবাচক ৰূপ ল’ব পাৰে ৷ খং নিয়ন্ত্ৰণত ৰাখক । আপোনাৰ ঘৰুৱা সমস্যাৰ সৃষ্টি হ’ব পাৰে । যিমান দূৰ সম্ভৱ আপুনি বৈষয়িক আৰু আপোনাক প্ৰত্যক্ষৰূপে প্ৰভাৱিত নকৰা কথাসমূহৰ পৰা আঁতৰত থাকক । আইনগত বিষয়সমূহত সচেতনতাৰ প্ৰয়োজন ৷ কোনো কামৰে আৰম্ভণি নকৰিব আজি । উদ্বেগক নিয়ন্ত্ৰণ কৰক আৰু ধ্যান আৰু প্ৰাৰ্থনাৰ মাজেৰে সান্তনা পাওক ।

মীন ৰাশি : আজিৰ দিনটোত আপুনি আনন্দিত হৈ থাকিব নোৱাৰিব যেন অনুভৱ হয় । আপুনি অন্যমনস্ক আৰু উদ্বিগ্ন হৈ থাকিব ৷ হয়তো গভীৰ চিন্তাত মগ্ন হৈ থাকিব । কামত অপ্ৰত্যাশিত বাধাই আপোনাক বিভ্ৰান্ত কৰিব পাৰে । সংগী আজি আপোনাক সমৰ্থন কৰাত বিফল হ’ব । সকলো সহজভাৱে লওক, পৰিস্থিতিৰ অধিক বিশ্লেষণে ঘৰুৱা দিশত অধিক সমস্যাৰ সৃষ্টি কৰিব পাৰে । শীঘ্ৰেই সমস্যাৰ সমাধানত গুৰুত্ব দিয়ক ৷ ব্যৱসায়ত অংশীদাৰী সমস্যাসমূহৰ যত্ন লওক আৰু যিকোনো আইনী লেনদেনৰ পৰা আজি আঁতৰত থাকক ।

Last Updated :Feb 26, 2024, 9:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.