অসম

assam

Tributes paid to Nipon Goswami: হোজাইত অভিনেতা নিপন গোস্বামীলৈ শ্ৰদ্ধাঞ্জলি

By

Published : Oct 28, 2022, 9:09 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

শুকুৰবাৰে পঞ্চভূতত বিলীন হ’ল বিশিষ্ট অভিনেতা নিপন গোস্বামী (Veteran Actor Nipon Goswami dies) ৷ নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় অভিনেতাজনৰ ৷ অভিনেতাগৰাকীৰ মৃত্যুত এতিয়া ৰাজ্যজুৰি শোকৰ বন্যা বৈছে (Funeral of Veteran Nipon Goswami) । লংকা সাংবাদিক সন্থাৰ উদ্যোগত আজি সন্ধিয়া বিশিষ্ট অভিনেতাগৰাকীক(Veteran Assamese actor Nipon Goswami) শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । সাংবাদিক সন্থাৰ কাৰ্যালয়ত বিশিষ্ট অভিনেতাগৰাকীৰ প্ৰতিচ্ছবিত ধূপ ও বন্তি প্ৰজ্বলন কৰা লগতে মাল্যাৰ্পণ কৰা হয় ৷ তেওঁৰ আত্মাৰ সদগতি কামনা কৰি ১মিনিট মৌন প্ৰাৰ্থনাও কৰা হয় । শ্ৰদ্ধাঞ্জলি অনুষ্ঠাত উপস্থিত থাকে হোজাই জিলা উকিল সন্থাৰ প্ৰাক্তন সভাপতি ভৰত তামুলী ফুকন, বিজেপি লংকা টাউন মণ্ডলৰ সভাপতি পাপু দে, সাংবাদিক সন্থাৰ সভাপতি মুকুল গোস্বামীকে প্ৰমুখ্য কৰি সাংবাদিক সন্থাৰ সমূহ সদস্যবৃন্দ আৰু লংকা বিশিষ্ট লোকসকল ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details