ETV Bharat / bharat

ৰাষ্ট্ৰপতিৰ ভাষণেৰে আজিৰে পৰা আৰম্ভ বাজেট অধিৱেশন

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 7:43 AM IST

Updated : Jan 31, 2024, 11:09 AM IST

Budget Session 2024: আজিৰে পৰা আৰম্ভ হৈছে বাজেট অধিৱেশন ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে আজি নিম্ন আৰু উচ্চ সদনৰ যুটীয়া বৈঠকত ভাষণ দিব ৷

Budget Session 2024
ৰাষ্ট্ৰপতিৰ ভাষণেৰে আজিৰে পৰা আৰম্ভ হ’ব বাজেট অধিৱেশন

নিউজ ডেস্ক, 31 জানুৱাৰী : মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন বাজেট অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে ৷ পূৰ্বৰ পৰম্পৰা অনুসৰি অধিৱেশনৰ প্ৰথম দিনটো ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে নিম্ন আৰু উচ্চ সদনৰ যুটীয়া বৈঠকত ভাষণ দিয়ে ৷ আনহাতে, 1ফেব্ৰুৱাৰীত অন্তৱৰ্তীকালীন বাজেট উপস্থাপন কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷

এপ্ৰিল বা মে' মাহত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে 1 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে অন্তৱৰ্তীকালীন বাজেট উপস্থাপন কৰিব বিত্তমন্ত্ৰীয়ে । নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত সম্পূৰ্ণ বাজেট উপস্থাপন কৰিব । বাজেট অধিৱেশনত বিৰোধী দল সমূহৰ নেতাক সহযোগিতা কৰিবলৈ আহ্বান জনাই সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৷ আনহাতে, বাজেট অধিৱেশনক লৈ মঙলবাৰে সংসদত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছিল ৷

9 ফেব্ৰুৱাৰীত সমাপ্ত হ'বলগীয়া সংসদৰ চমু অধিৱেশনৰ মূল কাৰ্যসূচী সম্পৰ্কত যোশীয়ে কৈছিল, ৰাষ্ট্ৰপতিৰ ভাষণ, অন্তৱৰ্তীকালীন বাজেট উপস্থাপন আৰু প্ৰধানমন্ত্ৰী মোদীৰ উত্তৰৰ সৈতে ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদ প্ৰস্তাৱৰ ওপৰত বিতৰ্ক ।

ইফালে চৰকাৰক শলঠেকত পেলাবলৈ বিৰোধীয়ে বিভিন্ন বিষয়ৰ সন্দৰ্ভত প্ৰশ্ন উত্তাপন কৰিবলৈ সাজু হৈছে ৷ এই ক্ষেত্ৰত কংগ্ৰেছ নেতা কে সুৰেশে কয় যে, অধিৱেশনৰ সময়ত নিবনুৱা, উচ্চ মুদ্ৰাস্ফীতি, গোষ্ঠী সংঘৰ্ষ জৰ্জৰ মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিব।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী যোশীৰ মতে, বাজেট অধিৱেশনৰ বাবে চৰকাৰৰ কোনো আইনী কাৰ্যসূচী নাছিল ৷ ৰাষ্ট্ৰপতিৰ ভাষণ, ধন্যবাদ প্ৰস্তাৱৰ ওপৰত বিতৰ্ক, অন্তৱৰ্তীকালীন বাজেট উপস্থাপন আৰু জম্মু-কাশ্মীৰৰ বাবে বাজেটৰ ওপৰত হ'ব ।

তৃণমূল কংগ্ৰেছৰ নেতা সুদীপ বন্দোপাধ্যায়ে কৈছিল, বিত্ত মন্ত্ৰীয়ে অন্তৱৰ্তীকালীন বাজেটত বিভিন্ন কেন্দ্ৰীয় আঁচনিৰ বাবে পশ্চিমবংগৰ অমীমাংসিত প্ৰাপ্য ধনৰ পৰিমাণ অন্তৰ্ভুক্ত কৰিব লাগে । তেওঁ কয়, "এয়া দুৰ্ভাগ্যজনক যে এজন মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনক সময়মতে কেন্দ্ৰীয় প্ৰাপ্য আৱণ্টনৰ দাবীত ধৰ্ণাত কৰিব লগা হৈছে।’’

লগতে পঢ়ক : অন্তৱৰ্তীকালীন বাজেট কি ? এইবাৰ কিয় কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে দাখিল কৰিব অন্তৱৰ্তীকালীন বাজেট

Last Updated : Jan 31, 2024, 11:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.