অসম

assam

Protest against ONGC: নাজিৰাত ONGCৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ উত্তাল প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 5:55 PM IST

নাজিৰাত ONGCৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ উত্তাল প্ৰতিবাদ

আমগুৰি, ১৯ ছেপ্টেম্বৰ:শিৱসাগৰ জিলাৰ নাজিৰাত মঙলবাৰে অ' এন জি চি ৰ বিৰুদ্ধে বীৰ লাচিত সেনাই প্ৰতিবাদ সাব্যস্ত কৰে । নাজিৰা অ' এন জি চি গেটৰ সন্মুখত সংগঠনটোৰ শতাধিক কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অ‘ এন জি চিৰ বহু বিতৰ্কিত লঘু যান-বাহনৰ নিবিদা প্ৰক্ৰিয়া বাতিল কৰাৰ পাচতেই এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।

অ' এন জি চি অসম সম্পদে লোৱা থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰা বুলি বীৰ লাচিত সেনাই স্পষ্ট কৰি ৬টাকৈ দাবী উত্থাপন কৰে । অনতিপলমে অ' এন জি চি কৰ্তৃপক্ষই এই দাবী মানি নল’লে অনাগত দিনত শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত থকা অ' এন জি চিৰ ৰিগ সমূহৰ খনন কাৰ্য বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷

প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, ৰামেশ্বৰ তেলী মুৰ্দাবাদ ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে । ইফালে এই প্ৰতিবাদ বন্ধ কৰিবলৈ অহা নাজিৰা আৰক্ষীৰ লগতো বাক-বিতণ্ডাত লিপ্ত হয় সংগঠনটোৰ সদস্য ।

লগতে পঢ়ক :Protest in Sonari:টাইপাৰ জনজাতি মৰ্যাদা প্ৰদানৰ দাবীত উত্তাল সোণাৰি

ABOUT THE AUTHOR

...view details