ETV Bharat / bharat

এজন চাহ বিক্ৰেতা, এইবাৰৰ নিৰ্বাচনতো পুনৰ ভাগ্য পৰীক্ষা কৰিবলৈ সাজু আনন্দ - Famous Chaiwala Story

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 10:03 PM IST

Famous Chaiwala Story
এজন চাহ বিক্ৰেতা, এইবাৰ আলমীৰাত পুনৰ ভাগ্য পৰীক্ষা কৰিবলৈ সাজু আনন্দ

Famous Chaiwala Story: ঘঁহিলে শিলো ক্ষয় যায় - এই কথাষাৰকে সাৰোগত কৰি এইবাৰ পুনৰ 28 নম্বৰ বাৰৰ বাবে নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ সাজু হৈছে চাহ বিক্ৰেতা আনন্দ কুশাৱাহা ৷

নেশ্যনেল ডেস্ক, 2 এপ্ৰিল : সমাগত মধ্যপ্ৰদেশৰ লোকসভা নিৰ্বাচন ৷ মধ্য প্ৰদেশৰ নিৰ্বাচন বুলি ক’লেই এজন ব্যক্তিয়ে বাতৰিৰ শিৰোনাম দখল কৰে ৷ এইগৰাকী হৈছে মধ্যেপ্ৰদেশৰ গোৱালিয়ৰৰ প্ৰখ্যাত চাহ বিক্ৰেতা তথা নেতা আনন্দ কুশাৱাহা ৷

এই চাহ বিক্ৰেতাজনৰ আছে আন এক পৰিচয় ৷ কেৱল চাহ বিক্ৰেতা বুলি নহয় তেওঁ জনাজাত এজন প্ৰসিদ্ধ নেতা হিচাপে ৷ এই চাহ বিক্ৰেতাগৰাকীয়ে ৰাজ্যখনত কাউঞ্চিলাৰৰ পৰা ৰাষ্ট্ৰপতি পদলৈ 27 বাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ ৰাজ্যখনৰ প্ৰত্যেকটো নিৰ্বাচনতেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াই এইগৰাকী আনন্দই ৷ সেই পৰম্পৰা ধৰি ৰাখিয়েই মধ্যপ্ৰদেশৰ লোকসভা নিৰ্বাচন 2024 ত ২৮ নম্বৰ বাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহিছে নেতাগৰাকীয়ে ৷ গোৱালিয়ৰ সমাধিয়া কলনীত এখন সৰু চাহৰ দোকান চলায় আনন্দই ।

  • " class="align-text-top noRightClick twitterSection" data="">

আনন্দ কুশৱাহাই 1994 চনত প্ৰথমবাৰৰ বাবে কাউন্সিলাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয় আৰু প্ৰপত্ৰ পূৰণ কৰে। একেটা নিৰ্বাচনতে, প্ৰাক্তন মন্ত্ৰী নাৰায়ণ সিং কুশৱাহাইও পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, এনে পৰিস্থিতিত আনন্দ কুশৱাহাই সামাজিক সমন্বয়ৰ বাবে তেওঁৰ নাম প্ৰত্যাহাৰ কৰিছিল ৷ তেতিয়াই প্ৰাক্তন মন্ত্ৰী নাৰায়ণ সিঙে আনন্দ কুশৱাহাক এনে কিছুমান কথা কৈছিল, যি কথাই তেওঁৰ হৃদয় স্পৰ্শী গৈছিল ৷ তেতিয়াই তেওঁ সেই সময়ত সিদ্ধান্ত লৈছিল যে, তেওঁ যিকোনো পৰিস্থিতিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ।

চাহ বিক্ৰেতা আনন্দ কুশৱাহাই এইবাৰ আলমাৰীক প্ৰতীক চিহ্ন লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ থিৰাং কৰে ৷ তেওঁ প্ৰতিবাৰেই কেটলী চিহ্নত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে আৰু নিৰ্বাচনৰ প্ৰতীকটো কেটলী হিচাপে ৰাখিবলৈ অনুমতি নাপালে তেওঁ নাম প্ৰত্যাহাৰ কৰে । যোৱা বৰ্ষত ২০২৩ চনৰ বিধানসভা নিৰ্বাচনৰ সময়তো একেই ঘটনা ঘটিছিল । নিৰ্বাচন প্ৰক্ৰিয়াৰ সময়ত, কেটলীৰ চিহ্নটো আন এজন প্ৰাৰ্থীক আৱণ্টন কৰা হৈছিল, সেয়েহে তেওঁ অৱশেষত নিৰ্বাচনৰ পৰা নাম প্ৰত্যাহাৰ কৰে ।

আনন্দে তেওঁৰ সৰু চাহৰ দোকানখনৰ পৰা নিৰ্বাচনত যুঁজিবলৈ ধন সঞ্চয় কৰে ৷ যেতিয়াই নিৰ্বাচন আহে, তেওঁ নিৰ্বাচনৰ বাজেটৰ সমান ধন ব্যয় কৰে ৷ তেওঁ নিজ নাম আৰু চিহ্নৰ পত্ৰিকা ছপা কৰে আৰু বিতৰণ কৰে। তেওঁ নিজৰ দোকানত চাহ খাবলৈ অহা লোকসকলক ভোট দিবলৈ অনুৰোধ কৰে।

লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তুতি চলাই আনন্দই কয় যে, যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজকে চাহৱালা বুলি বৰ্ণনা কৰে, তেনেহ’লে আনন্দ কুশৱাহাইও একেই সপোন দেখিছে । এয়া হৈছে ভাৰত, আৰু ইয়াত বহুতো সম্ভাৱনা আছে। যেতিয়া এজন চাহৱালা দেশৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে, কোনে জানে যে আনন্দ কুশৱাহাৰ সপোনো সঁচা হ'ব । অৱশ্যে, ২৭ টা নিৰ্বাচনত আনন্দ হতাশ হৈছে যদিও এদিন হ’লেও বিজয়ৰ আশাত তেওঁ পুনৰ এবাৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ।

লগতে পঢ়ক: নিৰ্বাচনী বণ্ড সন্দৰ্ভত স্পষ্টীকৰণ, প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ - Electoral bonds issue

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.