ETV Bharat / bharat

৩৫ জন চৰকাৰী চিকিৎসকৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 7:32 PM IST

30 doctors accused of treason: বিহাৰৰ মাধেপুৰাৰ সদৰ চিকিৎসালয়ত কৰ্মৰত প্ৰায় 30 জন চিকিৎসকৰ বিৰুদ্ধে ৰাজদ্ৰোহৰ অভিযোগ উত্থাপন কৰা হৈছে । এই ক্ষেত্ৰত, অসামৰিক শৈল্য চিকিৎসকে চিকিৎসালয়ৰ উপ-অধীক্ষকক 48 ঘণ্টাৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশনা ৷

30 doctors accused of treason
৩৫ জন চৰকাৰী চিকিৎসকৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ

নেশ্যনেল ডেস্ক, 28 জানুৱাৰী : বিহাৰৰ মাধেপুৰাৰ সদৰ চিকিৎসালয়ত কৰ্মৰত প্ৰায় 30 জন চিকিৎসকৰ বিৰুদ্ধে ৰাজদ্ৰোহৰ অভিযোগ উত্থাপন হৈছে । সদৰ চিকিৎসালয়ৰ উপ অধীক্ষকলৈ লিখা এখন পত্ৰত অসামৰিক শৈল্য চিকিৎসক ডাঃ মিথিলেশ ঠাকুৰে এই অভিযোগ উত্থাপন কৰিছে ।

পত্ৰখনত সদৰ চিকিৎসালয়ৰ উপ-অধীক্ষকগৰাকীক সোধা হৈছে যে, 26 জানুৱাৰীৰ পতাকা উত্তোলনৰ সময়ত মাত্ৰ দুগৰাকী চিকিৎসক ডাঃ শচীন কুমাৰ আৰু ড৹ যশ শৰ্মাহে উপস্থিত আছিল ৷ তেওঁলোকৰ বাহিৰে অন্য চিকিৎসককেইজন উপস্থিত নাছিল ।

পতাকা উত্তোলন কাৰ্যসূচীত কিয় উপস্থিত নাছিল চিকিৎসককেইজন : গণৰাজ্য দিৱসৰ উপলক্ষে আয়োজন কৰা পতাকা উত্তোলন কাৰ্যসূচীত বাকী চিকিৎসকসকল কিয় উপস্থিত নাছিল তাৰ কাৰণ দৰ্শাই চিকিৎসালয়ৰ উপ অধীক্ষকগৰাকীক প্ৰত্যোত্তৰ দিবলৈ কোৱা হৈছে ।

অভিযোগ উত্থাপন কৰা অসামৰিক শৈল্য চিকিৎসকজনে কয় যে, এই কাৰ্যৰ দ্বাৰা সকলো চিকিৎসকে ৰাষ্ট্ৰীয় পতাকাক অপমান কৰিছে । এই ঘটনা দেশদ্ৰোহৰ অধীনত পৰে ৷ পূৰ্ব নিৰ্ধাৰিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত নাথাকি চিকিৎসক সকলে ত্ৰিৰংগাক অভিবাদন নকৰাটো গুৰুতৰ চিন্তাৰ বিষয় ৷

48 ঘণ্টাৰ ভিতৰত বিচৰা হৈছে প্ৰত্যুত্তৰ : এই সন্দৰ্ভত, অসামৰিক শৈল্য চিকিৎসক গৰাকীয়ে 48 ঘণ্টাৰ ভিতৰত সদৰ চিকিৎসালয়ৰ উপ-অধীক্ষকৰ পৰা উত্তৰ বিচাৰিছে। লক্ষণীয় যে, বৰ্তমান প্ৰায় 30 গৰাকী চিকিৎসকে মাধেপুৰাৰ সদৰ চিকিৎসালয়ত কাম কৰি আছে । ইয়াৰ ভিতৰত 26 জানুৱাৰীত গণৰাজ্য দিৱসৰ উপলক্ষে আয়োজন কৰা পতাকা উত্তোলন কাৰ্যসূচীত মাত্ৰ দুজন চিকিৎসকহে উপস্থিত আছিল । বাকীসকল চিকিৎসক অনুপস্থিত আছিল । এতিয়া সদৰ চিকিৎসালয়ৰ উপ অধীক্ষকগৰাকীয়ে এই বিষয়ত কেনেদৰে সঁহাৰি দিয়ে সেয়াহে হ’ল লক্ষণীয় ৷

লগতে পঢ়ক: কোন কোন নেতাই দেওবাৰে যোগদান কৰিব বিজেপিত ? জনালে ভৱেশ কলিতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.