অসম

assam

Nalbari Raas mahotsav 2022: শুভাৰম্ভ হ'ল নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী ৰাস মহোৎসৱৰ

By

Published : Nov 8, 2022, 8:55 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

উত্তৰ-পূৰ্বাঞ্চল প্ৰসিদ্ধ প্ৰভু শ্ৰীকৃষ্ণৰ আৰাধনাৰ থলী নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰৰ(Hari Mandir Nalbari) উদ্যোগত উদযাপিত নলবাৰী ৰাস মহোৎসৱৰ শুভ উদ্বোধন কৰা হ'ল সোমবাৰে (Nalbari Raas mahotsav 2022)। সোমবাৰে নলবৰীয়াৰ স্বাভিমানৰ প্ৰতীক নলবাৰী ৰাস মহোৎসৱৰ শুভ উদ্বোধন কৰে নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ গোস্বামীয়ে । ৰাস মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি জয়ন্তমল্ল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই শুভ উদ্বোধনী অনুষ্ঠানত অতিথি হিচাবে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা(Pijush Hazarika at Nalbari raas), চন্দ্ৰমোহন পাটোৱাৰী, বি টি আৰৰ অধ্যক্ষ প্ৰমোদ বড়োৰ লগতে সাংসদ কুইন ওজা । উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে নলবাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বাহিৰ কৰা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা । ভিন্ন লোক-সংস্কৃতিৰ প্ৰতিফলন ঘটোৱা এই বিশাল শোভাযাত্ৰা উদ্বোধন কৰে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ নাথে । উল্লেখ্য যে সোমবাৰৰ পৰা অহা ১৯ নৱেম্বৰলৈকে বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হ'ব হৰিমন্দিৰৰ ৰাস মহোৎসৱ ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details