অসম

assam

Majuli Music Festival 2022: ৰাসৰ সমান্তৰালকৈ মাজুলীত চলিছে সংগীত মহোৎসৱৰো ব্যাপক প্ৰস্তুতি

By

Published : Nov 2, 2022, 12:47 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

সত্ৰনগৰী মাজুলীত এতিয়া পুৰ্ণোদ্যমে চলিছে শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলাৰ প্ৰস্তুতি (Majuli Raas Mahotsav)। দুপৰ নিশালৈকে চলিছে ৰাসৰ আখৰা । কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে মাজুলীৰ আকাশ-বতাহ । ৰাসৰ সমান্তৰালকৈ মাজুলীত চলিছে আন এক উৎসৱৰ প্ৰস্তুতি । খেৰকতীয় নদীৰ পাৰৰ জেংৰাই চাপৰি অঞ্চলত প্ৰস্তুতি চলিছে তৃতীয় মাজুলী সংগীত মহোৎসৱৰ(Majuli Music Festival 2022) । প্ৰায় এমাহে মাজুলী সংগীত মহোৎসৱৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে । মাজুলীৰ খেৰকতীয় নদীৰ পাৰত অনুষ্ঠিত হ’বলগীয়া এই সংগীত মহোৎসৱত লহৰ তুলিবলৈ আহিব বলিউডৰ খ্যাতনামা সংগীত শিল্পী লাকী আলি (Lucky Ali to perform in Majuli)। অহা ২৫, ২৬, ২৭ নৱেম্বৰত অনুষ্ঠিত হ’ব এই সংগীত মহোৎসৱ । সংগীত শিল্পী নিলোৎপল বৰা, জয় বৰুৱা, বিশ্ৰুত শইকীয়াৰ উপৰিও অসমৰ লগতে ভাৰতৰ বিভিন্ন মিউজিক ব্ৰেণ্ডে অংশগ্ৰহণ কৰিব এই মহোৎসৱত । ইয়াৰ উপৰিও দিনৰ ভাগত মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ(Sattriya culture) লগতে মাজুলীৰ বিভিন্ন সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব । এই তিনিদিনীয়া কাৰ্যসূচীত প্ৰায় 50 হাজাৰোধিক লোকৰ আগমণ হ’ব বুলি আশাবাদী আয়োজকমণ্ডলী ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details