ETV Bharat / bharat

বিয়া খাবলৈ গৈ শোকাৱহ পথ দুৰ্ঘটনা, নিহত 6

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 8:41 PM IST

Karnataka road mishap
বিয়া খাবলৈ গৈ শোকাৱহ পথ দুৰ্ঘটনা, 6 নিহত

Karnataka road mishap : কৰ্ণাটকৰ খানাপুৰ তালুকৰ মংগনাকোপ্পা আৰু বিড়ি গাঁৱত শোকাৱহ পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাত 6 জন লোকৰ মৃত্যু হোৱাৰ লগতে 4 গৰাকী লোক আহত হৈছে ৷

নেশ্যনেল ডেস্ক, 22 ফেব্ৰুৱাৰী : কৰ্ণাটকৰ বেলাগাভিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ এই পথ দুৰ্ঘটনাত 6 জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ বৃহস্পতিবাৰে বিয়লি খানাপুৰ তালুকৰ মংগনাকোপ্পা আৰু বিড়ি গাঁৱৰ মাজত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ৷

  • " class="align-text-top noRightClick twitterSection" data="">

মৃত লোকসকল ধাৰৱাড চহৰৰ লাংগোটি গেলিৰ বাসিন্দা বুলি জানিব পৰা গৈছে । মৃত কেইগৰাকী হ’ল, গাড়ী চালক শ্বাহৰুখ পেণ্ডাৰী (৩০), ইকবাল জামাদাৰ (৫০), ছানিয়া লাংগোটি (৩৭), উমৰা বেগম লাংগোটি (১৭), চাবানামা লাংগোটি (৩৭), পৰাণ লাংগোটি (১৩) । আনহাতে ফাৰাথ বেটাগেৰী(১৮), চফিয়া লাংগোটি(২২), ছানিয়া ইকবাল জামাদাৰ(৩৬), মোহিন লাংগোটি(৭) আহত হৈছে বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে এজনৰ অৱস্থা সংকটজনক ৷

ঘটনাৰ বিৱৰণী অনুসৰি, পৰিয়ালটো কিত্তুৰৰ পৰা গাড়ীৰে খানাপুৰা তালুকৰ গোলিহাল্লি গাঁৱলৈ এখন বিয়া খাবলৈ গৈ আছিল । কিন্তু চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এডাল গছত খুন্দিয়াই দিয়ে ৷ এই দুৰ্ঘটনা ইমানেই ভয়াবহ আছিল যে, বাহনখন সম্পূৰ্ণৰূপে ভাঙি চূৰ্ণ-বিচূৰ্ণ হৈ পৰিছিল ৷

এই দুৰ্ঘটনাৰ পিচতে স্থানীয় লোক আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহসমূহ বাহনৰ পৰা উলিয়াই আনে ৷ লগে লগে তেওঁলোকে আহতসকলক জিলা চিকিৎসালয়ত ভৰ্তি কৰে ।

এই ঘটনাৰ খবৰ লাভ কৰি, জিলা আৰক্ষী অধীক্ষক ড৹ ভীম শংকৰ গুলেদাই ঘটনাস্থলী পৰিদৰ্শন কৰে ৷ আৰক্ষীয়ে স্থানীয় লোকক ঘটনা সন্দৰ্ভত সোধা-পোছা অব্যাহত ৰাখিছে ৷ ইতিমধ্যে মৃতদেহকেইটা আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ আহতকেইগৰাকীৰ অৱস্থাৰ বুজ ল’বলৈ চিকিৎসালয়ত আৰক্ষী উপস্থিত হৈছে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি তেওঁলোকৰ এজনৰ অৱস্থা সংকটজনক যদিও অন্য তিনিগৰাকী আৰোগ্য হৈছে ৷

লগতে পঢ়ক: ভাৰতীয় নৌসেনাৰ বাবে ২০০ৰো অধিক ব্ৰহ্ম'ছ মিছাইল অধিগ্ৰহণত অনুমোদন চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.