ETV Bharat / bharat

ছলমানৰ বাসগৃহত গুলীচালনাৰ ঘটনাৰ অভিযুক্তৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি - SALMAN KHAN FIRING CASE

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 10:55 PM IST

Salman Khan Firing Case: বলীউড অভিনেতা ছলমান খানৰ গৃহলৈ গুলীচালনাৰ ঘটনাৰ অভিযুক্ত সাগৰ পাল আৰু বিকি গুপ্তাৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি ৷

accused-sagar-pal-vicky-gupta-sent-to-judicial-custody-till-may-27-in-salman-khan-residence-firing-case
বলীউড অভিনেতা ছলমান খানৰ গৃহলৈ গুলীচালনাৰ ঘটনা (IANS)

চিটাৰা ডেস্ক, 8 মে’: অভিনেতা ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰ কাণ্ডত অভিযুক্ত সাগৰ পাল আৰু বিকি গুপ্তাক 27 মে’লৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় । বুধবাৰে অভিযুক্ত দুজনৰ আৰক্ষীৰ জিম্মা শেষ হোৱাৰ লগে লগে আৰক্ষীয়ে অধিক জেৰাৰ বাবে সময় বৃদ্ধি কৰাৰ বাবে আবেদন জনাইছিল । কিন্তু ইয়াৰ পৰিৱৰ্তে আদালতে ন্যায়িক জিম্মাত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

আৰক্ষীয়ে জেৰাৰ সময় বৃদ্ধিৰ দাবী জনাইছে

আজি অভিযুক্ত দুজনৰ আৰক্ষীৰ জিম্মা শেষ হোৱাৰ লগে লগে আৰক্ষীয়ে অধিক জেৰাৰ বাবে সময় বৃদ্ধি কৰাৰ বাবে আবেদন জনাইছিল । কিন্তু ইয়াৰ পৰিৱৰ্তে আদালতে ন্যায়িক জিম্মাত লোৱাৰ বাবে সিদ্ধান্ত লয় । আদালতৰ এই সিদ্ধান্ত সন্দৰ্ভত অধিবক্তা অমিত মিশ্ৰই কয়, "এয়া সকলো পূৰ্ব পৰিকল্পিত । এয়া দুৰ্ভাগ্যজনক যে 29 এপ্ৰিলত যেতিয়া অভিযুক্ত দুজনক হাজিৰ কৰা হৈছিল তেতিয়া চাৰিজন অভিযুক্ত আছিল, ইয়াৰে এজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল । আজি কেৱল এক আৰু দুই নম্বৰ অভিযুক্তকহে হাজিৰ কৰা হ’ল, বাকীকেইজনক উপস্থিত কৰোৱা নহ’ল ।

ন্যায়িক জিম্মা বৃদ্ধি

আদালতে 13 মে’ৰ পৰা 27 মে’লৈ অভিযুক্ত এক আৰু দুই নম্বৰক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । শেহতীয়াকৈ ৰাজস্থানত গ্ৰেপ্তাৰ হোৱা মহম্মদ ৰফিক চৌধাৰীৰ ৰূপততদন্তত নতুন মুখৰ উন্মেষ ঘটিছে । মুম্বাই ক্ৰাইম ব্ৰাঞ্চে প্ৰকাশ কৰিছে যে চৌধাৰীয়ে শ্বুটাৰ সাগৰ পাল আৰু বিকি গুপ্তাক আৰ্থিকভাৱে সহায় কৰিছিল । 14 এপ্ৰিলত ছলমান খানৰ গেলেক্সি এপাৰ্টমেণ্টৰ বাহিৰত সংঘটিত গুলীচালনাৰ ঘটনাই মুম্বাইৰ বান্দ্ৰা অঞ্চল কঁপাই তুলিছিল । পিছত এই গোচৰত লৰেন্স বিষ্ণৈ গেং জড়িত থকাৰ কথা পোহৰলৈ আহে । ইয়াৰ পিছত মুম্বাই আৰক্ষীয়ে গুলীচালনাৰ লগত জড়িত সকলো অভিযুক্তৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ সংগঠিত অপৰাধ নিয়ন্ত্ৰণ আইন (MCOCA) ৰ অধীনত গোচৰ ৰুজু কৰে ।

লগতে পঢ়ক: ছলমানৰ ঘৰৰ ভিডিঅ’ আছে গেংষ্টাৰ বিষ্ণৈৰ হাতত ! - salman khan firing case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.