অসম

assam

Har Ghar Dastak Campaign: বজালীত ঘৰে ঘৰে গৈ ক’ভিড ভেকচিন প্ৰদান

By

Published : Nov 30, 2021, 9:37 PM IST

অতিমাৰী ক’ভিডৰ নতুন প্ৰকাৰ Omicron variant of Covid-19 য়ে সমগ্ৰ বিশ্বতে পুনৰ এবাৰ মানৱ সমাজক চিন্তিত কৰি তোলাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশত দেশৰ প্ৰতিটো সমষ্টিৰ বিধায়ক, মন্ত্ৰী, সাংসদসকলক হৰ ঘৰ দস্তক, ঘৰ ঘৰ ভেকচিনৰ বানীৰে এশ শতাংশ ভেকচিন সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে (Har Ghar Dastak campaign in Barpeta)৷ এই উদ্দেশ্যে এশ শতাংশ ভেকচিন প্ৰদানৰ বাবে সাজু হৈ পৰিছে বজালী জিলা প্ৰশাসন(Bajali district administration)। জিলাখনত এতিয়ালৈকে ভেকচিন নোলোৱাকৈ থকা প্ৰায় তিনি হেজাৰ ব্যক্তিক আগন্তুক 4-5 দিনৰ ভিতৰতে ভেকচিন প্ৰদান কৰি জিলাখনক এশ শতাংশ টীকাকৰণৰ জিলাৰ ভিতৰত ৰাখিব বুলি ব্যক্ত কৰে উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে । আনহাতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও জিলাখনত ভেকচিন নোলোৱা সমূহ ব্যক্তিক ভেকচিন প্ৰদান কৰিবলৈ পাটাছাৰকুছি সমষ্টিৰ বুথে বুথে গৈ এই অভিযানত অংশগ্ৰহণ কৰে । ইতিমধ্যে সমষ্টিটোৰ ৯৬ নং বুথত ৯ গৰাকী ব্যক্তিক ভেকচিত প্ৰদান কৰি এশ শতাংশ সম্পূৰ্ণ কৰা বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details