পুনৰ আৰম্ভ কৰা হ’ব পাৰে অপাৰেশ্যন সেন্দূৰ: সংসদত ক'লে প্ৰতিৰক্ষা মন্ত্ৰীয়ে
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সন্ত্ৰাসবাদক সমৰ্থন কৰাসকলক স্পষ্ট বাৰ্তা দিলে যে ভাৰতে যিকোনো আগ্ৰাসনৰ বিৰুদ্ধে নিৰ্ণায়ক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব ।

Published : July 29, 2025 at 2:17 PM IST
নতুন দিল্লী: সন্ত্ৰাসবাদক শিপাৰ সৈতে উভালি পেলাবলৈ পুনৰ আৰম্ভ কৰা হ’ব পাৰে অপাৰেশ্যন সেন্দূৰ ৷ তাৰেই যেন ইংগিত দিলে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷
পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ঘাটিসমূহ সমূলি ধ্বংস কৰাৰ উদ্দেশ্যৰে ভাৰতে আৰম্ভ কৰা অপাৰেশ্যন সেন্দূৰ সাময়িকভাৱে স্থগিত ৰখা হৈছে ৷ অৱশ্যে ইয়াৰ মাজতে যদিহে ইছলামাবাদে সন্ত্ৰাসবাদমূলক কোনো কাৰ্য সংঘটিত কৰে, তেন্তে পুনৰ কাৰ্যকৰী কৰা হ’ব অপাৰেশ্যন সেন্দূৰ ৷ এই কথা মঙলবাৰে সংসদত জনাইছে ভাৰত চৰকাৰে ৷
চৰকাৰৰ তৰফৰ পৰা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে সন্ত্ৰাসবাদৰ ঘাইশিপাডাল যিমানে টান নহওক কিয়, প্ৰয়োজনত পুলিয়ে-পোখাই গুৰিৰ পৰা উঘালিবলৈ চৰকাৰ সাজু আছে ৷
সোমবাৰে লোকসভাত অপাৰেশ্যন সেন্দূৰক লৈ দীৰ্ঘসময়ৰ বাবে বিতৰ্কৰ সাক্ষী হৈ পৰে চৰকাৰ আৰু বিৰোধী উভয় দলৰ নেতাসকল ৷ সকলোৱে অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত নিজৰ মন্তব্য সদনত দাঙি ধৰে ৷ মঙলবাৰে মাজনিশা ১২.৫২ বজাত সমাপ্ত হোৱা এই বিতৰ্কৰ পিছত সদনৰ আজিৰ দিনটোৰ কাম-কাজ পুনৰ আৰম্ভ হ’ব । সংসদত চলি থকা বৰ্ষাকালীন অধিৱেশনৰ অংশ হিচাপে আজি ৰাজ্যসভাতো অপাৰেশ্যন সেন্দূৰৰ বিষয়ত আলোচনা হোৱাৰ কথা আছে ।
সোমবাৰে বিয়লি লোকসভাত বিতৰ্ক আৰম্ভ হোৱাৰ সময়তে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰায় এঘণ্টাজোৰা ভাষণৰ জৰিয়তে পাকিস্তানক কঠোৰ সকীয়নি প্ৰদান কৰে ৷ ভাৰতৰ ওপৰত কোনোধৰণৰ সন্ত্ৰাসবাদমূলক কাৰ্যকলাপ আৰম্ভ কৰিলে দেশখনে আগুৱাই যাবলৈ কুণ্ঠাবোধ নকৰে বুলিও তেওঁ ব্যক্ত কৰে ৷
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এই কথাত শাসকীয় দলৰ সংসদসকলে জোৰেৰে হাত চাপৰি বজোৱাৰ পিছতে সিঙে কয়, ‘‘সন্ত্ৰাসবাদক সমৰ্থন কৰাসকলৰ বাবে এয়া এক স্পষ্ট বাৰ্তা । যিকোনো আগ্ৰাসী কাৰ্যৰ প্ৰতি ভাৰতে নিৰ্ণায়ক সঁহাৰি দিব ।’’
২২ এপ্ৰিলত পহলগামত সংঘটিত হোৱা বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে ভাৰতৰ সামৰিক সঁহাৰি আছিল ৭ মে’ত আৰম্ভ হোৱা অপাৰেশ্যন সেন্দূৰ ৷ এই আক্ৰমণত বহুকেইগৰাকী পৰ্যটককে ধৰি ২৬ জন লোকে প্ৰাণ হেৰুৱাইছিল । ভাৰতীয় সেনা, বায়ু সেনা, চোৰাংচোৱা সংস্থাসমূহৰ যৌথ প্ৰচেষ্টাত দেশৰ সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদীৰ ঘাটিসমূহ ধ্বংস কৰাৰ লক্ষ্যৰে চলোৱা হৈছিল এই অভিযান ।
আধ্যাত্মিকতাৰ প্ৰসংগ উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰী সিঙে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নতুন ভাৰতে বিৰোধীসকলক তেওঁলোকে ভালদৰে বুজি পোৱা ভাষাতে উত্তৰ দিবলৈ শিকিছে ।
‘‘আমি ভগৱান কৃষ্ণৰ পৰা জানিব পাৰিছো যে সময় আহিলে ধৰ্ম ৰক্ষাৰ বাবে 'সুদৰ্শন চক্ৰ' তুলি ল’ব লাগিব । ২০০৬ চনৰ সংসদ ভৱনৰ আক্ৰমণ আৰু ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ পিছত আমি 'হ’ল বহুত হ’ল' বুলি কৈ সুদৰ্শন চক্ৰ হাতত তুলি লৈছিলো’’ বুলি মন্ত্ৰী সিঙে কয় ৷
পিছলৈ হোৱা যুদ্ধবিৰতি সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ লগতে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কথিত ৰূপত মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে, যিয়ে বিষয়টোক বাণিজ্যিক চুক্তিৰ সৈতে জড়িত কৰিছিল ।
অপাৰেশ্যন সেন্দূৰ বন্ধ হোৱাৰ সৈতে ব্যৱসায়ৰ কোনো সম্পৰ্ক নাছিল
জয়শংকৰে আমেৰিকাৰ সৈতে হোৱা কথা-বতৰাৰ কোনো পৰ্যায়তে অপাৰেশ্যন সেন্দূৰ বন্ধ কৰাৰ লগত বাণিজ্যৰ কোনো সম্পৰ্ক নাছিল বুলি দৃঢ়তাৰে কয় ৷ ২২ এপ্ৰিলৰ পৰা ১৭ জুনৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজত কোনো টেলিফোনিক বাৰ্তালাপ হোৱা নাছিল বুলিও তেওঁ কয় ।
‘‘মই দুটা কথা অতি স্পষ্টকৈ ক'ব বিচাৰো - আমেৰিকাৰ সৈতে হোৱা কথা-বতৰাৰ কোনো পৰ্যায়তে বাণিজ্য আৰু কি চলি আছিল, তাৰ কোনো সম্পৰ্ক নাছিল । দ্বিতীয়তে, ২২ এপ্ৰিলৰ পৰা প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজত কোনো টেলিফোনিক বাৰ্তালাপ হোৱা নাছিল ৷ যেতিয়া ১৭ জুনত ৰাষ্ট্ৰপতি ট্ৰাম্পে তেওঁৰ সহানুভূতি প্ৰকাশ কৰিবলৈ ফোন কৰিছিল, তেতিয়া কানাডাত থকা প্ৰধানমন্ত্ৰীয়ে তেওঁক কিয় লগ কৰিব নোৱাৰিলে সেই কথা বুজাই দিছিল’’ বুলি মন্ত্ৰী ৰাজনাথ সিঙে কয় ৷
সঁচাটো শুনিবলৈ দেশবাসীৰ সাহস আছে: চৰকাৰক কটাক্ষ বিৰোধীৰ
পহলগাম আক্ৰমণৰ বাবে নিৰাপত্তাৰ অভাৱ সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ সন্দৰ্ভত বিৰোধীয়ে চৰকাৰক আক্ৰমণ কৰি গৃহমন্ত্ৰী অমিত শ্বাহক ইয়াৰ দায়িত্ব ল'বলৈ হেঁচা প্ৰয়োগ কৰে ৷ ইয়াৰোপৰি অপাৰেশ্যন সেন্দূৰৰ সময়ত কিমান ভাৰতীয় বিমান নিক্ষেপ কৰা হৈছিল, সেই সন্দৰ্ভতো উত্তৰ বিচাৰিছিল ।
বিশেষকৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কয়, ‘‘ট্ৰাম্পে ২৬ বাৰ দাবী কৰিছে যে তেওঁ বাণিজ্যিক ভাবুকিৰ আলম লৈ ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতি আনিছে । আপোনালোকে কৈছে পাঁচৰ পৰা ছয়খন জেট বিমান ধ্বংস হৈছে । এখন জেটৰ দামেই কোটি কোটি টকা । গতিকে আমি প্ৰতিৰক্ষা মন্ত্ৰীৰ পৰা জানিব বিচাৰো, দেশবাসীৰ সত্য শুনাৰ সাহস আছে ৷ তেওঁ উত্তৰ দিব লাগে যে কিমান যুদ্ধ বিমান নিক্ষেপ কৰা হ’ল ।’’
২২ এপ্ৰিলত সংঘটিত বৰ্বৰ ঘটনাই ১০০ দিনৰো অধিক সময় অতিক্ৰম কৰিলে যদিও সেই আক্ৰমণ সংঘটিত কৰা পাঁচজন সন্ত্ৰাসবাদীক চৰকাৰে এতিয়াও ধৰিব পৰা নাই ৷ পাকিস্তানে আত্মসমৰ্পণ কৰাৰ পিছত অপাৰেশ্যন সেন্দূৰ বন্ধ কৰাৰ বাবে চৰকাৰক তীব্ৰ সমালোচনা কৰি গগৈয়ে চুবুৰীয়া দেশখনে অবৈধভাৱে দখল কৰা ভূখণ্ড কিহৰ বাবে পুনৰ উদ্ধাৰ নকৰিলে বুলিও প্ৰশ্ন কৰে ।
আজি প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহ আৰু ৰাহুল গান্ধীয়ে সংসদত ভাষণ দিব
মঙলবাৰে সংসদৰ মুখ্য বক্তাসকলৰ ভিতৰত গৃহমন্ত্ৰী শ্বাহ আৰু বিৰোধী দলৰ নেতা ৰাহুল গান্ধী উপস্থিত থকাৰ আশা কৰা হৈছে । যাৰ বাবে ১৬ ঘণ্টা সময় নিৰ্ধাৰণ কৰা হৈছে ৷ এই বিতৰ্কত প্ৰধানমন্ত্ৰী মোদী চূড়ান্ত বক্তা হিচাপে পৰিগণিত হোৱাৰ ইংগিত পোৱা গৈছে ।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে পাকিস্তানে বিমানবন্দৰ, সামৰিক প্ৰতিষ্ঠান আৰু সামৰিক ঘাটিক লক্ষ্য কৰি ল’বলৈ দীৰ্ঘ দূৰত্বৰ ৰকেটকে ধৰি ক্ষেপণাস্ত্ৰ, ড্ৰোণ, ৰকেট আদি ব্যৱহাৰ কৰিছিল ।
‘‘অৱশ্যে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰিলে’’ বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কৈছিল ৷ তাৰপিছতে বিৰোধী নেতা ৰাহুল গান্ধীয়ে অপাৰেশ্যন সেন্দূৰ কিয় বন্ধ কৰা হ’ল, তাক জানিব বিচাৰে । শাসকীয় দলৰ সংসদসকলক উদ্দেশ্যি গান্ধীয়ে সোধে- ‘‘আপোনালোক কিয় ৰৈ গ’ল ?’’
ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কথা কৈছে বুলি মন্তব্য কৰি বিৰোধী দলপতিৰ ভাষণ শুনা উচিত বুলিহে কয় । লগতে হিন্দু মহাকাব্য ৰামচৰিত মানসৰ এটা শাৰী ‘জিন মোহি মাৰে, তে মাই মাৰে’ ৰ উদ্ধৃতি দি সিঙে কয়, ‘‘আমি আমাৰ ক্ষতি কৰাসকলক লক্ষ্য কৰি লৈছিলো ।’’
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘যেনেকৈ লংকাত ভগৱান হনুমানে কৌশল ৰচনা কৰি কেৱল তেওঁৰ ওপৰত অন্যায় কৰাসকলকহে আঘাত কৰিছিল ।’’ আলোচনাৰ সময়ত সিঙে কবি গোস্বামী তুলসীদাসে ব্যৱহাৰ কৰা উপমা এটাৰ কথা উল্লেখ কৰি কয় যে প্ৰেম আৰু শত্ৰুতা সমানৰ মাজত হ’ব লাগে ।
‘‘প্ৰেম আৰু শত্ৰুতা সমান স্তৰৰ হ’ব লাগে । সিংহই যদি ভেকুলী হত্যা কৰে, তেন্তে ই ভাল বাৰ্তা প্ৰেৰণ নকৰে । আমাৰ সশস্ত্ৰ বাহিনী সিংহ’’ মন্ত্ৰীগৰাকীয়ে কয় ৷ তেওঁ লগতে কয় যে ভাৰতৰ ইতিহাস এখন আগ্ৰাসী ৰাষ্ট্ৰ হিচাপে জনা যায় আৰু ই কেতিয়াও কাৰো মাটিৰ এক ইঞ্চিও দখল কৰা নাই ৷ ভাৰতে জানে যে যুদ্ধ কেৱল তেওঁলোকৰ বিৰুদ্ধেহে চলাব লাগে, যিসকল আমাৰ সৈতে সমান স্তৰৰ ৷
সিঙে দৃঢ়তাৰে কয় যে ভাৰতে এতিয়া নিৰ্ণায়ক পদক্ষেপ লোৱাত বিশ্বাস কৰে কাৰণ শান্তিৰ প্ৰস্তাৱে আকাংক্ষিত ফলাফল লাভ কৰা নাই । ‘‘আজিৰ ভাৰতে বেলেগ ধৰণে চিন্তা কৰে আৰু বেলেগ ধৰণে কাম কৰে । আমি বিশ্বাস কৰোঁ যে যদি বিৰোধীয়ে সন্ত্ৰাসবাদক কৌশলৰ অংশ হিচাপে ব্যৱহাৰ কৰে আৰু শান্তিৰ ভাষা বুজি নাপায়, তেন্তে দৃঢ়তাৰে থিয় দি নিৰ্ণায়ক হোৱাটোৱেই একমাত্ৰ বিকল্প’’ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় ৷
১৯০ খন দেশৰ ভিতৰত মাত্ৰ ৩ খনেহে অপাৰেশ্যন সেন্দূৰৰ বিৰোধিতা কৰিছিল
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয়, ‘‘পহলগাম আক্ৰমণৰ পিছত ভাৰতৰ কূটনৈতিক প্ৰচেষ্টাৰ ফল হৈছে যে ৰাষ্ট্ৰসংঘৰ অংশস্বৰূপ ১৯০ খন ৰাষ্ট্ৰৰ ভিতৰত মাত্ৰ তিনিখনেহে অপাৰেশ্যন সেন্দূৰৰ বিৰোধিতা কৰিছিল । যিখন দেশত আক্ৰমণ কৰা হৈছে, সেইখন দেশৰ নিজকে ৰক্ষা কৰাৰ অধিকাৰ আছে বুলি অভূতপূৰ্ব সমৰ্থন আছিল ৷’’
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা সামৰিক পদক্ষেপে সন্ত্ৰাসবাদমূলক কাৰ্যৰ প্ৰতি দৃঢ় সঁহাৰি, পাৰমাণৱিক ভাবুকিৰ পিছতো শিৰণত নকৰা আৰু তেজ-পানী একেলগে বৈ যাব নোৱাৰা পাঁচদফীয়া পদ্ধতিৰে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত “নতুন স্বাভাৱিক” ৰূপ ধাৰণ কৰিছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় ।
লগতে পঢ়ক: ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তানৰ আক্ৰমণ সম্পূৰ্ণ বিফল কৰিছে : ৰাজনাথ সিং

