অসম

assam

Tourists gather in Majuli: মাজুলীয়ালৰ আতিথ্যত মন্ত্ৰমুগ্ধ বিদেশী পৰ্যটক

By

Published : Dec 10, 2022, 9:36 AM IST

Updated : Feb 3, 2023, 8:35 PM IST

()
উখল-মাখল মাজুলী ৷ মাজুলীৰ মনোমোহা পৰিৱেশে হাত বাউল দি মাতে দেশী-বিদেশী পৰ্যটকক । মাজুলীৰ কলা-সংস্কৃতি, মাজুলীয়ালৰ আচাৰ-ব্যৱহাৰ, মাজুলীৰ প্ৰদূষণ মুক্ত পৰিৱেশে আকৰ্ষিত কৰে সকলোকে । বিভিন্ন সময়ত মাজুলীলৈ আহে বহু দেশী-বিদেশী পৰ্যটক ৷ এইবাৰ মাজুলীৰ সৌন্দৰ্য পান কৰিবলৈ পৃথিৱীৰ বৃহত্তম নদীদ্বীপটোলৈ আহিছে আমেৰিকা, ইংলেণ্ড, ইজৰাইলৰ বহু পৰ্যটক (Foreign Tourists gather in Majuli)। উপভোগ কৰিছে মাজুলীৰ ঐতিহ্য বহন কৰা মুখাশিল্প, মুখাভাওনা ইত্যাদি । মাজুলীৰ ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰত গায়ন-বায়নৰ নৃত্য উপভোগ কৰাৰ লগতে মাজুলী চামগুৰি সত্ৰৰ সংগীত কলা কেন্দ্ৰত মুখা ভাওনা উপভোগ কৰিলে আমেৰিকা আৰু ইজৰাইল পৰ্যটকে (Majestic River Island Majuli)। মাজুলীৰ কলা সংস্কৃতি দেখি অভিভূত হৈ পৰে এই বিদেশী পৰ্যটকসকল ।
Last Updated :Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

...view details