ETV Bharat / state

ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে প্ৰাণ হেৰুৱালে চাৰিজনে - road accident in Dhubri

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 12:09 PM IST

Updated : Apr 16, 2024, 2:00 PM IST

Road accident in Dhubri : পুৱতি নিশা ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত চাৰিজন । ঘটনাস্থলীত উপস্থিত আৰক্ষী । সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

4 youths killed on road accident in Dhubri Gauripur
দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে বাইকাৰ্ছে
ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

ধুবুৰী, 16 এপ্ৰিল: ধুবুৰীৰ গৌৰীপুৰত মঙলবাৰৰ পুৱতি নিশা সংঘটিত হয় এটা শোকাৱহ পথ দুৰ্ঘটনা ৷ গৌৰীপুৰ বটেৰতল 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো । দুৰ্ঘটনাটোত থিতাতে নিহত হয় চাৰিগৰাকীকৈ লোক । চাৰিচকীয়া এখন বাহনে গছত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷

মৃত চাৰিগৰাকী লোকৰ ভিতৰত এগৰাকী যুৱতী আৰু তিনিজন যুৱক আছিল বুলি জানিব পৰা গৈছে । মৃত চালকজন চাহিল আহমেদ বুলি গৌৰীপুৰ আৰক্ষীয়ে জনায় । চাহিল আহমেদৰ লগতে বাহনখনত থকা নিহত আন দুজন লোক শ্বাহিদ খন্দকাৰ আৰু নুৰ আমিন বুলি জানিব পৰা গৈছে ৷ ইফালে নিহত যুৱতীগৰাকী গৌৰীপুৰৰ 2 নং ৱাৰ্ডৰ বনশ্ৰী শীল বুলি জানিব পৰা গৈছে ৷

4 youths killed on road accident in Dhubri Gauripur
প্ৰাণ হেৰুওৱা যুৱক

আনহাতে, দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহনখন বঙাইগাঁৱৰ পৰা ধুবুৰী অভিমুখী আছিল বুলি কোৱাৰ পৰিৱৰ্তে আন একাংশই গৌৰীপুৰৰ পৰা বাহনখন ওলাই গৈছিল বুলি দাবী কৰে ৷ চাৰিচকীয়া বাহনখনৰ পঞ্জীয়ন নম্বৰ হ’ল AS 01 BP 1557 । ইফালে আৰক্ষীয়ে ঘটনাৰ খবৰ পোৱাৰ পাচতে উক্ত স্থানত উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি ঘটনাস্থলীৰ পৰা ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ।

জানিব পৰা মতে ধুবুৰীত অনুষ্ঠিত হোৱা অশোকাষ্টমী মেলাত মটৰ চাইকেল ষ্টান্ট কৰাৰ বাবে বাইকাৰ যুৱতীগৰাকী ধুবুৰীলৈ আহিছিল । তেনে সময়তে গন্তব্যস্থল তথা ধুবুৰী পোৱাৰ পূৰ্বেই সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ এলেকাটোত শোকৰ ছাঁ পৰিছে ৷

4-youths-killed-in-road-accident-in-dhubri-gauripur
বাইকাৰ যুৱতী

উল্লেখ কৰা প্ৰয়োজন যে, নিশাৰ ভাগত গৌৰীপুৰৰ পৰা ধুবুৰীলৈ অহাৰ পৰিৱৰ্তে বিপৰীত দিশৰ বলদমাৰা অঞ্চললৈ গৈ দুৰ্ঘটনাত পতিত হোৱা ঘটনাই স্থানীয় লোকৰ মনত সৃষ্টি কৰিছে বহু ৰহস্যৰ । আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ পিছতহে সমগ্ৰ ঘটনাৰ ৰহস্য পোহৰলৈ আহিব ।

সমান্তৰালভাৱে সঁচাকৈয়ে অশোকাষ্টমী মেলাত বাইক ষ্টান্ট কৰাৰ বাবেই নে অন্য কিবা কাৰণত 3 যুৱকৰ সৈতে বাইকাৰ যুৱতীগৰাকী ওলাই গৈছিল তাকে লৈও স্থানীয় লোকৰ মনত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা ঘটিছে ৷

লগতে পঢ়ক: বৰপেটাৰোড-মৰাণত ভয়াৱহ পথ দুৰ্ঘটনাত নিহত তিনি যুৱক - Road accident in Assam

Last Updated : Apr 16, 2024, 2:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.