ETV Bharat / entertainment

ৰামলালাৰ দৰ্শনৰ ছবি শ্বেয়াৰ বিগ বিৰ

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 2:30 PM IST

Amitabh Bachchan shared pic from Ram Mandir: সোমবাৰে বলীউডৰ সকলো তাৰকাৰ লগতে অমিতাভ বচ্চনেও অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ সাক্ষী হৈছিল । এতিয়া বিগ বিয়ে ৰামলালাৰ প্ৰতিমূৰ্তিৰ সৈতে তেওঁৰ ছবি শ্বেয়াৰ কৰিছে ।

Amitabh Bachchan shares Ram Mandir pics after returning from Ayodhya
ৰাম মন্দিৰৰ ফটো শ্বেয়াৰ কৰিলে অমিতাভ বচ্চনে

চিটাৰা ডেস্ক, ২৩ জানুৱাৰী: সোমবাৰে সমগ্ৰ দেশজুৰি এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছিল ৷ ৰাম বন্দনাত মুখৰিত হৈছিল সমগ্ৰ দেশ ৷ আচলতে ৫০০ বছৰৰ অপেক্ষাৰ অন্তত অযোধ্যা নগৰীত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে । এই উপলক্ষে বিভিন্ন ক্ষেত্ৰৰ পৰা অযোধ্যাত বহু প্ৰবীণ লোক আহিছিল । বলীউডৰ বহু চেলিব্ৰিটিও এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈছিল । অমিতাভ বচ্চনেও পুত্ৰ অভিষেক বচ্চনৰ সৈতে অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ সাক্ষী হৈছিল । এতিয়া বিগ বিয়ে তেওঁৰ এক্স একাউণ্টত ৰামলালাৰ মূৰ্তিৰ সৈতে তেওঁৰ ছবি শ্বেয়াৰ কৰিছে ।

অযোধ্যাৰ ৰাম মন্দিৰত অৱস্থিত ৰাম লালাৰ প্ৰতিমূৰ্তিৰ সৈতে বিগ বিয়ে নিজৰ এখন ছবি শ্বেয়াৰ কৰিছে । ফটোখনত অমিতাভক মন্দিৰৰ ভিতৰত থিয় হৈ ৰাম লালাৰ পূজা কৰা দেখা গৈছে । ছবিখনত বিগ বিক বগা কুৰ্তা-পাইজামা পৰিধান কৰি চাদৰ গাত মেৰিয়াই লোৱা দেখা গৈছে । ছবিসমূহ শ্বেয়াৰ কৰি অমিতাভে এক্সত লিখিছে, "টি ৪৮৯৯- ব’ল সিয়া পতি ৰামচন্দ্ৰ কী জয় ।’’

আনহাতে নিজৰ ব্লগত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ ছবি শ্বেয়াৰ কৰি অমিতাভে লিখিছে, “ঐশ্বৰিক আত্মাৰ প্ৰাসংগিকতাৰে ভৰা এটা দিন.. অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানৰ পৰা উভতি আহিলোঁ.. গৌৰৱ আৰু বিশ্বাসৰ উদযাপন... ইয়াতকৈ বেছি একো ক’ব নোৱাৰি.. কাৰণ বিশ্বাসৰ কোনো বৰ্ণনা নাই ৷

মুখ্যমন্ত্ৰী যোগী আৰু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে সাক্ষাৎ অমিতাভ বচ্চনৰ

মন্দিৰত প্ৰাৰ্থনা কৰাৰ পিচত অমিতাভ বচ্চন আৰু অভিষেক বচ্চনেও উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰে ৷ এই সময়ত অমিতাভ বচ্চনে মুখ্যমন্ত্ৰী যোগীক নমস্কাৰ জনায় আৰু তেওঁৰ সৈতে কথা পাতে । এই অনুষ্ঠানৰ সময়ত অমিতাভ বচ্চনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতেও কথা পতা দেখা গৈছিল ৷

লগতে পঢ়ক: ৰাম মন্দিৰত জনসমাগমৰ মাজত অমিতাভ বচ্চনক কি সুধিলে প্ৰধানমন্ত্ৰী মোদীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.