ETV Bharat / bharat

Daily Horoscope For 1st March: কেনে যাব আপোনাৰ আজিৰ দিনটো ?

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 5:17 AM IST

Daily Horoscope For 1st March 2024
কেনে যাব আপোনাৰ আজিৰ দিনটো ?

Daily Horoscope For 1st March: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি: আজিৰ দিনতো আপোনাৰ বাবে বৰ ভাল নহয় , সেইবাবে আপুনি শান্ত থাকক আৰু দিনটো যেনে তেনে পাৰ হৈ যাবলৈ দিয়ক ৷ সাৱধানে থাকক, অন্যথা আপোনাক কোনোবাই মানসিকভাৱে আঘাত কৰিব পাৰে ৷ মাতৃৰ শৰীৰ আৰু আন কিছুমান কাৰণত আপোনাৰ মন অস্থিৰ হৈ থাকিব ৷ পানীৰ পৰা আঁতৰত থাকক ৷

বৃষ ৰাশি: চিন্তা পৰিহাৰ কৰক ৷ আপোনাৰ বাবে আজিৰ দিনটো সাহিত্য আৰু কলাৰ চৰ্চাৰ বাবে উত্তম দিন ৷ মাতৃৰ লগত হোৱা আলোচনাই আপোনাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব ৷ মাতৃৰ ফালৰ পৰা ভাল খবৰ পাব পাৰে আৰু তেওঁৰ ফালৰ পৰা উপহাৰ স্বৰূপে আ- অলংকাৰ লাভ কৰিব পাৰে ৷ পূৰ্বতে ভুগি অহা ৰোগৰ পৰা আৰোগ্য লাভ কৰিব ৷ কামৰ চাপ কমকৈ অনুভৱ কৰিব ৷

মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মিশ্ৰ ফলদায়ক ৷ আপুনি যিমানেই ভাগৰুৱা হৈ নাথাকক কিয় আপোনাৰ মিটিং বোৰত ভাল ফল দেখুৱাব পাৰিব ৷ আপোনাৰ কৰ্ম দক্ষতা আৰু কষ্ট আপোনাৰ কামত প্ৰতিফলিত হ’ব ৷ আপোনাৰ সহযোগীসকলৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব ৷ আপোনাৰ ধন সম্পত্তি বৃদ্ধি হ’ব মাত্ৰ সেয়া স্থিৰ কৰি ৰখাৰ দায়িত্ব আপোনাৰ নিজৰ ৷

কৰ্কট ৰাশি: আজি আপোনাৰ ভাগ্যত বন্ধু, ফুৰ্তি আৰু আনন্দ আছে ৷ আজি আপুনি সম্পূৰ্ণৰূপে সতেজ অনুভৱ কৰিব ৷ দিনটো বন্ধু আৰু পৰিয়ালৰ লগত ভ্ৰমণত ওলাই যাওক ৷ পত্নীৰ সানিধ্য সুখ লাভ কৰিব আৰু তেওঁৰ ফালৰ পৰা শুভবাৰ্তা পাব পাৰে ৷ সকলো ফালৰ পৰা এটি সুন্দৰ দিন ৷

সিংহ ৰাশি: আপোনাৰ ভাগ্য আজি বৰ ভাল দেখা নাযায় ৷ চিন্তাই আপোনাক সম্পূৰ্ণ জুৰুলা কৰিব ৷ যিয়ে আপোনাৰ মানসিক আৰু শাৰীৰিক ক্ষেত্ৰত প্ৰভাৱ পেলাব ৷ আপোনাৰ তলত কাম কৰা কাকো কটু কথা নুশুনাব ৷ ভুল বুজাবুজি দূৰ কৰক ৷ আদালতত চলি থকা কামত পলম হ’ব ৷ বিদেশৰ পৰা অহা ভাল খবৰে আপোনাক আনন্দ দিব ৷

কন্যা ৰাশি: এই দিনকেইটা কন্যা সকলৰ বাবে পৰিয়াল আৰু বন্ধুৰ লগত কটোৱাৰ উপযুক্ত সময় ৷ সামাজিকভাৱে আপুনি সন্মান আৰু নাম লাভ কৰিব ৷ ধন বৃদ্ধি হ’ব ৷ ব্যৱসায়ীসকলৰ বাবে ভাল সময় ৷ ব্যৱসায়ত প্ৰচুৰ লাভৰ যোগ আছে ৷

তুলা ৰাশি: গণেশৰ কৃপাত আপোনাৰ দিনটো মিশ্ৰ ফলদায়ক ৷ ঘৰ আৰু কৰ্মক্ষেত্ৰত পৰিবেশ আপোনাৰ বাবে অনুকুল হ’ব ৷ আপোনাৰ কৰ্মদক্ষতাত আপোনাৰ বচ সুখী হ’ব আৰু আপোনাৰ পদোন্নতি হ’ব পাৰে ৷ চৰকাৰী আৰু আইনী কামত সফলতা লাভ কৰিব ৷ মাতৃৰ দ্বাৰা উপকৃত হ’ব ৷

বৃশ্চিক ৰাশি: আজি আপুনি শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ সাময়িকভাৱে আপোনাৰ ব্যৱসায়ত অলপ লোকচান ভৰিব পাৰে যি আপোনাক অসহ্যকৰ কৰি তুলিব ৷ গতিকে অলপ সাৱধানে থাকক, কাৰণ আপোনাৰ বন্ধু আৰু বচৰ লগত কাজিয়াৰ সূত্ৰপাত হ’ব পাৰে ৷ আপোনাৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখক আৰু সন্তানৰ লগত সময় কটাওক ৷

ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ নহয়, আপোনাৰ দুখে মনতো পৰিচালিত কৰা বাবে আপোনাৰ কামত বেয়া প্ৰভাৱ পেলাব ৷ নতুন কাম আৰম্ভ কৰাৰ বাবে উচিত সময় নহয় ৷ আপোনাৰ বেয়া মন আৰু তিতা মাত-কথাই আপোনালৈ বিপদ মাতি আনিব ৷ বে-আইনী কামৰ পৰা নিজকে আঁতৰাই ৰাখক যিয়ে আপোনাৰ সন্মান হানি কৰিব পাৰে ৷ বাহিৰত খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব কাৰণ এই অভ্যাসে আপোনাৰ শৰীৰ আৰু টকা দুয়োটাৰে হানি কৰিব পাৰে ৷

মকৰ ৰাশি: দিনটো শুভ ৷ আপোনাৰ উপাৰ্জন বৃদ্ধি হ’ব আৰু আপুনি কৰা সকলো কাম সফলতাৰ দিশে আগবাঢ়িব ৷ আপুনি সকলোৰে বিশ্বাসৰ পাত্ৰ হৈ পৰিব আৰু ব্যৱসায়ৰ ক্ষেত্ৰত সফলতা লাভ কৰিব ৷ কলাৰ সৈতে জড়িত সকলৰ বাবে ভাল সময় অব্যাহত আছে ৷ শৰীৰ ভালে থাকিব ৷ এই সকলোবোৰ আপোনাৰ দিন ভাল কৰাত সহায়ক হ’ব ৷

কুম্ভ ৰাশি: গণেশৰ কৃপাত আপুনি কামত সাফল্য আৰু নিজক প্ৰতিষ্ঠা কৰাত সফল হ’ব ৷ আপুনি মানসিকভাৱে নিজকে সলনি হোৱা যেন অনুভব কৰিব ৷ আপোনাৰ সহকৰ্মী সকলৰ সহযোগিতা লাভ কৰিব আৰু এই কথাই আপোনাৰ কামত ভাল ফল লাভত সহায়ক হ’ব ৷

মীন ৰাশি: দিনটো প্ৰাৰ্থনা আৰু ধ্যানেৰে আৰম্ভণি কৰক ৷ দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ’ব ৷ শৰীৰৰ বিশেষ যত্ন লওক ৷ মানুহৰ লগত সাবধানে কথা পাতক, একে ধৰনে পৰিয়ালৰ লগটো সাৱধানে চলক ৷ হঠাৎ হোবা ধনাগমনে আপোনাক আনন্দিত কৰি তুলিব ৷ ধনৰ আগমণ হ’ব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.