ETV Bharat / bharat

নতুন দিল্লীৰ কৰ্তব্য পথত জিলিকিব অৰুণাচল প্ৰদেশৰ বুগুন কমিউনিটি ৰিজাৰ্ভ

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 7:55 PM IST

75th Republic Day: 75 সংখ্যক গণৰাজ্য দিৱসত প্ৰদৰ্শিত হ’ব অৰুণাচল প্ৰদেশৰ প্ৰতীকপট ৷ পাহাৰীয়া ৰাজ্যখনৰ প্ৰতীকপট হিচাবে এইবাৰ প্ৰদৰ্শন কৰা হ’ব ‘বুগুন কমিউনিটি ৰিজাৰ্ভ’ ৷ ইয়াৰ মূলতে বুগুন লৈচিচলা পক্ষী সংৰক্ষণ ৷

Bugun Village Community Reserve
কৰ্তব্য পথত অৰুণাচল প্ৰদেশৰ বুগুন কমিউনিটি ৰিজাৰ্ভ

তেজপুৰ, ২৫ জানুৱাৰী : কাইলৈ ​​নতুন দিল্লীৰ কৰ্তব্য পথত উদযাপিত হ’ব ৭৫ সংখ্যক গণৰাজ্য দিৱস ৷ দেশৰ ৰাজধানীত উদযাপিত হ’বলগীয়া 75 সংখ্যক গণৰাজ্য দিৱসত প্ৰদৰ্শিত নহয় অসমৰ প্ৰতীকপট ৷ অৱশ্যে অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ প্ৰতীকপট হিচাবে ‘বুগুন কমিউনিটি ৰিজাৰ্ভ’ গৌৰৱেৰে প্ৰদৰ্শিত হ’ব আৰু ‘বিক্ষিত ভাৰত’ৰ বিষয়বস্তু হিচাবে প্ৰদৰ্শন কৰা হ’ব ।

উল্লেখ্য যে ২০১৭ চনত অৰুমাচল প্ৰদেশত স্থাপন কৰা বুগুন কমিউনিটি ৰিজাৰ্ভত বহুতো বিৰল আৰু বিপন্ন প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ উপলব্ধ ৷ বুগুন কমিউনিটি ৰিজাৰ্ভত বিৰল বুগুন লৈচিচলা পক্ষীও উপলব্ধ ৷ বিৰল প্ৰজাতিৰ পক্ষী আৰু অন্যান্য প্ৰাণী সংৰক্ষণৰ বাবে বুগুন কমিউনিটি ৰিজাৰ্ভে বিভিন্ন সময়ত বঁটা লাভ কৰি আহিছে ৷ ৰাষ্ট্ৰসংঘৰ ইউএনডিপিৰ দ্বাৰা ২০১৮ চনত এছবিভিচিআৰে শ্ৰেষ্ঠ ভাৰত জৈৱ বৈচিত্য-২০১৮ৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল ।

বিশেষকৈ বুগুন লৈচিচলা চৰাই সংৰক্ষণ কৰি দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা গুন কমিউনিটি ৰিজাৰ্ভৰ প্ৰতীক কাইলৈ দেখা যাব নতুন দিল্লীৰ কৰ্তব্য পথত ৷ প্ৰতীকপট প্ৰদৰ্শনৰ পূৰ্বে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে অংশগ্ৰহণকাৰীসকলে ৷

উল্লেখ্য যে নতুন দিল্লীত উদযাপিত হ’বলগীয়া 75 সংখ্যৰ গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব ৷ আনহাতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰিব ৷ তদুপৰি ‘বিকশিত ভাৰত’ আৰু ‘ভাৰত- লোকতন্ত্ৰ কি মত্ৰুকা’ বিষয়বস্তুৰ ওপৰত আধাৰিত কুচকাৱাজত প্ৰায় ১৩,০০০ বিশেষ অতিথিয়ে অংশগ্ৰহণ কৰিব ৷

সাহসিকতা, কলা আৰু সংস্কৃতি, ক্ৰীড়া, বিজ্ঞান আৰু প্ৰযুক্তি, উদ্ভাৱন আৰু সমাজ সেৱাৰ ক্ষেত্ৰত বিশেষ সাফল্য অৰ্জন কৰা শিশুসকলক প্ৰদান কৰা হ’ব প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ৷ উক্ত পুৰস্কাৰৰ বাবে নিৰ্বাচিত কৰা হৈছে 19 গৰাকীক ৷ তাৰে ভিতৰত আছে অসমৰ সাইৰাম মজুমদাম(সমাজ সেৱা) আৰু অৰুণাচল প্ৰদেশৰ জেছিকা নেয়ি ছেৰিং (ক্ৰীড়া) ৷

লগতে পঢ়ক: গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ পদক ঘোষণা, অসমৰ ১৫ গৰাকী আৰক্ষীলৈ পদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.