অসম

assam

Drugs Paddler Arrested: ধুবৰীত গ্ৰেপ্তাৰ তিনি ড্ৰাগছ মাফিয়া

By

Published : Jul 14, 2022, 8:16 AM IST

Updated : Feb 3, 2023, 8:24 PM IST

ৰাজ্যত অব্যাহত আছে নৱপ্ৰজন্মক কৰাল গ্ৰাসত পেলোৱা নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ শেহতীয়াকৈ ধুবুৰী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হ’ল ড্ৰাগছ সহ তিনিজন ড্ৰাগছ মাফিয়া (Three drug Paddler arrested with drugs in Dhubri)। ধুবুৰী থানাৰ অন্তৰ্গত শৌলমাৰী আৰক্ষী নিৰীক্ষণ চকী এলেকাৰ দেৱত্তৰ হাসদহ দ্বিতীয় খণ্ড গাঁও আৰু ধুবুৰী এ এম কো ৰোড বজাৰ আৰক্ষী চকী এলেকাৰ আই জি ৰোডত আৰক্ষীয়ে পৃথকে পৃথকে অভিযান চলায় ৷ এই অভিযানত তিনিজন ড্ৰাগছ মাফিয়াৰ পৰা বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় (Large quantities of drugs seized in Dhubri)। ধৃত ড্ৰাগছ মাফিয়া কেইজন ক্ৰমে, দেৱত্তৰ হাসদহ দ্বিতীয় খণ্ডৰ হামিদুৰ ৰহমান, আই জি ৰোডৰ দুই ভাতৃ ৰাজু আৰু ৰাকেশ ৷ ইতিমধ্যে ধুবুৰী সদৰ আৰক্ষী থানাত এক গোচৰ পঞ্জীয়ন কৰি ধুবুৰী আদালতত হাজিৰ কৰোৱা হয় ধৃত ড্ৰাগছ মাফিয়া তিনিজনক ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

...view details