ETV Bharat / bharat

যাদুবিদ্যাৰ সন্দেহত মাতৃ-পুত্ৰক নিৰ্মম হত্যা

author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 10:16 AM IST

Black Magic : ক'লা যাদু কৰাৰ সন্দেহত এটা পৰিয়ালৰ মাতৃ-পুত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা । ঘটনাটো সংঘটিত হৈছে তেলেংগানাত । অভিযুক্তক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

Black Magic
যাদুবিদ্যাৰ সন্দেহত মাতৃ-পুত্ৰক নিৰ্মম হত্যা

নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰী : যাদুবিদ্যাৰ (ক'লা যাদু) সন্দেহে কাঢ়িলে দুটাকৈ জীৱন । পিতৃৰ মৃত্যু আৰু পত্নী-পুত্ৰৰ অসুস্থতাৰ কাৰণ ক'লা যাদু বুলি হোৱা সন্দেহৰ ফলতে তেলেংগানাৰ মেহবুবাবাদ জিলাত দুটাকৈ হত্যাকাণ্ড সংঘটিত হয় ।

আৰক্ষী সূত্ৰ অনুসৰি, মেহবুবাবাদ জিলাৰ গুডুৰু মণ্ডলৰ বোলেপল্লীৰ শিৱৰাত্ৰি কুমাৰস্বামীয়ে সন্দেহ কৰে যে তেওঁৰ প্ৰতিবেশী আলাকুন্তলা কোমাৰাইয়াৰ পৰিয়ালৰ সদস্যসকলে ক'লা যাদু কৰি আছে । এই সন্দৰ্ভত তেওঁৰ পৰিয়ালটোৰ ওপৰত এক বিদ্বেষ ভাব পোষণ কৰে । কিয়নো তেওঁ সন্দেহ কৰে যে পৰিয়ালটোৰ ক'লা যাদুৰ বাবে তেওঁৰ পিতৃ এলিয়াৰ মৃত্যু হৈছিল ।

আনহাতে, এই ক'লা যাদুৰ বাবেই তেওঁৰ পুত্ৰ মৃগী ৰোগত আক্ৰান্ত হোৱাৰ লগতে তেওঁৰ পত্নী মানসিকভাৱে অসুস্থ হৈ পৰা বুলি মনত সন্দেহ হয় । কেৱল সিমানেই নহয়, তেওঁৰ ভাতৃৰ পত্নী বজ্ৰপাতৰ ফলত মৃত্যুবৰণ কৰাৰ কৰাণ হিচাপে পৰিয়ালটোৰ ক'লা যাদুকে সন্দেহ কৰে । এই সকলো সমস্যাৰ একমাত্ৰ কাৰণ হিচাপে পৰিয়ালটোৰ ক'লা যাদুকে সন্দেহ কৰি কুমাৰা স্বামীয়ে কোমাৰাইয়াৰ পত্নী চাম্মাক্কা (৬০) আৰু পুত্ৰ সম্মায়াক (৪০) আক্ৰমণ কৰে ।

পাঁচ দিন পূৰ্বে, সম্মায়াই গাঁওখনত অ’টো চলাই থকা অৱস্থাত কুমাৰস্বামী তেওঁৰ সন্মুখলৈ আহে আৰু তেওঁৰ অ’টোৰ সৈতে সংঘৰ্ষৰ সৃষ্টি হয় । ইয়াৰ পিচত সম্মায়াই গুডুৰু আৰক্ষী থানাত অভিযোগ দাখিল কৰে যে কুমাৰস্বামীৰ পৰা তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে ।

মঙলবাৰে কোমাৰাইয়া, তেওঁৰ পত্নী চাম্মাক্কা, পুত্ৰ সম্মায়া আৰু বোৱাৰী ৰজিতা আৰক্ষী থানালৈ যায় । তেতিয়া আৰক্ষীয়ে কয় যে তেওঁলোকে কুমাৰস্বামীক মাতি আনি এই বিষয়ে কথা পাতিব । কিন্তু বহু সময় ধৰি কুমাৰস্বামী থানালৈ নহাৰ বাবে তেওঁলোকে আৰক্ষী থানাৰ পৰা এখন অ’টোত উঠি ঘৰলৈ ৰাওনা হয় ।

কিন্তু গুডুৰুত তেওঁলোকৰ বাবে অপেক্ষা কৰি আছিল কুমাৰস্বামী । তেওঁলোক আহি উক্ত স্থান পোৱাৰ পিচতে অ’টোখন ৰখাই সম্মায়াক প্ৰহাৰ কৰে । সেই সময়ত তেওঁৰ কাষত থিয় হৈ থকা কোমাৰায়াই কুমাৰস্বামীক তেওঁৰ পুত্ৰক আঘাত নকৰিবলৈ অনুৰোধ কৰে । কিন্তু কুমাৰস্বামীয়ে কোমাৰায়াকো আক্ৰমণ কৰে আৰু ফলত বৃদ্ধা কোমাৰায়া মূৰ্ছা যায় ।

ইমানতে ক্ষান্ত নাথাকি কুমাৰস্বামীয়ে কোমাৰায়া আৰু সম্মায়াক লোহাৰ ৰডেৰে আঘাত কৰে । ফলত ঘটনাস্থলীতে তেওঁলোকৰ মৃত্যু হয় । ইফালে ৰজিতাই ভয়তে অ’টোখনৰ পিচফালে লুকাই থাকে । ঘটনাৰ বিষয়ে জানিব পাৰি স্থানীয় লোক আহি অভিযুক্তক কৰায়ত্ত কৰে আৰু তেওঁক এটা খুঁটাত বান্ধি থৈ আৰক্ষীৰ হাতত গতাই দিয়ে । আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : চিপিআই(এমএল)ৰ বিধায়ক মনোজ মঞ্জিলক যাৱজ্জীৱন কাৰাদণ্ড ভোজপুৰ আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.