ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কাৰ্যসূচী, দিল্লীত কটকটীয়া নিৰাপত্তা - Kejriwal arrested

author img

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 9:58 AM IST

AAP protest in Delhi
প্ৰধানমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কাৰ্যসূচী

AAP protest in Delhi: আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে দলৰ নেতা-কৰ্মীসকলে মঙলবাৰে প্ৰধানমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে । আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ।

নেশ্যনেল ডেস্ক,২৬ মাৰ্চ : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে আম আদমি পাৰ্টীয়ে ৰাজধানী চহৰত প্ৰতিবাদ অব্যাহত ৰাখিছে । প্ৰতিবাদৰ অংশ হিচাপে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহ ঘেৰাও কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে দলটোৱে । দিল্লীৰ মন্ত্ৰী তথা আপৰ জ্যেষ্ঠ নেতা গোপাল ৰায়ে দলৰ এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে ।

ইফালে আম আদমি পাৰ্টীয়ে প্ৰধানমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কাৰ্যসূচীৰ আহ্বান জনোৱাৰ পিচতে দিল্লী আৰক্ষীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে ।

দিল্লীৰ মন্ত্ৰী গোপাল ৰায়ে আন এক কাৰ্যসূচীৰ কথা উল্লেখ কৰি কয় যে অহা শনিবাৰে পুৱা ১০ বজাত আপৰ সকলো বিধায়ক, কাউঞ্চিলাৰ, কাৰ্যালয়ৰ বিষয়া, ইণ্ডিয়া ব্লকৰ প্ৰতিনিধিসকলে গণতন্ত্ৰ ৰক্ষাৰ প্ৰতিশ্ৰুতি ল'ব । নেতাসকলে শ্বহীদী উদ্যানত একত্ৰিত হ'ব । ৰায়ে কৈছিল যে দেশজুৰি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ।

ইফালে এগৰাকী আৰক্ষী বিষয়াৰ মতে ৰাষ্ট্ৰীয় ৰাজধানীৰ আন কেইবাটাও স্থানত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । দিল্লী যান-বাহন আৰক্ষীৰ এজন বিষয়াই কয় যে প্ৰতিবাদৰ ফলত নতুন দিল্লী আৰু কেন্দ্ৰীয় দিল্লীৰ কিছু অংশ প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে । দিল্লী যান-বাহন আৰক্ষীয়ে প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি বাহনসমূহৰ মসৃণ চলাচলৰ বাবে ৭ টা ডাইভাৰ্চন পইণ্টৰ ব্যৱস্থা কৰিছে । প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলে মঙলবাৰে কেমাল আতাতুৰ্ক মাৰ্গ, চফদৰজং ৰোড, আকবৰ ৰোড আৰু ত্ৰিমূৰ্তি মাৰ্গ পৰিহাৰ কৰিব লাগিব ।

আৰক্ষীৰ মতে দিল্লীত আইন-শৃংখলা বজাই ৰখাৰ বাবে নিৰাপত্তাৰ স্তৰ কঠোৰ কৰা হৈছে । প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ চাৰিওফালে ইতিমধ্যে ১৪৪ ধাৰা (চিআৰপিচিৰ) জাৰি কৰা হৈছে আৰু কোনো লোককে প্ৰতিবাদ কৰিবলৈ অনুমতি দিয়া নহ'ব ।

লগতে পঢ়ক :কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৩১ মাৰ্চত ইণ্ডিয়াৰ বৃহৎ ৰেলী - INDIA Rally In Delhi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.