অসম

assam

Mobile Medical Bus Camp : গুৱাহাটীত আৰম্ভ হ’ল ভ্ৰাম্যমাণ চিকিৎসা বাছ সেৱা

By

Published : Feb 10, 2023, 7:26 AM IST

Updated : Feb 14, 2023, 11:34 AM IST

গুৱাহাটীত ভ্ৰাম্যমাণ চিকিৎসা বাছ সেৱা

গুৱাহাটী, 10 ফেব্ৰুৱাৰী : গুৱাহাটী পৌৰ নিগমৰ (Guwahati municipal corporation) সহযোগত সৰ্বভাৰতীয় স্বেচ্ছাসেৱী অনুষ্ঠান ৰাউণ্ড টেবুল ইণ্ডিয়া (আৰটিআই), লেডিজ চাৰ্কল ইণ্ডিয়া (এলচি) আৰু অসম টেক্সটাইল মাৰ্চেণ্ট এছ'চিয়েশ্যনে (এটিএমএ) যুটীয়াভাৱে মহানগৰীত মুকলি কৰিছে স্বাস্থ্য সেৱা শিবিৰ ৷ মহানগৰীৰ সাতগাঁও আমগাঁৱত তিনিওটা অনুষ্ঠানৰ সহযোগত 9 ফেব্ৰুৱাৰীৰ দিনা মুকলি কৰা হয় এদিনীয়া ভ্ৰাম্যমাণ চিকিৎসা বাছ সেৱা শিবিৰ (Mobile Medical Bus Service Camp in Guwahati)। বৃহস্পতিবাৰে আয়োজন কৰা হয় এই উদ্ধোধনী অনুষ্ঠানৰ ৷ 

অনুষ্ঠানটোত গুৱাহাটী পৌৰ নিগমৰ 59 নং ৱাৰ্ডৰ কাউন্সিলাৰ অসীম শইকীয়া উপস্থিত থাকে ৷ ফিটা কাটি চিকিৎসা বাছ সেৱা শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে কাউন্সিলাৰগৰাকীয়ে । বৃহস্পতিবাৰৰে পৰা 4 দিন পৰ্যন্ত গুৱাহাটীৰ ভিন্ন প্ৰান্তত এই ভ্ৰাম্যমাণ চিকিৎসা বাছ সেৱা চলিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷ 

মহানগৰীত নতুনকৈ আৰম্ভ হোৱা এই ভ্ৰাম্যমাণ চিকিৎসা বাছ সেৱাত ৰোগীৰ বাবে উপলব্ধ হ’ব চকু-কাণ-দাঁতৰ পৰীক্ষা ৷ লগতে, বিভিন্ন ৰোগৰ পৰীক্ষাগাৰৰ ব্যৱস্থাও উদ্যোক্তসকলে কৰিছে বুলি জানিবলৈ পৰা গৈছে ৷ তদুপৰি, আৰ্থিকভাৱে টনকিয়াল লোকসকলৰ বাবেও সাধাৰণ অ'পিডি, ইচিজি আৰু এক্স-ৰে আদিৰ বিশেষ সুবিধা প্ৰদান কৰা হৈছে ।

চিকিৎসা শিবিৰটো আৰম্ভণি অনুষ্ঠানৰ দিনা অনুষ্ঠানস্থলীত উপস্থিত থকা প্ৰায় দুই শতাধিক ৰোগীক স্বাস্থ্য পৰীক্ষা কাৰোৱাৰ লগতে বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰা হয় বুলি আয়োজকসকলে জানিবলৈ দিয়ে ৷ মুকলি অনুষ্ঠানত অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া প্ৰশান্ত বৰকাকতি (Oil India limited), লঘু উদ্যোগ ভাৰতীৰ প্ৰাক্তন সভাপতি মনোজ লুণ্ডিয়া, অসম টেক্সটাইল মাৰ্চেণ্ট এছ'চিয়েচন,সভাপতি শুভকৰণ মালু, ৰাউণ্ড টেবল ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় উপ-সভাপতি ৰবীন আগৰৱালা, লেডিজ চাৰ্কল ইণ্ডিয়াৰ ক্ষেত্ৰীয় অধ্যক্ষ বন্দনা আগৰৱালা, অংকিত জৈন, অনিৰ্বাণ গুপ্তা, ৰেবিকা আগৰৱালা আদিকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে । 

উল্লেখ্য যে, বিশিষ্ট সমাজকৰ্মী তথা উদ্যোগী ৰমেশ গোৱেলৰ নেতৃত্বত লোটাছ টিএমটি বাৰ ভ্ৰাম্যমাণ চিকিৎসা সেৱা পশ্চিমবংগৰ পৰা আৰম্ভ হৈছিল আৰু এই সেৱা বৰ্তমান বৃহস্পতিবাৰৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত আৰম্ভ হৈছে ।

লগতে পঢ়ক :Guwahati HC order to Akhil Gogoi: 23 ফেব্ৰুৱাৰীত NIA ৰ আদালত হাজিৰ হ’ব লাগিব অখিল গগৈ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

...view details