আজিৰ দিনটোৰ ৰাশিফল - Daily Horoscope 28th March

author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 12:20 AM IST

Daily Horoscope 28th March 2024

Daily Horoscope 28th March: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি: দিনটো মধ্যমীয়া ৷ পৰিয়ালৰ বিচৰাখিনি দিবলৈ চেষ্টা কৰক ৷ যিয়ে আপোনাক শান্তি দিব ৷ কথা কওতে সাৱধান হওক অন্যথাআপোনাৰ কথাই আপোনজনক আঘাত কৰিব ৷ অদৰকাৰী বস্তু ক্ৰয় কৰি খৰচ কৰাৰ পৰা বিৰত থাকক ৷

বৃষ ৰাশি: ধনৰ বৰ্ষা হ’ব ৷ আপোনাৰ ওপৰত লক্ষ্মী দেৱী সন্তুষ্ট থাকিব ৷ টকাৰ লেনদেন আৰু ধন আগমনৰ বাট মুকলি হ’ব ৷ আপোনাৰ মন ভালে থাকিব আৰু তাৰ ফলত আগতে ৰৈ যোৱা কামসমূহ সোনকালে শেষ কৰিব পাৰিব ৷ আনন্দৰে থাকক, তাৰ বাবে জমা টকা খৰচ কৰিবলৈ চিন্তা নকৰিব ৷

মিথুন ৰাশি: ব্যায়াম কৰা আৰম্ভ কৰক ৷ আপোনাৰ খং আৰু তিতা মাত কথাই ভুল বুজাবুজিৰ সৃষ্টি কৰিব ৷ ধ্যান কৰক , সুখ অনুভৱ কৰিব! যি আপোনাৰ স্বাস্থ্য ৰক্ষা কৰাত সহায় কৰিব ৷ চকুৰ অসুখত ভোগা সকলৰ বাবে সুবিধাজনক দিন নহয় ৷ আয় ৰ মাত্ৰাতকৈ ব্যৰ মাত্ৰা বৃদ্ধি হ’ব ৷ দুৰ্ঘটনাৰ যোগ আছে, গাড়ী সাৱধানে চলাব ৷ পাৰ্থনা আৰু ধৰ্মীয় কাম-কাজে মনক শান্তি দিব ৷

কৰ্কট ৰাশি: আপোনাৰ কৰ্মদক্ষতাই আপোনাক ভাল ফল ভোগ কৰত সহায় কৰিব ৷ বন্ধুৰ লগত সুন্দৰ সময় উপভোগ কৰিব পাৰিব ৷ অকলশৰীয়া সকল সাজু হওক আপোনালোকে এইকেইদিনতে জীৱনসংগী লাভ কৰিব ৷ দীঘলীয়া ভ্ৰমনত যাব পাৰে আৰু দিনটো সুন্দৰভাৱে পাৰ কৰিব পাৰে ৷

সিংহ ৰাশি: আপোনাৰ কৰ্মদক্ষতা আপোনাৰ কথাত আৰু কামত জিলিকি উঠিব ৷ আপোনাৰ বচ আৰু উচ্চপদস্ত বিষয়াসকল আপোনাৰ কামত সুখী হ’ব, যি আপোনাক সামাজিক পৰিচয় প্ৰদান কৰিব ৷ পিতৃৰ লগত সম্পৰ্কৰ উন্নতি হ’ব আৰু তেওঁৰ পৰা সহায় লাভ কৰিব ৷ মাটি বাৰী বেচা কিনাৰ বাবে সুন্দৰ সময় ৷

কন্যা ৰাশি: আজি আপুনি দুৰ্বল অনুভৱ কৰিব ৷ সন্তানৰ শৰীৰৰ চিন্তাই আপোনাৰ মন অশান্ত কৰি ৰাখিব, যাৰ ফলত আপোনাৰ উদ্দীগ্নতা বৃদ্ধি হ’ব আৰু কাৰ্যক্ষমতা হ্ৰাস পাব ৷ দিনটো যেনে তেনে পাৰ কৰি দিয়ক ৷ আপোনাৰ প্ৰতিদন্দীসকলৰ এতিয়াৰ খোজ কি হ’ব মন দিয়ক যদিহে আপুনি জয়ী হ’ব বিচাৰিছে ৷

তুলা ৰাশি: প্ৰত্যেক খোজ সাৱধানে দিয়ক, আজিৰ দিনটো আজি আপোনাৰ বাবে সুখৰ নহ’বও পাৰে ৷ কাজিয়া, তৰ্ক, খং আৰু বেয়া শৰীৰে আপোনাৰ সমগ্ৰ দিন অসুবিধাজনক কৰি তুলিব পাৰে ৷ শান্ত থাকক আৰু প্ৰতি খোজতে সাৱধান হওক ৷ আজিৰ এটা ভাল দিশ ধনৰ দিশটো ৷ যিয়ে আপোনাক সুখী কৰি তুলিব ৷ ধৰ্মিয় কাম-কাজে মনক স্থিৰ কৰাত সহায় কৰিব ৷

বৃশ্চিক ৰাশি: দিনটো আনন্দৰে পাৰ কৰিব পাৰিব ৷ পুৰনি বন্ধুক লগ পাব আৰু এটা সৰু বনভোজৰ আয়োজন কৰিব পাৰে ৷ আপোনাৰ সুন্দৰ কাপোৰ আৰু গহনা কিনিবলৈ মন যাব অথবা আপুনি জীৱনসংগীৰ পৰা উপহাৰ ৰূপেও এইবোৰ লাভ কৰিব পাৰে ৷ আপুনি সামাজিকভাৱে সন্মান লাভ কৰিব পাৰে ৷

ধনু ৰাশি: আপোনাৰ গ্ৰহ আজি সঠিক স্থানত আছে, যি আপোনাক বহু সুবিধা প্ৰদান কৰিব ৷ আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ অৱস্থা ভালে ৰাখিব ৷ ঘৰ আৰু কৰ্মক্ষেত্ৰৰ পৰিবেশ ভালে থাকিব ৷ মাতৃৰ ঘৰৰ পৰা অহা ভাল খবৰে আপোনক আনন্দিত কৰি তুলিব ৷ আপোনাৰ প্ৰতিদন্দিতকৈ আপুনি নিজকে শক্তিশালী অনুভৱ কৰিব আৰু বিজয়ী হ’ব পাৰিব ৷

মকৰ ৰাশি: আজি আপুনি এলাহ আৰু দুৰ্বল অনুভৱ কৰিব ৷ বিভিন্ন কাৰণত চিন্তিত হৈ থাকিব ৷ মানসিক কাৰণত টান কাম কৰাৰ ক্ষমতা হ্ৰাস হ’ব ৷ সন্তানৰ স্বাস্থ্যৰ যত্ন লওক! দীঘলিয়া উশাহ লওক আৰু জিৰণি আৰু শান্তি অনুভৱ কৰক ৷

কুম্ভ ৰাশি: এটা মধ্যমীয়া দিন ৷ বেয়া চিন্তাবোৰ আঁতৰাই পেলাওক যিবোৰে আপোনাৰ শৰীৰ আৰু পৰিয়ালৰ অশান্তিৰ কাৰণ বুলিব পাৰি ৷ এনে কোনো কাম নকৰিব যি আপোনাক সামাজিকভাৱে সন্মান হানি কৰে ৷ ঘৰ আৰু সম্পত্তিৰ ক্ষেত্ৰত বিচাৰ কৰোঁতে অধিক সাৱধান হওক ৷ শিক্ষাৰ্থীসকলৰ পঢ়াৰ ক্ষেত্ৰত সুগম দিন ৷ ধনৰ দিশত আপোনাৰ ব্যবস্থাপনা সফল হ’ব আৰু ধনাগমনৰ বাট সুগম হ’ব ৷ মাতৃৰ পৰা লাভ পাব ৷

মীন ৰাশি: এই সময় আপোনাৰ বাবে নিজৰ সিদ্ধান্তত নিজে উপনীত হোৱাৰ সময় ৷ এই সিদ্ধান্তই আপোনাৰ ওপৰত ভাল প্ৰভাৱ পেলাব ৷ আপোনাৰ কাৰ্যৰ দ্বাৰা আপুনি সামাজিকভাৱে নিজক প্ৰতিষ্ঠা কৰাত সফল হ’ব ৷ একে সময়তে আপুনি আপোনাৰ জীৱনসংগীৰ ফালৰ পৰাও সহযোগিতা লাভ কৰিব ৷ সংগীৰ লগত দীঘলীয়া যাত্ৰা কৰিব পাৰে ৷ আপোনাৰ প্ৰেমিকাই আপোনাৰ আগত কিবা গুপুত কথা ব্যক্ত কৰিব আৰু আপোনালোক ইজনে সিজনৰ বহুত ওচৰ চাপি আহিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.