ETV Bharat / bharat

বিদ্যালয় সেৱা আয়োগৰ ২০১৬ৰ সম্পূৰ্ণ পেনেল বাতিল কলিকতা উচ্চ ন্যায়ালয়ৰ; ২৫,৭৫৩ জনে হেৰুৱালে চাকৰি - SSC Recruitment Case

West Bengal job scam: ন্যায়াধীশ দেৱাংশু বাছাকৰ খণ্ড বিচাৰপীঠৰ ৰায়ে পশ্চিম বংগৰ ২৫,৭৫৩ জন লোকৰ নিযুক্তি বাতিল কৰে । লগতে বিদ্যালয় সেৱা আয়োগৰ ২০১৬ৰ সম্পূৰ্ণ পেনেল বাতিল কৰা হয় ।

West Bengal job scam
SSC RECRUITMENT CASE
author img

By ETV Bharat Assamese Team

Published : April 22, 2024 at 10:43 PM IST

3 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ২২ এপ্ৰিল: কলিকতা উচ্চ ন্যায়ালয়ে সোমবাৰে পুৱা বিদ্যালয় সেৱা আয়োগৰ ২০১৬ৰ সম্পূৰ্ণ পেনেল (গ্ৰুপ-চি, ডি, নৱম-দ্বাদশ) বাতিল কৰে । এছ এছ চি নিযুক্তিৰ দুৰ্নীতিৰ গোচৰত উচ্চ ন্যায়ালয়ে ২৮১ পৃষ্ঠাৰ ৰায়দান কৰে ।

ন্যায়াধীশ দেৱাংশু বাছাকৰ খণ্ড বিচাৰপীঠে এই ৰায়দানত ২৫,৭৫৩ জন লোকৰ নিযুক্তি বাতিল কৰে । একে সময়তে বিদ্যালয় সেৱা আয়োগক নতুন নিবিদা প্ৰস্তুত কৰি নিযুক্তি প্ৰক্ৰিয়া নতুনকৈ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পিচত আৰম্ভ হ’ব এই প্ৰক্ৰিয়া ।
অবৈধভাৱে নিয়োগ কৰাসকলক চাৰি সপ্তাহৰ ভিতৰত ১২ শতাংশ সুতৰে দৰমহা ঘূৰাই দিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে । একে সময়তে নিযুক্তি দুৰ্নীতিৰ গোচৰৰ তদন্ত অব্যাহত ৰাখিবলৈ চিবিআইকো নিৰ্দেশ দিয়া হৈছে ।

বিদ্যালয় সেৱা আয়োগক সকলো অ’এমআৰ শ্বীটৰ কপি এছএছচি চাৰ্ভাৰত আপলোড কৰিবলৈও নিৰ্দেশ দিয়া হৈছে । যদিহে অধিক তদন্তৰ সময়ত পশ্চিম বংগৰ আন কোনো মন্ত্ৰী নিযুক্তি কেলেংকাৰীৰ সৈতে জড়িত বুলি ধৰা পৰে, তেন্তে তেওঁলোকক গ্ৰেপ্তাৰ কৰাত চিবিআইৰ কোনো বাধা নাই ।
কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত পশ্চিম বংগৰ চৰকাৰী বিদ্যালয় নিযুক্তি প্ৰক্ৰিয়াত ২০১৬ চনত সংঘটিত হোৱা দুৰ্নীতিৰ গোচৰৰ তদন্ত আৰম্ভ কৰিছে চিবিআইয়ে । ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত তেতিয়াৰ ৰাজ্যৰ শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰা হৈছে ।

চেটাৰ্জীৰ বাহিৰেও শাসকীয় দলৰ কেইবাজনো হেভিৱেট নেতা জেলত আছে । নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষক নিযুক্তিৰ লগতে গ্ৰুপ চি আৰু গ্ৰুপ ডিক ৰাজ্যিক পৰ্যায়ৰ বাচনি পৰীক্ষা ২০১৬ (এছ এল এছ টি)ৰ জৰিয়তে নিযুক্তি দিয়াৰ ক্ষেত্ৰত দুৰ্নীতি হোৱা বুলি কেন্দ্ৰীয় সংস্থাটোৱে তথ্য পাইছে ।
স্মৰণীয় যে প্ৰাক্তন ন্যায়াধীশ অভিজিৎ গংগোপাধ্যায়ে এই গোচৰত বহু অযোগ্য শিক্ষকৰ চাকৰি বাতিলৰ নিৰ্দেশ পূৰ্বেও দিছিল । ৰাজ্য চৰকাৰৰ এক আবেদনৰ পিচতে উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ স্থগিত ৰাখিছিল ।

উল্লেখ্য যে যোৱা ৯ নৱেম্বৰৰ পৰা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত কলিকতা উচ্চ ন্যায়ালয়ত ন্যায়াধীশ দেবংশু বাছাক আৰু ন্যায়াধীশ শ্বব্বৰ ৰছিদীৰ বিশেষ খণ্ড বিচাৰপীঠ গঠন কৰা হৈছিল । এছ এছ চিৰ গোচৰৰ শুনানি যোৱা ডিচেম্বৰত আৰম্ভ হৈছিল । উচ্চতম ন্যায়ালয়ে ছমাহৰ ভিতৰত কাৰ্যবিধি সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে । বাদী, তদন্তকাৰী সংস্থা চিবিআই, বিদ্যালয় সেৱা আয়োগ আৰু পশ্চিমবংগ মাধ্যমিক শিক্ষা ব’ৰ্ড (ডব্লিউবিএছই)কে ধৰি সকলো পক্ষৰ বক্তব্য শুনাই ন্যায়াধীশ দেবংশু বাছাকে কয় যে ৰাজ্য চৰকাৰে এই ৰায়ক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ আদালতলৈ গোচৰটো আগবঢ়াই নিয়াৰ সুযোগ পাব ।
ৰায় ঘোষণাৰ পূৰ্বে তৃণমূলৰ নেতা কুনাল ঘোষে এক্স হেণ্ডেলত লিখিছিল, "ভুল, অন্যায়, শিক্ষক চাকৰিৰ গোচৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে । দোষীক শাস্তি দিব লাগে । কিন্তু, যোগ্য প্ৰাৰ্থীক চাকৰিপোৱাত বাধা দিব নালাগে । মমতা বেনাৰ্জীৰ চৰকাৰে আন্তৰিক সদিচ্ছাৰে তেওঁলোকক চাকৰি দিয়াৰ চেষ্টা কৰিছিল । অগ্ৰাধিকাৰ দি যোগ্য মানুহক অনিশ্চয়তাৰ মাজত এৰি নাযাওঁ আহক । চৰকাৰে ইয়াৰ বাবে প্ৰয়োজনীয় কাম কৰিছে । চৰকাৰৰ এই প্ৰচেষ্টা গ্ৰহণযোগ্য হ'ব বুলি আশা কৰিলোঁ ।"

লগতে পঢ়ক: নিৰ্বাচনৰ ফলাফলৰ পূৰ্বেই লোকসভাৰ সাংসদ হ’ল বিজেপি প্ৰাৰ্থী মুকেশ দালাল - Lok Sabha Election 2024