অপাৰেশ্যন মহাদেৱত নিহত তিনি সন্ত্ৰাসবাদী, নিশ্চিত কৰিলে গৃহমন্ত্ৰীয়ে
শ্ৰীনগৰৰ ডাচিগাম অঞ্চলৰ সমীপত সোমবাৰে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলীত নিহত তিনি সন্ত্ৰাসবাদী ।

Published : July 29, 2025 at 4:25 PM IST
নতুন দিল্লী : যোৱা ২২ এপ্ৰিলৰ পহলগামকাণ্ড ৷ কাহানিও পাহৰিব নোৱৰা এক শিহৰণকাৰী ঘটনা ৷ এই আক্ৰমণত জড়িত থকা তিনিটা সন্ত্ৰাসবাদীৰ ইতিমধ্যে মৃত্যু হৈছে ৷ সোমবাৰে শ্ৰীনগৰত হোৱা অপাৰেশ্যন মহাদেৱত নিহত হৈছে এই সন্ত্ৰাসবাদী তিনিটা । মঙলবাৰে লোকসভাত এই তথ্য় নিশ্চিত কৰে গৃহমন্ত্ৰী অমিত শ্বাহে ।
অপাৰেশ্যন মহাদেৱৰ বিষয়ে লোকসভাত গৃহমন্ত্ৰী শ্বাহে কয়, ‘‘এই অভিযানত সোমবাৰে নিহত হোৱা সন্ত্ৰাসবাদীকেইটা প্ৰকৃততে পহলগামকাণ্ডৰ ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতেও জড়িত আছিল ।’’ অপাৰেশ্যন সেন্দূৰৰ ওপৰত চলি থকা বিতৰ্কৰ মাজতে লোকসভাত ভাষণ দি গৃহমন্ত্ৰী শ্বাহে কয় যে নিহত সন্ত্ৰাসবাদী তিনিটা ক্ৰমে ছুলেমান ওৰফে ফৈছাল জুট, আফগান আৰু জিব্ৰাণ বুলি চিনাক্ত কৰা হৈছে ।
গৃহমন্ত্ৰীগৰাকীয়ে কয়, "বৈছাৰাণ উপত্যকাত যিসকলে আমাৰ নাগৰিকক হত্যা কৰিছিল এই তিনি সন্ত্ৰাসবাদীয়ে ৷ কালি তিনিওকে হত্যা কৰা হৈছিল । "ছুলেমান লস্কৰ-ই-তৈবাৰ এ-কেটেগৰী কমাণ্ডাৰ আছিল । আফগানো আছিল এ-কেটেগৰী লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী আৰু জিব্ৰাণো আছিল এ গ্ৰেড সন্ত্ৰাসবাদী ।"
গৃহমন্ত্ৰী শ্বাহৰ মতে, ২০২৪ চনৰ অক্টোবৰত জন্মু-কাশ্মীৰৰ গাণ্ডেৰবাল জিলাত সংঘটিত গগাংগিৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতেও ছুলেমান জড়িত আছিল । প্ৰকৃততে অপাৰেশ্যন মহাদেৱ ভাৰতীয় সেনা, চি আৰ পি এফ আৰু জন্মু-কাশ্মীৰ আৰক্ষীয়ে যৌথভাৱে চলোৱা এক অভিযান বুলি উল্লেখ কৰি গৃহমন্ত্ৰী শ্বাহে সকলো বাহিনীক এই বৃহৎ সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে ।
নিম্ন সদনত ভাষণ আৰম্ভ কৰি শ্বাহে কয়, "পহলগামত নিৰীহ সাধাৰণ নাগৰিকক তেওঁলোকৰ ধৰ্ম সুধি পৰিয়ালৰ সন্মুখতে হত্যা কৰা হৈছিল । এই বৰ্ষৰ কাণ্ডক মই গৰিহণা দিছো । আপোনজনক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি মই মোৰ সমবেদনা জ্ঞাপন কৰিছো ।"
সোমবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ ডাচিগাম ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ হাৰৱান অঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা অপাৰেশ্যন মহাদেৱত তিনিটা সন্ত্ৰাসবাদী নিহত হয় । ভাৰতীয় সেনাৰ চিনাৰ কৰ্পছে জনোৱা মতে, লিডৱাছৰ সাধাৰণ এলেকাত সংঘটিত হয় সন্ত্ৰাস বিৰোধী মহাদেৱ অভিযান ।
এই সন্দৰ্ভত সবিশেষ তথ্য় দাঙি ধৰি শ্বাহে কয় যে পহলগাম আক্ৰমণৰ এদিন পিছত ২৩ এপ্ৰিলত শ্ৰীনগৰত তেওঁৰ অধ্যক্ষতাত অনুষ্ঠিত হয় নিৰাপত্তা বৈঠকত ৷ এই বৈঠকত পহলগামত নিৰীহ লোকক আক্ৰমণ কৰা আক্ৰমণকাৰীয়ে যিকোনো কাৰণতে ভাৰত এৰি যাবব নোৱাৰিব বুলি সিদ্ধান্ত লোৱা হৈছিল ।
তেওঁ কয়, "অপাৰেশ্যন মহাদেৱ ২০২৫ চনৰ ২২ মে'ৰ পৰা আৰম্ভ হৈছে । এক প্ৰকাৰে আক্ৰমণ সংঘটিত হোৱাৰ দিনাৰ পৰাই আৰম্ভ হৈছিল এই অপাৰেশ্যন । শ্ৰীনগৰত আমাৰ এখন নিৰাপত্তাৰ সভা আছিল । দুপৰীয়া ১ বজাত সেই আক্ৰমণ সংঘটিত হৈছিল আৰু বিয়লি ৫.৩০ বজাত মই শ্ৰীনগৰত অৱতৰণ কৰিছিলো ।"
তেওঁ কয় যে ২২ মে’ত চোৰাংচোৱা বিভাগে ডাচিগামত লুকাই থকা সন্ত্ৰাসবাদীৰ তথ্য লাভ কৰিছিল । এই কথা নিশ্চিত কৰিবলৈ চোৰাংচোৱা বিভাগ আৰু সেনাই আমাৰ সংস্থাসমূহে প্ৰস্তুত কৰা আল্ট্ৰা ছিগনেল কেপচাৰিং যন্ত্ৰ ব্যৱহাৰ কৰি ২২ মে’ৰ পৰা ২২ জুলাইলৈকে এই তথ্য নিশ্চিত কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাইছিল।
গৃহমন্ত্ৰী শ্বাহে কয়, ‘‘আমাৰ বিষয়াসকলে শীতৰ মাজতো পাহাৰৰ ওখ অংশত খোজকাঢ়ি এই সংকেতসমূহ ধৰি ৰখাৰ লগতে সন্ত্ৰাসবাদীসকলক শূন্য কৰি ল’বলৈ বিচাৰিছিল । ২২ জুলাইত অৱশেষত নিৰাপত্তা বাহিনীয়ে নিশ্চিতকৰণ লাভ কৰাৰ পিছত সেনাবাহিনীৰ ৪ পেৰা, চি আৰ পি এফ আৰু জে এণ্ড কে আৰক্ষীৰ যৌথ দলে সন্ত্ৰাসবাদীকেইটাক নিধন কৰিবলৈ সক্ষম হয় ।’’
পূৰ্বে এই সন্ত্ৰাসবাদীক খাদ্য যোগান ধৰা লোকসকল ইতিমধ্যে NIAৰ জিম্মাত আছিল বুলিও বুলি উল্লেখ কৰি গৃহমন্ত্ৰীয়ে কয়, "এই সন্ত্ৰাসবাদীৰ মৃতদেহ শ্ৰীনগৰলৈ অনাৰ পিছত আমাৰ সংস্থাসমূহে আটক কৰি ৰখা লোকসকলে চিনাক্ত কৰিছিল । আমি অৱশ্যে খৰখেদা কৰা নাছিলো । অধিক পৰীক্ষণৰ বাবে আগবাঢ়িলো । চণ্ডীগড়ৰ চেণ্ট্ৰেল ফৰেনছিক চাইন্স লেব'ৰেটৰীত পহলগামৰ পৰা উদ্ধাৰ হোৱা কাৰ্টিজৰ এফ এছ এল ৰিপ'ৰ্ট আমি ইতিমধ্যে প্ৰস্তুত কৰিছিলো ।"
তেওঁ পুনৰ কয়, "পহলগাম আক্ৰমণৰ কিছু সময়ৰ পিছতে ভুক্তভোগী পৰিয়ালকেইটাক লগ পালো । মোৰ সন্মুখত থিয় হৈ থকা এগৰাকী মহিলাক দেখিলো ৷ বিয়াৰ মাত্ৰ ৬ দিনৰ পিছতে তেওঁ বিধৱা হৈ পৰিল ৷ সেই দৃশ্য মই কেতিয়াও পাহৰিব নোৱাৰো । মই আজি সকলো পৰিয়ালক ক'ব বিচাৰো যে মোদীয়ে সন্ত্ৰাসবাদীক নিষ্ক্ৰিয় কৰিলে আৰু আজি আমাৰ নিৰাপত্তা বাহিনীয়ে হত্যাকাণ্ড সংঘটিত কৰাসকলক হত্যা কৰিলে ।"

