ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তানৰ আক্ৰমণ সম্পূৰ্ণ বিফল কৰিছে : ৰাজনাথ সিং
সংসদত অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত আলোচনাৰ পূৰ্বে ৰাজনাথ সিঙে ভাষণ প্ৰদান কৰে ।

By ANI
Published : July 28, 2025 at 4:23 PM IST
নতুন দিল্লী : লোকসভাত অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত বিতৰ্ক আৰম্ভ হৈছে । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেশ্যন সেন্দূৰ বিতৰ্কত ভাষণ প্ৰদান কৰিছে । ভাষণ প্ৰসংগত ৰাজনাথ সিঙে কয় যে ভাৰতে পাকিস্তানৰ যিকোনো আক্ৰমণ সফলভাৱে নিষ্ক্ৰিয় কৰিছে । আনহাতে ৭ মে'ত অপাৰেশ্যন সেন্দূৰ আৰম্ভ হোৱাৰ পিছত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ কোনো গুৰুত্বপূৰ্ণ সম্পত্তিৰ ক্ষতি হোৱা নাছিল । তেওঁ লগতে কয় যে পাকিস্তানৰ ৯ টা সন্ত্ৰাসবাদী ঘাটিত নিখুঁত আক্ৰমণ কৰা হৈছিল য'ত ১০০ৰো অধিক সন্ত্ৰাসবাদী, সেইসকলৰ প্ৰশিক্ষক আৰু হেণ্ডলাৰক লক্ষ্য কৰি লোৱা হৈছিল ।
লোকসভাত 'অপাৰেশ্যন সেন্দূৰ' সন্দৰ্ভত আলোচনাৰ আৰম্ভণি কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, "মই এই কথাত গৌৰৱ অনুভৱ কৰো যে আমাৰ প্ৰতিৰক্ষা ব্যৱস্থা, কাউণ্টাৰ ড্ৰোণ ব্যৱস্থা আৰু ইলেক্ট্ৰনিক সঁজুলিয়ে পাকিস্তানৰ আক্ৰমণ সম্পূৰ্ণৰূপে বিফল কৰি পেলালে । পাকিস্তানে কোনো এটা লক্ষ্যত আঘাত কৰিব নোৱাৰিলে আৰু কোনো গুৰুত্বপূৰ্ণ সম্পত্তিৰ ক্ষতি নহ'ল । আমাৰ নিৰাপত্তাৰ ব্যৱস্থা যথেষ্ট জোৰদাৰ আছিল । আমি প্ৰতিটো আক্ৰমণ বিফল কৰি দিলো । ইয়াৰ বাবে মই ভাৰতীয় সশস্ত্ৰ বাহিনী সাহসিকতাক প্ৰশংসা কৰিছো যিয়ে শত্ৰুৰ প্ৰতিটো পৰিকল্পনাত চেঁচা পানী পেলালে ।"
পাকিস্তানৰ শত্ৰুতা সম্পৰ্কে বিতংভাৱে উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ১০ মে'ত চুবুৰীয়া দেশখনে ইলেক্ট্ৰনিক যুদ্ধৰ জৰিয়তেও ভাৰতীয় বায়ুসেনাৰ ঘাটি আৰু সামৰিক প্ৰতিষ্ঠানক লক্ষ্য কৰি ল'বলৈ চেষ্টা কৰিছিল ।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয়, "২০২৫ চনৰ ৮ মে'ত পাকিস্তানী এয়াৰ ডিফেন্স চিষ্টেম আৰু চেন্সৰ নেটৱৰ্কক নিখুঁত গাইডেড মিছাইলেৰে লক্ষ্য কৰি লোৱা হৈছিল । আমি সম্পূৰ্ণৰূপে আত্মৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলো, ই প্ৰৰোচনামূলক নাছিল । পাকিস্তানৰ আক্ৰমণ ৭ মে'ৰ পৰা আৰম্ভ হৈছিল আৰু অব্যাহত আছিল আৰু ১০ মে'ৰ পুৱা ১:৩০ বজাৰ আশে পাশে পাকিস্তানে ড্ৰোণ, লং ৰেঞ্জ মিছাইল আৰু অন্যান্য অস্ত্ৰ ব্যৱহাৰ কৰিছিল । তেওঁলোকে ভাৰতীয় বায়ুসেনাৰ বিমান ঘাটি আৰু সামৰিক ঘাটিক লক্ষ্য কৰি ইলেক্ট্ৰনিক যুদ্ধ প্ৰযুক্তিও ব্যৱহাৰ কৰিছিল ।"
সংসদত উপস্থিত বিৰোধী নেতাসকলক সশস্ত্ৰ বাহিনীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আহ্বান জনাই তেওঁ লগতে কয়,"বিৰোধীও অন্ততঃ এতিয়া সশস্ত্ৰ বাহিনীক প্ৰশংসা কৰক ।" মন্ত্ৰীগৰাকীয়ে কয় যে পাকিস্তানৰ ছাকলালা, সৰগোধা, ৰফিকী, ৰহিম য়াৰ খান, জেকোবাবাদ আদিকে ধৰি একাধিক ঘাটি আৰু অঞ্চলক লক্ষ্য কৰি লোৱা হৈছিল ।
ৰাজনাথ সিঙে কয়, "ৱেষ্টাৰ্ণ ফ্ৰণ্টত থকা ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তানৰ বিমান ঘাটি, কমাণ্ড এণ্ড কণ্ট্ৰল চিষ্টেম, সামৰিক আন্তঃগাঁথনিক লক্ষ্য কৰি লৈছিল আৰু আমাৰ সশস্ত্ৰ বাহিনীয়ে এই অভিযান সফল কৰাৰ ক্ষেত্ৰত কাম কৰিছিল ।"
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে অপাৰেশ্যন সেন্দূৰ আৰম্ভ কৰাৰ পূৰ্বে সশস্ত্ৰ বাহিনীয়ে কৰা গভীৰ অধ্যয়নৰ বিষয়েও লোকসভাক অৱগত কৰে । তেওঁ কয় যে ভাৰতে সন্ত্ৰাসবাদীৰ সৰ্বাধিক ক্ষতি কৰিবলৈ যাওতে সাধাৰণ লোকৰ যাতে কোনো ক্ষতি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিছিল ।
উল্লেখ্য যে, সোমবাৰে লোকসভাত অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত ১৬ ঘণ্টীয়া আলোচনাৰ কথা আছিল যদিও হুলস্থূলৰ মাজতে তিনিবাৰকৈ লোকসভা স্থগিত ৰখা হয় ।

