ETV Bharat / bharat

বিহাৰত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দ্বিতীয় দিন

Bharat Jodo Nyay Yatra : বিহাৰৰ পূৰ্ণিয়াৰ পৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীযৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ এই যাত্ৰাৰ অংশ হিচাপে গান্ধীয়ে কাটিহাৰত দিঘাৰী ভ্ৰমণ কৰিব । তেওঁৰ কনভয়ে দিঘাৰীত নিশা জিৰণি ল’ব ।

Bharat Jodo Nyay Yatra
বিহাৰত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দ্বিতীয় দিন
author img

By ETV Bharat Assamese Team

Published : January 30, 2024 at 10:25 AM IST

2 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, 30 জানুৱাৰী : আজি বিহাৰত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দ্বিতীয়টো দিন ৷ পশ্চিম বংগত ভাৰত জোড়ো ন্যায় যাত্ৰা সমাপ্ত কৰি সোমবাৰে ৰাহুল গান্ধীয়ে , 29 জানুৱাৰীত বিহাৰত প্ৰৱেশ কৰিছিল । গান্ধীয়ে প্ৰথম দিনা কিষাণগঞ্জ আৰু আৰাৰিয়াৰ পিচত আজি পূৰ্ণিয়াত উপস্থিত হয় । তেওঁ পূৰ্ণিয়াত এখন বিশাল ৰাজহুৱা সভা সম্বোধন কৰিব ।

এই ন্যায় যাত্ৰাৰ বাবে ৰাজ্যখনৰ সকলো কংগ্ৰেছ বিধায়ক, এমএলচি, দলীয় বিষয়া আৰু কৰ্মীসকল পূৰ্ণিয়াত উপস্থিত হৈছে । ইয়াৰ পিচত, এই ন্যায় যাত্ৰা কাটিহাৰত উপস্থিত হ'ব । নিশা তেওঁলোকে কাটিহাৰতে থাকিব বুলি জানিব পৰা গৈছে ৷

পশ্চিমবংগ হৈ বিহাৰত প্ৰৱেশ :

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে ভাৰত জোড়ো ন্যায় যাত্ৰাৰে কিষাণগঞ্জত উপস্থিত হয় । তাৰ পৰাই তেওঁৰ যাত্ৰা বিয়লি 3.35 বজাত আৰৰিয়া জিলাৰ জোকিহাট ব্লকৰ সীমান্তত প্ৰৱেশ কৰে । কংগ্ৰেছ কৰ্মীসকলে দুয়ো ঠাইতে গান্ধীক এক বিশাল আদৰণি জনায় ৷ গান্ধীৰ উপস্থিতিৰ বাবে ইতিমধ্যে প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে লগতে সকলো নিৰাপত্তাৰ ব্যৱস্থা হাতত লৈছে ৷ গান্ধীৰ যাত্ৰাৰ পথত পৰ্যাপ্ত সংখ্যক আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছে।

অৱশ্যে পূৰ্বে কংগ্ৰেছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰকো এই যাত্ৰাত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছিল যদিও শেহতীয়াকৈ নীতিশ কুমাৰে ভাৰত মিত্ৰজোঁট ত্যাগ কৰি এনডিএত যোগদান কৰে।

বিশেষ সূত্ৰৰ তথ্য অনুসৰি, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেও পূৰ্ণিয়াৰ বৈঠকত উপস্থিত থাকিব । তেওঁ পুৱা 9.00 বজাত বিমানেৰে পাটনা পাটনাত উপস্থিত হয় ৷ ইয়াৰ পৰা তেওঁ হেলিকপ্টাৰেৰে পূৰ্ণিয়ালৈ ৰাওনা হ'ব ।

ইয়াৰ পূৰ্বে, ৰাহুল গান্ধীয়ে সোমবাৰে তেওঁৰ ভাষণত আৰ এছ এছ আৰু বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে আক্ৰমণ কৰিছিল । ৰাহুল গান্ধীয়ে এতিয়ালৈকে নীতিশ কুমাৰৰ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই । পূৰ্ণিয়াৰ বৈঠকত এতিয়া গান্ধীয়ে নীতিশ কুমাৰৰ বিষয় সন্দৰ্ভত কি ধৰণে মন্তব্য দিয়ে সেয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ৷

আৰক্ষী অধীক্ষক জীতেন্দ্ৰ কুমাৰে কয়, "কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মঙলবাৰে জিলাখনৰ কোধা আৰক্ষী থানা এলেকাত উপস্থিত হ'ব । এই উপলক্ষে, প্ৰট’কলৰ অধীনত প্ৰয়োজনীয় সুৰক্ষা নিৰ্দেশনা জাৰি কৰা হৈছে । জিলা বিষয়া ৰবি প্ৰকাশৰ নেতৃত্বত বিষয়াসকলৰ এটা দলে খেৰিয়া, দিঘাৰীৰ বুজ লয় । কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ কনভয় কোধা আৰক্ষী থানা অঞ্চলৰ দিঘাৰীত নিশা বিশ্ৰাম ল'ব ।

লগতে পঢ়ক: বিহাৰত মা খৰ্গেশ্বৰীৰ আশিস ল’লে ৰাহুল গান্ধীয়ে