অসম

assam

ডিক্ৰং নদীত উদ্ধাৰ মৃত দুষ্প্ৰাপ্য শিহুৰ

By

Published : Sep 25, 2022, 5:30 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

বিহপুৰীয়া খণ্ড বন বিভাগৰ অন্তৰ্গত দংগীবিল তেতেলিগুৰিৰ ডিক্ৰং নদীত উদ্ধাৰ হয় এটা বৃহৎ আকাৰৰ শিহু(River dolphin recovered in Bihpuriya) । নদীখনত প্ৰায় এক কুইণ্টল ওজনৰ এটি আঘাতপ্ৰাপ্ত শিহু ওপঙি থকা স্থানীয় কেইজনমান লোকে প্ৰত্যক্ষ কৰে । লগে লগে স্থানীয় লোক আৰু গাঁওৰক্ষী বাহিনীয়ে আৰক্ষী আৰু বন বিভাগৰ লোকক খবৰ দিয়াত বিহপুৰীয়া আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ স্থানীয় ৰাইজৰ আৰু গাঁওৰক্ষী বাহিনীৰ সদস্যৰ সহযোগত শিহুটো নদীৰ পৰা উদ্ধাৰ কৰে । প্ৰায় ৮ ফুট দৈৰ্ঘ্যৰ আৰু প্ৰায় এক কুইন্টল ওজনৰ শিহুটোৰ পেটত আৰু মুখত চোকা অস্ত্ৰেৰে ঘপিওৱা চিন স্পষ্ট (Injured River dolphin recovered in Bihpuriya)৷কোনো অসৎ প্ৰবৃত্তিৰ লোকে শিহুটো মাৰিবলৈ চেষ্টা চলাইছিল বুলি সন্দেহ ব্যক্ত কৰিছে প্ৰত্যক্ষদৰ্শীয়ে৷ সম্প্ৰতি বিহপুৰীয়াৰ খণ্ড বন বিভাগে শিহুটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহপুৰীয়াৰ পশু চিকিৎসালয়লৈ লৈ অনা হয়(River dolphin taken to the Bihpuria Veterinary Hospital for postmortem) ৷
Last Updated :Feb 3, 2023, 8:28 PM IST

TAGGED:

ABOUT THE AUTHOR

...view details