ETV Bharat / bharat

গৃহ বিভাগকে ধৰি কেইবাটাও দপ্তৰ নিজৰ হাততে ৰাখিলে নীতিশ কুমাৰে

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 3:23 PM IST

Bihar Ministers Portfolios: বিহাৰত এনডিএ চৰকাৰ গঠন হোৱাৰ ৬ দিন পিচত মন্ত্ৰীসকলৰ দপ্তৰ অৱশেষত বিতৰণ কৰা হয় । বহু জল্পনা-কল্পনাৰ অন্তত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এইবাৰো গৃহ আৰু সাধাৰণ প্ৰশাসন বিভাগ নিজৰ হাততে ৰাখিলে । শিক্ষা মন্ত্ৰালয়ৰ দায়িত্বও জেডিইউৰ হাততে থাকিব ।

Bihar Ministers Portfolios
গৃহ বিভাগকে ধৰি কেইবাটাও দপ্তৰ নিজৰ হাততে ৰাখিলে নীতিশ কুমাৰে

নেশ্যনেল ডেস্ক,৩ ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰী নীতিশ কুমাৰে শনিবাৰে তেওঁৰ মন্ত্ৰীসকলক দপ্তৰ বিতৰণ কৰে । মুখ্যমন্ত্ৰীয়ে গৃহ, সাধাৰণ প্ৰশাসন, নিৰীক্ষণ, কেবিনেট সচিবালয় আৰু নিৰ্বাচনকে ধৰি বিভিন্ন বিভাগ নিজৰ হাতত ৰাখে । উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীক বিত্ত, বাণিজ্যিক কৰ, স্বাস্থ্য, ক্ৰীড়া, পঞ্চায়ত, নগৰ উন্নয়ন আৰু আৱাস, উদ্যোগ, পশু আৰু মীন সম্পদ আৰু আইন বিভাগৰ দায়িত্ব দিয়া হৈছে । দ্বিতীয়গৰাকী উপ-মুখ্যমন্ত্ৰী বিজয় সিনহাক পথ নিৰ্মাণৰ উপৰিও কৃষি, কুঁহিয়াৰ উদ্যোগ, খনি আৰু ভূতত্ত্ব, শ্ৰম, যুৱ আৰু কলা-সংস্কৃতি, লঘু জলসম্পদ আৰু জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগৰ দায়িত্ব দিয়া হয় ।

এইবাৰ শিক্ষা বিভাগ জেডিইউৰ কোটালৈ গৈছে । বিজয় চৌধুৰীক শিক্ষা, পৰিবহণ, জলসম্পদ, তথ্য আৰু জনসম্পৰ্ক আৰু গৃহ নিৰ্মাণ বিভাগৰ দায়িত্ব দিয়া হৈছে । আনহাতে বিজেন্দ্ৰ যাদৱক পুনৰ এবাৰ শক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে । তেওঁক লগতে পৰিকল্পনা আৰু উন্নয়ন, আবকাৰী, গ্ৰাম্য পৰিক্ৰমা আৰু সংখ্যালঘু কল্যাণ বিভাগৰ দায়িত্ব দিয়া হৈছে ।

ইয়াৰ উপৰিও, জেডিইউৰ শ্ৰৱণ কুমাৰে গ্ৰামোন্নয়ন মন্ত্ৰালয় লাভ কৰিছে । তেওঁক সমাজ কল্যাণ আৰু খাদ্য আৰু উপভোক্তা সুৰক্ষা বিভাগৰ দায়িত্বও দিয়া হৈছে । একে সময়তে, বিজেপি কোটাৰ মন্ত্ৰী প্ৰেম কুমাৰক সমবায়, পৰ্যটন, পিছপৰা আৰু আটাইতকৈ পিছপৰা কল্যাণ বিভাগ, দুৰ্যোগ, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ দায়িত্ব দিয়া হৈছে ।

হিন্দুস্তানী আৱাম মৰ্চাৰ সভাপতি সন্তোষ কুমাৰ সুমনক অনুসূচীত জাতি/জনজাতি কল্যাণ বিভাগৰ উপৰিও তথ্য প্ৰযুক্তি বিভাগ প্ৰদান কৰা হৈছে । নিৰ্দলীয় বিধায়ক সুমিত সিঙক বিজ্ঞান, প্ৰযুক্তি আৰু কাৰিকৰী শিক্ষা বিভাগৰ দায়িত্ব দিয়া হৈছে ।

লগতে পঢ়ক :লাডাখক ৰাজ্যৰ মৰ্যাদা দাবী; হাড় কঁপোৱা ঠাণ্ডাৰ মাজতো হাজাৰ হাজাৰ লোকৰ সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.