ETV Bharat / bharat

আঞ্চলিক ভাষাত হ'ব চিএপিএফ কনিষ্টবলৰ নিযুক্তি পৰীক্ষা, অসমীয়া ভাষাকো অন্তৰ্ভুক্ত

CAPF Constable exam: কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত যোগদান কৰিব বিচৰাসকলৰ বাবে ডাঙৰ খবৰ । দেশৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীসকলে এতিয়াৰে পৰা স্থানীয় তথা আঞ্চলিক ভাষাতে দিব পাৰিব পৰীক্ষা । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ মতে ১৩ টা আঞ্চলিক ভাষাত থাকিব কনিষ্টবল (জি.ডি.) পৰীক্ষাৰ প্ৰশ্নকাকত ।

CAPF Constable exam
আঞ্চলিক ভাষাত হ'ব চিএপিএফ কনিষ্টবলৰ নিযুক্তি পৰীক্ষা
author img

By ETV Bharat Assamese Team

Published : February 11, 2024 at 3:49 PM IST

2 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক,১১ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ) কনিষ্টবল পদৰ পৰীক্ষাৰ্থীসকলৰ বাবে সুখবৰ । হিন্দী আৰু ইংৰাজীৰ উপৰিও কেন্দ্ৰীয় চিএপিএফৰ কনিষ্টবলৰ (জেনেৰেল ডিউটি) বাছনি পৰীক্ষা প্ৰথমবাৰৰ বাবে ১৩ টা আঞ্চলিক ভাষাত অনুষ্ঠিত হ'ব । অহা ২০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈ দেশজুৰি ১২৮ টা কেন্দ্ৰত প্ৰায় ৪৮ লাখ পৰীক্ষাৰ্থী এই বাছনি পৰীক্ষাত অৱতীৰ্ণ হ'ব ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে চিএপিএফৰ নিযুক্তিৰ বাবে হিন্দী আৰু ইংৰাজীৰ উপৰিও ১৩ টা আঞ্চলিক ভাষাত কনিষ্টবল (জি.ডি.) পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত নিষ্ঠাৱান যুৱক-যুৱতীৰ অংশগ্ৰহণ বৃদ্ধি কৰা আৰু পৰীক্ষা প্ৰক্ৰিয়াক অধিক অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশতে এই সিদ্ধান্ত লোৱা হয় ।

কনিষ্টবল (জি.ডি) পৰীক্ষাৰ বাবে প্ৰশ্নকাকত এতিয়া নিম্নলিখিত ১৩ টা আঞ্চলিক ভাষাত হ'ব:

১. অসমীয়া

২. বাংলা

৩. গুজৰাটী

৪. মাৰাঠী

৫. মালায়ালম

৬. কানাড়া

৭. তামিল

৮. তেলেগু

৯. ওড়িয়া

১০. উৰ্দু

১১. পাঞ্জাবী

১২. মণিপুৰী

১৩. কোংকণী

কৰ্মচাৰী বাছনি আয়োগৰ (এছ.এছ.চি.) দ্বাৰা অনুষ্ঠিত আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাবোৰৰ ভিতৰত অন্যতম হৈছে কনিষ্টবল (জি.ডি.) বাছনি পৰীক্ষা । এই পৰীক্ষাৰ ওপৰত দেশৰ লাখ লাখ যুৱক-যুৱতীৰ দৃষ্টি নিবদ্ধ থাকে । ই হৈছে আটাইতকৈ জনপ্ৰিয় পৰীক্ষাবোৰৰ ভিতৰত অন্যতম যি সকলো ধৰ্ম, জাতি আৰু বৰ্ণৰ যুৱক-যুৱতীসকলক নিযুক্তি প্ৰদান কৰে ।

ইফালে আঞ্চলিক ভাষাত পৰীক্ষা অনুষ্ঠিত কৰাৰ এই ঐতিহাসিক সিদ্ধান্তই দেশজুৰি লাখ লাখ যুৱক-যুৱতীক তেওঁলোকৰ মাতৃভাষা বা আঞ্চলিক ভাষাত পৰীক্ষা দিবলৈ সক্ষম কৰি তুলিব । ই লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপিৰ) প্ৰতিদ্বন্দীসকলৰ বাবেও এক বৃহৎ আঘাত । কিয়নো বিৰোধীয়ে প্ৰায়ে অভিযোগ কৰি আহিছে যে বিজেপিয়ে দেশৰ বিভিন্ন প্ৰান্তত হিন্দী জাপি দিয়াৰ চেষ্টা কৰিছে ।

অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ বাবে সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলে এতিয়া তেওঁলোকৰ মাতৃভাষাত চিএপিএফ কনিষ্টবল (জি.ডি) পৰীক্ষা দি ৰাষ্ট্ৰীয় সেৱাত কেৰিয়াৰ গঢ়ি তোলাৰ এক চমৎকাৰী সুযোগ লাভ কৰিব ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হ'ব নাগৰিকত্ব সংশোধনী আইন: অমিত শ্বাহ