অসম

assam

Sherman Ali controversial remarks: শ্বেৰমান আলীৰ বিৰুদ্ধে বৰপেটা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ এজাহাৰ

By

Published : Feb 3, 2022, 10:12 PM IST

বিৰ্কতত বাঘবৰৰ বিধায়ক শ্বেৰমান আলী ৷ বৰপেটা সত্ৰ আৰু সত্ৰীয়া ভাৱনাক আঘাত কৰি সত্ৰৰ ভূমি উচ্ছেদৰ বিৰুদ্ধে তালিবানী ভাষাৰে চৰম প্ৰতিশোধ লোৱাৰ যি ভাবুকি প্ৰদান কৰিছে( Sherman Ali controversial remarks) তাৰ প্ৰতিবাদ কৰিছে বৰপেটা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাই ৷ বৃহস্পতিবাৰে বৰপেটা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি ধনী আলীয়ে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত এখন এজাহাৰ দাখিল কৰে (BJP Minority Morcha lodge an FIR against Sherman Ali controversial remarks ) ৷ বিধায়কজনৰ এনে অশোভনীয় মন্তব্যৰ বাবে আমাৰ মাজত থকা সম্প্ৰীতি আৰু ভাতৃত্ববোধ নষ্ট কৰিব বিচৰা বুলিও বিজেপি সংখ্যালঘু মৰ্চাই অভিহিত কৰে ৷ এইক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰো আহ্বান জনায় বৰপেটা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি ধনী আলীয়ে ৷

ABOUT THE AUTHOR

...view details