ETV Bharat / bharat

ছমাহৰ বাবে AFSPA ৰ ম্যাদ সম্প্ৰসাৰণ নাগালেণ্ডত - Centre extends AFSPA in Nagaland

author img

By ANI

Published : Mar 28, 2024, 9:59 AM IST

AFSPA IN NORTH EAST
AFSPA IN NAGALAND

AFSPA in Nagaland: পূৰ্বোত্তৰৰ অন্যতম ৰাজ্য নাগালেণ্ডত পুনৰ ছমাহৰ বাবে সম্প্ৰসাৰণ কৰা হৈছে সশস্ত্ৰ বাহিনীৰ (বিশেষ ক্ষমতা) আইন, ১৯৫৮ ৰ ম্যাদ । ৰাজ্যখনৰ আঠখন জিলা আৰু পাঁচখন জিলাৰ 21 খন থানাৰ অধীনৰ অঞ্চলত AFSPA ৰ ম্যাদ সম্প্ৰসাৰণৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ ।

নিউজ ডেস্ক, 28 মাৰ্চ: কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ডৰ আঠখন আৰক্ষী জিলা আৰু পাঁচখন জিলাৰ ২১ খন আৰক্ষী থানাত সশস্ত্ৰ বাহিনীৰ (বিশেষ ক্ষমতা) আইন, ১৯৫৮ ৰ ম্যাদ সম্প্ৰসাৰণ কৰিছে । এই অঞ্চলসমূহক এই বছৰৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ছমাহৰ বাবে 'অশান্ত অঞ্চল' হিচাপে ঘোষণা কৰি AFSPAৰ ম্যাদ সম্প্ৰসাৰণ কৰিছে । যদিহে আগতে প্ৰত্যাহাৰ কৰা নহয় তেন্তে ছমাহৰ বাবে এই অঞ্চলত AFSPA বলৱৎ হৈ থাকিব ।

গৃহ মন্ত্ৰণালয়ে এক জাননীৰ জৰিয়তে ঘোষণা কৰে যে নাগালেণ্ডৰ ডিমাপুৰ, নিউলেণ্ড, চুমুকেডিমা, সোম, কিফিৰে, নকলাক, ফেক আৰু পেৰেন জিলাত অহা ছমাহৰ বাবে AFSPA ৰ ম্যাদ সম্প্ৰসাৰণ কৰা হৈছে ।

ইয়াৰ উপৰিও, নাগালেণ্ডৰ পাঁচখন জিলাৰ 21 খন আৰক্ষী থানাৰ অধীনত থকা অঞ্চলবোৰতো AFSPA সম্প্ৰসাৰণ কৰা হৈছে । জুনহেবোটো আৰু মোকোকচুং জিলাৰ ছখনকৈ আৰক্ষী থানা; কোহিমাৰ পাঁচখন আৰক্ষী থানা; ওখাত তিনিখন আৰক্ষী থানা আৰু লংলেং জিলাৰ য়াংলোক আৰক্ষী থানাৰ অধীনৰ অঞ্চল সমূহত ছমাহৰ বাবে AFSPA ৰ ম্যাদ সম্প্ৰসাৰণ কৰা হৈছে ।

এই 21 খন আৰক্ষী থানাৰ ভিতৰত আছে কোহিমা জিলাৰ খুজামা, কোহিমা উত্তৰ, কোহিমা দক্ষিণ, জুবজা আৰু কেজোচা আৰক্ষী থানা; মকোকচুং জিলাৰ মাংকোকোলেম্বা, মকোকচুং-১, লংথো, টুলি, লংচেম আৰু আনাকী 'চি' আৰক্ষী থানা; লংলেং জিলাৰ য়াংলোক আৰক্ষী থানা; ওখা জিলাৰ ভাণ্ডাৰী, চম্পাং, ৰালান আৰক্ষী থানা; আৰু জুনহেবোটো জিলাৰ ঘাটাশী, পুঘোবোটো, সাতাখা, সুৰুহুটো, জুনহেবোটো আৰু আঘুনাটো আৰক্ষী থানা।

নাগালেণ্ডৰ ডিমাপুৰ, নিউলেণ্ড, চুমুকেডিমা, সোম, কিফিৰে, নকলাক, ফেক, পেৰেন জিলা আৰু কোহিমা জিলাৰ খুজামা, কোহিমা উত্তৰ, কোহিমা দক্ষিণ, জুবজা আৰু কোহিমা জিলাৰ কেজোচা আৰক্ষী থানা; মকোকোকচুং জিলাৰ মাংকোকোলেম্বা, মকোকচুং-১, লংথো, টুলি, লংকেম আৰু আনাকী 'চি' আৰক্ষী থানা; লংলেং জিলাৰ য়াংলোক আৰক্ষী থানা; ওখা জিলাৰ ভাণ্ডাৰী, চম্পাং আৰু ৰালান আৰক্ষী থানা; জুনহেবোটো জিলাৰ ঘাটাশী, পুঘোবোটো, সাতাখা, সুৰুহুটো, জুনহেবোটো আৰু আঘুনাটো আৰক্ষী থানাসমূহক সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, 1958ৰ ধাৰা 3-ৰ অধীনত 1 এপ্ৰিল, 2024 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ 'অশান্ত অশান্ত' হিচাপে ঘোষণা কৰা হয় । গতিকে এই অঞ্চলসমূহত পৰৱৰ্তী অধিসূচনা জাৰী নকৰা পৰ্যন্ত AFSPA কাৰ্যকৰী হৈ থাকিব ।

নগালেণ্ডৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ অধিক পৰ্যালোচনাৰ পাছতে কেন্দ্ৰই এই পদক্ষেপ গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ (১৯৫৮ চনৰ ২৮) ধাৰা ৩ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি নাগালেণ্ড ৰাজ্যৰ আন আঠখন জিলা আৰু পাঁচখন জিলাৰ ২১খন থানাক ‘অশান্ত এলেকা’ বুলি ঘোষণা কৰি ছমাহৰ বাবে ১ অক্টোবৰ, ২০২৩ৰ পৰা কাৰ্যকৰী হোৱাকৈ AFSPA বলৱৎ কৰিছিল ।

AFSPA ই নিৰাপত্তা বাহিনীক ৱাৰেণ্ট অবিহনে কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ, ৱাৰেণ্ট অবিহনে চৌহদত প্ৰৱেশ বা তালাচীৰ লগতে আন কিছুমান কাৰ্য্যৰ ক্ষমতা প্ৰদান কৰে ।

লগতে পঢ়ক: বিজাপুৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 6 নক্সাল সদস্য - Naxals killed in encounter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.