ETV Bharat / bharat

হেমন্ত ছোৰেনৰ ইডিৰ জিম্মাৰ ম্যাদ পাঁচদিনলৈ বৃদ্ধি

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 9:49 PM IST

Court extends Hemant Soren's ED remand by five days
হেমন্ত ছোৰেন ৰিমাণ্ডৰ ম্যাদ পুনৰ বৃদ্ধি

Hemant Soren to ED remand : হেমন্ত ছোৰেনৰ জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি আদালতৰ ৷ বুধবাৰে, ইডিৰ বিশেষ আদালতে, ইডিৰ যুক্তি শুনি পুনৰ ছোৰেনক সোধা-পোছাৰ বাবে পুনৰ 5 দিনৰ জিম্মাৰ সময় নিৰ্ধাৰণ কৰে ।

নেশ্যনেল ডেস্ক, 7 ফেব্ৰুৱাৰী : শেহতীয়াকৈ ভূমি কেলেংকাৰীৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক । গ্ৰেপ্তাৰৰ পিচত হেমন্ত ছোৰেনক ইডিয়ে সোধা-পোছাৰ বাবে 5 দিনৰ জিম্মাত বিচাৰে ৷ ইয়াৰ পিচতে বুধবাৰে পুনৰ পৰৱৰ্তী পাঁচ দিনৰ বাবে হেমন্ত ছোৰেনৰ জিম্মাৰ সময়সীমা বৃদ্ধি কৰে আদালতে ৷ বুধবাৰে ইডিৰ বিশেষ আদালতে ইডিৰ যুক্তি শুনি পুনৰ ছোৰেনক সোধা-পোছাৰ বাবে জিম্মাৰ সময় নিৰ্ধাৰণ কৰে ।

পৰৱৰ্তী পাঁচ দিনৰ বাবে জেৰা কৰা হ'ব ছোৰেনক : ৰাঁচী ভূমি কেলেংকাৰী গোচৰত ইডিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক দ্বিতীয়বাৰলৈ পাঁচ দিনৰ বাবে জেৰা কৰিব । ইয়াৰ পূৰ্বে ছোৰেনক 5 দিনৰ সোধা-পোছাৰ বাবে ইডিৰ জিম্মাত ৰাখিছিল ৷ জিম্মাৰ ম্যাদ সমাপ্ত হোৱাৰ পিচতে, সংস্থাটোৰ বিষয়াসকলে প্ৰাক্তন মুখ্যমন্ত্ৰীজনক কঠোৰ নিৰাপত্তাৰ মাজত আজি বিশেষ আদালতত হাজিৰ কৰায় ।

ইডি বিষয়াসকলে আদালতত কৈছিল যে, ৰাঁচী ভূমি কেলেংকাৰীৰ গোচৰত হেমন্ত ছোৰেনৰ পৰা এতিয়াও বহু কথা জানিবলৈ আছে ৷ এনে পৰিস্থিতিত, তেওঁক পুনৰ এবাৰ 7 দিনৰ জিম্মাত দিব লাগে । এই সকলোবোৰ যুক্তি শুনি, আদালতে পুনৰ তেওঁক 5 দিনৰ বাবে জিম্মাত অনুমোদন কৰে ।

ইয়াৰ পূৰ্বে, ইডিয়ে হেমন্ত ছোৰেনসহ তেওঁৰ কিছু নিকট আত্মীয়ক পাঁচ দিনৰ বাবে জিম্মাত জেৰা কৰিছিল । মঙলবাৰে, ইডিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক ৰাঁচী ভূমি কেলেংকাৰীত ৮.৫০ একৰ ভূমি দখল আৰু ধন ৰপ্তানিৰ গোচৰত গোটেই দিনটো জেৰা কৰিছিল । ইডিৰ জেৰা আৰু তদন্তৰ সময়ত প্ৰকাশিত তথ্যৰ ভিত্তিত, ইডিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক গ্ৰেপ্তাৰ কৰে ।

ইফালে ইডি সূত্ৰৰ মতে, ভূমি কেলেংকাৰীত হেমন্ত ছোৰেনৰ ঘনিষ্ঠ বিনোদ সিঙৰ নামো সাঙোৰ খাইছে । ইতিমধ্য়ে বিনোদ সিঙৰ বিষয়ে নতুন তথ্য লাভ কৰা হৈছে । ইয়াৰ ভিত্তিত, বিনোদ সিঙক মঙলবাৰে ইডিৰ কাৰ্যালয়লৈ মাতি পঠোৱা হৈছিল । হেমন্ত ছোৰেন আৰু বিনোদ সিঙক সোধা পোছাৰ সময়ত প্ৰাপ্ত তথ্য অনুসৰি ঘটনাস্থলীত ইডিয়ে পুনৰ পৰীক্ষা চলাইছিল ।

লগতে পঢ়ক: হেমন্ত ছোৰেনক ৫ দিনৰ ইডিৰ জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.