ETV Bharat / bharat

ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত জন্ম হোৱা শিশুক ৰাম-সীতা নামেৰে নামাকৰণ

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 6:05 PM IST

Ram Mandir Temple : সোমবাৰে অযোধ্যাত আয়োজন কৰা হয় ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠান । উক্ত দিনটোতে ৰাজস্থানৰ ঢোলপুৰ জিলা চিকিৎসালয়ত ২৬ গৰাকী প্ৰসূতিয়ে সন্তান জন্ম দিয়ে ৷ ৰামৰ অভিষেকৰ দিনটোত জন্ম হোৱা বহু শিশুৰ নাম ৰাম আৰু সীতা ৰাখে পৰিয়ালৰ লোকে ৷

Ram Mandir Temple
ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠান

ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠান

নেশ্যনেল ডেস্ক, ২৩ জানুৱাৰী : অযোধ্যাত ৰামলালাৰ অভিষেকৰ বাবে সোমবাৰটো আছিল এক ঐতিহাসিক দিন । এই দিনটোতে ৰাজস্থানৰ ঢোলপুৰ জিলা চিকিৎসালয়ৰ মাতৃ আৰু শিশু প্ৰতিষ্ঠানত ২৬ টা প্ৰসৱ কৰা হয় ৷ ইয়াত ১৪ টা ল’ৰা আৰু ১২ জনী ছোৱালী শিশুৰ জন্ম হয় ৷

উক্ত দিনটোত জন্মলাভ কৰা বেছিভাগ ল’ৰা-ছোৱালীৰ নাম ৰাম আৰু সীতা ৰাখে পৰিয়ালৰ লোকে । অতি উলহ-মালহেৰে অযোধ্যাত ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ হেতুকে জিলা চিকিৎসালয়খনতো এক ভক্তিৰ পৰিৱেশে বিৰাজ কৰে উক্ত দিনটোত । আনকি হাস্পতালৰ চিকিৎসক আৰু ৰোগীয়ে এজনে আনজনক মিঠাই খুৱাই এই ঐতিহাসিক দিনটো আনন্দ-স্ফূতিৰ মাজেৰে পাৰ কৰে ।

হাস্পতালখনৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ ৰিচা সিঙে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে সোমবাৰে অযোধ্যাত ৰামলালৰ অভিষেক কৰা হয় ৷ যাৰ বাবে জিলা চিকিৎসালয়খনতো এক ভক্তিভাৱৰ পৰিৱেশে বিৰাজ কৰে । সোমবাৰৰ দিনটোতে ২৬ গৰাকী প্ৰসূতিক জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

ইটিভি ভাৰতৰ সাংবাদিকে জিলা চিকিৎসালয়ত ভৰ্তি হোৱা প্ৰসূতি মহিলাৰ পৰিয়ালৰ সৈতেও বাৰ্তালাপ কৰে । এই সন্দৰ্ভত বিমলা শৰ্মাৰ নামৰ এগৰাকী মহিলা কয় যে প্ৰসৱ বেদনাত ভোগাৰ বাবে তেওঁৰ বোৱাৰীক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । ২২ তাৰিখে বোৱাৰীগৰাকীয়ে এগৰাকী ছোৱালীক জন্ম দিয়ে আৰু ছোৱালীজনীৰ নাম সীতা ৰখা হয় ৷

দীক্ষা নামৰ আন এগৰাকী মহিলাই উল্লেখ কৰে মতে, জিলা চিকিৎসালয়ত তেওঁৰ বৌৱেকয়ে এটি ল’ৰা সন্তানক জন্ম দিয়ে ৷ ৰামলালা অভিষেকৰ দিনাই জন্ম হোৱাৰ বাবে ল’ৰাটোৰ নাম ৰাম ৰখা হয় ৷

লগতে পঢ়ক : ৰামলালাৰ দৰ্শনৰ ছবি শ্বেয়াৰ বিগ বিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.