অসম

assam

টাইপাৰ নামত ব্যৱসায়ীক ধন দাবী ; স্পষ্টীকৰণ দিলে টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে

By

Published : Nov 19, 2021, 9:15 PM IST

টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)ৰ কেন্দ্ৰীয় সমিতিয়ে চৰাইদেউ জিলা, ডিব্ৰুগড় জিলা আৰু মৰাণ মহকুমা সমিতিৰ সভাপতি, সম্পাদকৰ উপস্থিতিত মৰাণৰ পূৰ্ণিমা হোটেলত এখন সংবাদ মেল সম্বোধন কৰে ৷ টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)ৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দীপ দুৱৰাই সংবাদমেলত যোৱা ১৫ নৱেম্বৰত মৰাণত এজন ব্যৱসায়ীৰ পৰা টাইপা'ৰ নামত এটা ফৈদ খুলি এটা দলে দুই লাখ টকা দাবী কৰি লোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ উক্ত ঘটনাৰ লগত জড়িত অভিযুক্ত দলটোৰ সকলো সদস্যকে গ্ৰেপ্তাৰ কৰি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই টাইপাৰ কেন্দ্ৰীয় সম্পাদক গৰাকীয়ে । আনহাতে টাইপা'ৰ ৰুদ্ৰ সাগৰ বুঢ়াগোঁহাইৰ ফৈদক অবৈধ আখ্যা দিয়ে টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে ৷

ABOUT THE AUTHOR

...view details