অসম

assam

শ্বেৰমান আলিৰ কথালৈ ভয় নকৰে চৰকাৰে : ৰাজহ মন্ত্ৰী যোগেন মহন

By

Published : Feb 6, 2022, 10:34 PM IST

"শ্বেৰমান আলীৰ কথাক লৈ চৰকাৰে ভয় নকৰে ৷" পুনৰ বিতৰ্কত বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ । এইবাৰ সত্ৰৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ লগতে প্ৰশাসনে উচ্ছেদৰ বাবে পোতা খুঁটি নিজেই উভালি বিতৰ্কৰ সূচনা কৰিছে বিতৰ্কিত বিধায়কগৰাকীয়ে । দেওবাৰে শ্বেৰমান আলীৰ বাঘবৰৰ কোনো স্থানতে উচ্ছেদ চলাব নোৱাৰিব বুলি কৰা উচতনিমূলক বক্তব্য (MLA Sherman Ali's Barpeta satra contoversy) ৰ বিৰুদ্ধে সৰৱ হৈ উঠে ৰাজহ মন্ত্ৰী যোগেন মহন ৷ "সত্ৰ ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰিবই, শ্বেৰমান আলীৰ কথাত ভয় নকৰে চৰকাৰে । ভূমিহীন লোকক সংস্থাপন কৰিব চৰকাৰে, কোনো সত্ৰতে বেদখল নচলিব" এইদৰে মন্ত্ৰী যোগেন মহনে শ্বেৰমান আলীক সমালোচনা কৰে ৷ ইতিমধ্যে মন্দিয়াৰ মহাপুৰুষীয়া সত্ৰৰ উচ্ছেদস্থলীত উপস্থিত হৈ এইদৰে শ্বেৰমান আলীয়ে ভাবুকি প্ৰদান কৰাৰ লগতে উচতনিমূলক বক্তব্য প্ৰদান কৰাৰ বিৰুদ্ধে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Sherman Ali's controversial remarks on Barpeta satra )।

ABOUT THE AUTHOR

...view details