ETV Bharat / bharat

গুজৰাটত ভয়াৱহ পথ দুৰ্ঘটনাত নিহত ১০ - Accident in Gujarat

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 10:23 PM IST

Road accident: গুজৰাটৰ আহমদাবাদ-বদোদৰা এক্সপ্ৰেছ ঘাইপথত মৃত্য়ুৰ কিৰিলি । গাড়ী-ট্ৰেইলাৰৰ মাজত হোৱা সংঘৰ্ষ ।

Road accident
গুজৰাটৰ আহমদাবাদ-বদোদৰা এক্সপ্ৰেছ

নেশ্য়নেল ডেস্ক, ১৭ এপ্রিল: গুজৰাটৰ আহমদাবাদ-বদোদৰা এক্সপ্ৰেছ ঘাইপথ দুঃস্বপ্নলৈ পৰ্যৱসিত হৈছে । কিয়নো এই পথটোত সঘনাই দুৰ্ঘটনা সংঘটিত হ'বলৈ ধৰিছে । ইয়াৰ মাজতে এই পথত এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয় । গাড়ী-ট্ৰেইলাৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ১০ জন লোক ঘটনাস্থলীতে নিহত হয় । এই দুৰ্ঘটনাটোৰ ফলত ক্ষতিগ্ৰস্ত হোৱা আহমেদাবাদ-বদোদৰা এক্সপ্ৰেছ ঘাইপথটো আকৌ এবাৰ ৰক্তক্ষয়ী হৈ পৰে । উল্লেখ্য় যে বদোদৰাৰ পৰা আহমেদাবাদলৈ দ্ৰুত গতিত অহা এখন গাড়ী ট্ৰেইলাৰৰ পিচফালৰ অংশৰ সৈতে সংঘৰ্ষ হয় । এই ভয়াৱহ দুৰ্ঘটনাটোত ১০জন যাত্ৰীৰ মৃত্যু হয় ।

বুধবাৰে নাদিয়াদৰ ওচৰৰ আহমেদাবাদ-বদোদৰা এক্সপ্ৰেছ ঘাইপথত এখন ট্ৰেইলাৰৰ পিচফালে গাড়ীখনে তীব্ৰগতিত খুন্দা মৰাৰ ফলত এই ১০ জন লোকৰ মৃত্য়ু হয় । এই সংঘৰ্ষ ইমানেই শক্তিশালী আছিল যে গাড়ীখনৰ ক্ষতিসাধন হয় । ৰাইজৰ সহযোগত আৰক্ষীয়ে বহু চেষ্টা কৰি মৃতদেহকেইটা গাড়ীৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় ।

উল্লেখ্য় যে আহমেদাবাদ-বদোদৰা এক্সপ্ৰেছৱেত চলন্ত ট্ৰেইলাৰখনৰ সৈতে পূৰ্ণগতিত যোৱা এখন গাড়ীৰ সংঘৰ্ষ হয় । এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে ১০৮ এম্বুলেন্স দুখন তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয় । একে সময়তে, এক্সপ্ৰেছ হাইৱে টহলদাৰী দলটোও ঘটনাস্থলীত উপস্থিত হয় । দুৰ্ঘটনাটোৰ পিচতেই দ্ৰুত গতিত এই দলটোৱে সাহায্য আৰু উদ্ধাৰ অভিযানো চলায় । পিচত আৰক্ষীয়ে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । এই পথটোত এতিয়া মৃত্য়ুৰ কিৰিলি দেখি শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।

লগতে পঢ়ক:ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে প্ৰাণ হেৰুৱালে চাৰিজনে - Road Accident In Dhubri

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.