ETV Bharat / bharat

কাৰাগাৰত বন্দী ৩৮ কয়দীৰ দেহত এইছ আই ভি

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 10:55 PM IST

HIV in Lucknow District Jail
লক্ষ্ণৌ জিলা কাৰাগাৰত এইচ আই ভিৰ সংক্ৰমণ

HIV in Lucknow District Jail: লক্ষ্ণৌ জিলা কাৰাগাৰত এইচ আই ভি আক্ৰান্ত ৩৮ জন কয়দী । শনিবাৰে পৰীক্ষাৰ সময়ত এই সংক্ৰমণ নিশ্চিত হয় । এতিয়া ইয়াত এইচ আই ভি আক্ৰান্ত কয়দীৰ সংখ্যা ৬৬ জন হৈছেগৈ ।

নিউজ ডেস্ক, 4 ফেব্ৰুৱাৰী : উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ জিলা কাৰাগাৰত 38 জন কয়দী এইচ আই ভি সংক্ৰমিত বুলি ধৰা পৰিছে ৷ এই কাৰাগাৰত ইতিমধ্যেই 28 জন এইচ আই ভি পজিটিভ লোক আছিল ৷ এতিয়া লক্ষ্ণৌ জিলা কাৰাগাৰত এইচ আই ভি আক্ৰান্ত লোকৰ সংখ্যা 66 লৈ বৃদ্ধি পাইছে ৷ ইমান বৃহৎ সংখ্যক লোক এইচ আই ভিত আক্ৰান্ত হোৱাৰ পিছতে কাৰাগাৰ প্ৰশাসন আৰু স্বাস্থ্য বিভাগত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

অৱশ্যে এই সন্দৰ্ভত এতিয়াও কোনো বিবৃতি বা মন্তব্য দিয়াৰ পৰা বিৰত আছে কাৰাগাৰ প্ৰশাসন ৷ ইতিমধ্য আক্ৰান্তক ঔষধ প্ৰদান কৰা হৈছে ৷ চিকিৎসকৰ দলটোৱে আক্ৰান্ত কয়দীসকলক নিৰীক্ষণ কৰি আছে ৷ লগতে সংক্ৰমণৰ কাৰণসমূহো নিৰূপণ কৰা হৈছে ৷ ইফালে লক্ষ্ণৌ জিলা কাৰাগাৰত এইচ আই ভি পজিটিভ ৰোগী উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ উত্তৰ প্ৰদেশ ৰাজ্যিক এইডছ কণ্ট্ৰল ছ’চাইটিয়ে আই এছ এইচ টি এইচ অভিযানৰ অধীনত 2023 চনৰ 3 ডিচেম্বৰৰ পৰা 2024 চনৰ 3 জানুৱাৰীলৈ ৰোগীৰ এছ টি আই, এইচ আই ভি, হেপাটাইটিছ বি আৰু টি বি পৰীক্ষা কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উত্তৰ প্ৰদেশ এইডছ কণ্ট্ৰল ছ’চাইটিৰ যুটীয়া সঞ্চালক ডাঃ ৰমেশৰ মতে, আটাইকেইজন আক্ৰান্ত লোকৰ যত্ন লোৱা হৈছে ৷ কেজিএমইউৰ এণ্টি ৰেট্ৰ’ ভাইৰেল থেৰাপি (আৰটি) চেণ্টাৰৰ পৰা আটাইকেইজন আক্ৰান্ত লোকক ঔষধ যোগান ধৰা হৈছে ৷ লক্ষ্ণৌৰ চি এম অ’ ডাঃ মনোজ আগৰৱালাৰ মতে, লক্ষ্ণৌ জিলা কাৰাগাৰত এইচ আই ভি ৰোগী ধৰা পৰাৰ পিছত নিৰ্ধাৰিত প্ৰট’কল অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ পৰিস্থিতিৰ ওপৰত অহৰহ নিৰীক্ষণ কৰা হৈছে ৷ সতৰ্কতামূলক ব্যৱস্থা হিচাপে তদন্ত বৃদ্ধি কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু প্ৰয়োজনীয় যিকোনো পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

এইচ আই ভি সংক্ৰমণ হাত মিলালে নিবিয়পে : একেখন বিচনা আৰু কাপোৰ ব্যৱহাৰ কৰিলে এইচ আই ভি নিবিয়পে ৷ লগতে একেটা কোঠা বা ঘৰতে থাকি একেটা শৌচাগাৰ, বাথৰুম ব্যৱহাৰ কৰিলে এই ৰোগ বিয়পি নাযায় ৷ এইচ আই ভি আক্ৰান্ত ব্যক্তিৰ সৈতে স্বাভাৱিক পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা সংক্ৰমণ বিয়পি নাযায়, যেনে হাত মিলোৱা, একেলগে খাদ্য খোৱা, একেটা ষ্টেণ্ডৰ পৰা পানী খোৱা ৷ এই ৰোগ মহ আৰু বেডবাগৰ কামোৰৰ দ্বাৰা বিয়পে ৷

লগতে পঢ়ক : বড্ডীৰ পাৰফিউম ফেক্টৰীত তৃতীয় দিনৰ বাবে অব্যাহত উদ্ধাৰ অভিযান, ৫ জন লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.